6G ত বৰ্তমানৰ স্মাৰ্টফ’নটো অকামিলা হৈ পৰাৰ সম্ভাৱনা

মানৱ শৰীৰৰ অন্তৰ্ভাগত 'কিবা' এটা উপকৰণ সংলগ্ন কৰাৰ গৱেষণা অব্যাহত

0 39

শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : আৰু মাত্ৰ আঠ বছৰৰ পাছত অৰ্থাৎ ২০৩০ চন মানত আপোনাৰ হাতত থকা স্মাৰ্টফ’নটো অপ্ৰাসঙ্গিক হৈ পৰিব পাৰে। দূৰসংযোগৰ প্ৰযুক্তি কৌশলৰ ফলত তেতিয়ালৈকে উদ্ভাৱন হ’বলগীয়া 6G ৰ বাবে আপুনি এতিয়া ব্যৱহাৰ কৰি থকা স্মাৰ্টফ’নটো অকামিলা হৈ পৰাৰ সম্ভাৱনা আছে। এই ভৱিষ্যদ্বাণী কৰিছে ‘ন’কিয়া’ৰ মুখ্য কাৰ্যবাহী বিষয়া পেক্কা লাণ্ডমাৰ্কে। সদ্য সমাপ্ত ডাভ’ছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ এখন বৈঠকত লাণ্ডমাৰ্কে দৃঢ়তাৰে কয় যে, আজিৰ বিশ্বত যি দ্ৰুতগতিত প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ আৰু উত্থান ঘটিছে তেনে এটা সময়ত ই আচৰিত হবলগীয়া একো নহয় আৰু ২০৩০ চনৰ শেষৰ ফালে দূৰসংযোগ ব্যৱস্থাত 6G ৰ সংযোজন হোৱাৰ সম্ভাৱনা অতি প্ৰৱল। বৈঠকত তেওঁ সবিশেষ ব্যক্ত নকৰিলেও কয় যে, ব্যৱহাৰকাৰী সকলে 6G নেটৱৰ্কত প্ৰচলিত স্মাৰ্টফ’ন ব্যৱহাৰ কৰিব নোৱাৰিব কিন্তু মানৱ শৰীৰৰ অন্তৰ্ভাগত ‘কিবা’ এটা উপকৰণ হয়তো সংলগ্ন কৰাৰ উপায় উদ্ভাৱন হ’ব পাৰে। ইতিমধ্যে এল’ন মাস্কৰ নেতৃত্বাধীন Nuralink নামৰ প্ৰতিষ্ঠানটোৱে মানুহৰ মগজুত এনে কিবা আহিলা সংযোজন কৰিব পাৰি নেকি তাৰে গৱেষণা অব্যাহত ৰাখিছে। এনে এটা ব্যৱস্থা কাৰ্যকৰী হৈ উঠিলে এজন মানুহে এই আহিলাৰ সহায়ত যন্ত্ৰ বা আন মানুহৰ লগত সহজেই যোগাযোগ কৰাটো সম্ভৱ হৈ উঠিব। প্ৰতিষ্ঠানটোৱে অলপতে এনে আহিলা সংযোগ কৰা বান্দৰ এটাৰ কাৰ্যকলাপৰ ভিডিঅ’ মুকলি কৰি দিছে।
উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন দেশত ইতিমধ্যে 5G সেৱা প্ৰৱৰ্তনৰ পাছত এতিয়া অদূৰ ভৱিষ্যতে 6G ৰ বাবেও গৱেষণা-অধ্যয়ন আৰম্ভ হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More