চীন, আৰ্জেন্টিনা, অষ্ট্ৰেলিয়াক চেৰ পেলাই মেঘালয়ে উজলালে ডিজিটেল মাধ্যমৰ সদ্ব্যৱহাৰ

জেনেভাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ললে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ

0 96

শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : উত্তৰ পূবৰ এখন ৰাজ্য মেঘালয়ে ডিজিটেল মাধ্যমৰ সদ্ব্যৱহাৰ কৰি চৰকাৰী কামকাজ সমূহত অনা বৈপ্লৱিক পৰিৱৰ্তনে বিশ্বজোৰা স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰসংঘৰ World Summit on the Information Society Forum, 2022 এ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত আয়োজন কৰা এখন প্ৰতিযোগিতাত ভাৰতৰ হৈ মেঘালয়ে এটা শিতানত সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছে। কালি জেনেভাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আই টি ইউৰ সচিব প্ৰধান হাউলিন ঝাওৰ পৰা এই বঁটা গ্ৰহণ কৰে। মেঘালয় চৰকাৰৰ Megh Enterprise Architecture(MeghEA) নামৰ প্ৰকল্পটোৱে “The role of governments in the promotion of ICTs for development” শীৰ্ষক শিতানত প্ৰতিদ্বন্দিতা কৰিছিল। বিভিন্ন দেশৰ পৰা অহা ৩৬০ টা প্ৰকল্পৰ ভিতৰত মেঘালয় তথা ভাৰতৰ প্ৰকল্পটোৰ লগতে অষ্ট্ৰেলিয়া, চীন, আৰ্জেন্টিনা আৰু টাঞ্জানিয়াৰ প্ৰকল্পকেইটাই এই শিতানত শ্ৰেষ্ঠতাৰ বাবে বিচাৰকমণ্ডলীয়ে মনোনীত কৰিছিল। আৰু অৱশেষত ভাৰতৰ হৈ মেঘালয়ৰ প্ৰকল্পটোৱে শ্ৰেষ্ঠতম প্ৰকল্প হিচাপে বিবেচিত হ’ল।
উল্লেখযোগ্য যে, মেঘালয় ৰাজ্য চৰকাৰৰ পৰিকল্পনা বিভাগে প্ৰৱৰ্তন কৰা এই ডিজিটেল পদ্ধতিৰ দ্বাৰা চৰকাৰী বিভিন্ন দপ্তৰ সমূহৰ মাজত খৰতকীয়া সিদ্ধান্ত গ্ৰহণ, নাগৰিকৰ বিভিন্ন চৰকাৰী কাম-কাজৰ সৰলীকৰণ, চৰকাৰী আঁচনি সমূহৰ ক্ষিপ্ৰ ৰূপায়ণ ইত্যাদি সম্ভৱ হৈছে। মেঘালয় চৰকাৰৰ তথ্য অনুযায়ী যোৱা দুমাহৰ ভিতৰতেই ১৬০০ টা প্ৰস্তাৱ এই ব্যৱস্থাৰ মাধ্যমেৰে দাখিল কৰা হৈছে আৰু ৭৯০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। সাধাৰণতে চৰকাৰী কাম-কাজ সমূহৰ বাবে জনসাধাৰণে অযথা সময় আৰু অৰ্থব্যয় কৰি দুৰ্ভোগ ভূগিবলগীয়া পৰিস্থিতিৰ এটাৰ পৰা এতিয়া মেঘালয়ৰ ৰাইজে এই ব্যৱস্থাটোৰ পৰা সুফল লাভ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More