৩১ মেত বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰে প্রধানমন্ত্রী মোদীৰ দেশজোৰা ভাৰ্চুৱেল মত-বিনিময়

বিভিন্ন মাধ্যমত"গৰীব কল্যাণ সন্মিলন" উপলব্ধ হ'ব

0 48

উত্তৰ লখিমপুৰ ৩০ মে’ : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত দেশত “আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা হৈছে। “আজাদী কা অমৃত মহোৎসৱ” ৰ সৈতে সংগতি ৰাখি প্রধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ৯ টা বিভাগৰ দ্বাৰা ৰূপায়িত প্ৰায় ১৬ খন আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। প্রধানমন্ত্ৰীয়ে মত বিনিময় কৰিবলগীয়া এই আঁচনিসমূহৰ এখন তালিকা সংলগ্ন কৰি দিয়া হৈছে। বহুতো আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা কোটিৰ ঘৰত থকাৰ বিপৰীতে আন একাংশ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে কেইবা কোটিও।

উক্ত আঁচনিসমূহে আর্থিকভাৱে দুৰ্বল আৰু দৰিদ্ৰ জনসাধাৰণক সাঙুৰি লয়। সেয়েহে, প্রধানমন্ত্রীৰ  এই অনুষ্ঠানটোৰ নাম দিয়া হৈছে “গৰীব কল্যাণ সন্মিলন”। এই মত বিনিময়ৰ মুখ্য উদ্দেশ্য কেৱল মাত্র এই আঁচনি সমূহে নাগৰিকসকলৰ জীৱন ধাৰণ কেনেদৰে সহজ কৰি তুলিছে সেয়া উপলব্ধি কৰাই নহয়,  প্রধানমন্ত্ৰীয়ে হিতাধিকাৰী সকলৰ সৈতে কৰা মত বিনিময়ৰ জৰিয়তে ইয়াৰ একত্ৰীকৰণ আৰু সংপৃক্ততাৰ সম্ভাৱনাও অন্বেষণ কৰিব আৰু এই অনুষ্ঠানে ভাৰতৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ আকাংক্ষা মূল্যায়ণ কৰাৰো সুযোগ প্রদান কৰিব।

এই সন্মিলনখনেই হ’ব সকলো জিলাকে সামৰি দেশজোৰা মত-বিনিময়ৰ সৰ্ববৃহৎ একক অনুষ্ঠান। অহা ৩১ মে, ২০২২ তাৰিখে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৱাস গৃহ নির্মাণ, খোৱাপানীৰ যোগান, খাদ্য, স্বাস্থ্য আৰু পুষ্টিৰ লগতে জীৱিকা তথা বিত্তীয় অন্তর্ভুক্তি ৰূপায়িত বিস্তৃত আঁচনি সমূহে হিতাধিকাৰী সকলৰ জীৱনত কি প্ৰভাৱ পেলাইছে সেই বিষয়ে মত বিনিময় কৰিব। এই আঁচনিসমূহ হৈছে প্রধানমন্ত্রী আৱাস যোজনা (গ্ৰামীণ আৰু চহৰাঞ্চল), প্রধানমন্ত্রী কিষাণ সন্মান নিধি, প্রধানমন্ত্রী উজ্জ্বলা আঁচনি, প্রধানমন্ত্রী মাত্ৰু বন্দনা যোজনা, স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ আৰু চহৰাঞ্চল), জল জীৱন মিছন আৰু অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্রেন্সফর্মেচন (AMRUT), প্রধানমন্ত্রী স্বনিধি আঁচনি, এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড, প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, আয়ুষ্মান ভাৰত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, প্রধানমন্ত্রী মুদ্রা যোজনা

লখিমপুৰ জিলাই এই গৰিমাময় অনুষ্ঠানৰ অংশ হিচাপে অংশগ্ৰহণ কৰিবলৈ পাই গৌৰাবান্বিত আৰু পুৱা ৯.৩০ বজাৰ পৰা লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া কাৰ্যসূচীৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে তেজপুৰৰ সাংসদ পল্লব লোচন দাসে অংশগ্ৰহণ কৰিব। বিশিষ্ট অতিথি হিচাপে লখিমপুৰৰ বিধায়ক মানৱ ডেকা, বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা, নাওবৈছাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ আৰু ঢকুৱাখনাৰ বিধায়ক নব কুমাৰ দলে উপস্থিত থাকিব।

জিলা পর্যায়ত এই অনুষ্ঠানটো পুৱা ১১ বজাৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হব, যেতিয়া  প্রধানমন্ত্ৰীয়ে চিমলাৰ পৰা দেশৰ হিতাধিকাৰীসকলৰ সৈতে ভার্চুৱেলী মত বিনিময় কৰিব।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মিলনখনি ‘৩১ মে, ২০২২ তাৰিখে অনুষ্ঠিত হ’ব য’ত প্রধানমন্ত্ৰীয়ে সমগ্ৰ দেশজুৰি বিয়পি থকা হিতাধিকাৰীসকলৰ সৈতে কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰিব। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানত কিষাণ সন্মান নিধিৰ একাদশ সংখ্যক কিস্তি মুকলি কৰিব।

প্রধানমন্ত্ৰীৰ এই সন্মিলনখনি দূৰদৰ্শনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চেনেলসমূহত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। আনহাতে, MyGov ৰ জৰিয়তে অনুষ্ঠানটিৰ ৱেবকাষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে যাৰ বাবে জনসাধাৰণে ইয়াত পঞ্জীয়ন কৰিব লাগিব। বিভিন্ন সামাজিক মাধ্যম যেনে- ইউটিউব, ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে এই অনুষ্ঠানটি উপভোগ কৰিব পাৰিব।

মত বিনিময় অনুষ্ঠানে কেৱল নাগৰিক সকলৰ জীৱন-ধাৰণ সুচল কৰি তোলা আঁচনিসমূহৰ প্ৰতি জনকেন্দ্রিক দৃষ্টিভংগীকে আলোকপাত নকৰে, জনসাধাৰণৰ আকাংক্ষাৰ বিষয়ে চৰকাৰকো প্ৰবুদ্ধ কৰাৰ লগতে দেশৰ এই প্ৰগতিৰ যাত্ৰাত যাতে কোনেও বাদ পৰি নাযায় সেয়াও নিশ্চিত কৰা হৈছে বুলি লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More