সভ্যতাৰ যুগান্তকাৰী আৱিষ্কাৰ : কৰ্কট ৰোগৰ ঔষধ

কাৰোৰে আৰু মৃত্যু নহয় এই মাৰাত্মক ৰোগত!

0 71

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ আগষ্ট : যুগ যুগ ধৰি মানৱ জাতিৰ ওপৰত কৌতুক কৰি আহিছে কৰ্কট ৰোগে। জীৱনৰ লগত খেলা কৰি আহিছে। কাকো ৰেহাই নিদিয়ে এই ৰোগে। কিন্তু মানুহ হাৰ মনা প্ৰাণী নহয়। সেয়ে এই মাৰাত্মক ৰোগৰ নিৰাময় বিচাৰি বিজ্ঞানীয়ে অহৰহ উদ্ভাৱন কৰি আছে ন ন পদ্ধতি অথবা দৰব। সেই অনুসন্ধানৰ পথতে ঘটিছে নতুন আৱিষ্কাৰ। স্থান হ’ল ব্ৰিটেইন। তাত থকা কৰ্কট বিশেষজ্ঞসকলে কয় যে তেওঁলোকে ইমিউন’থেৰাপি আৰু পৰীক্ষামূলক ঔষধ গুয়াডেচিটাবিনৰ সংমিশ্ৰণেৰে এক নতুন চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰিছে। ইমিউন’থেৰাপি ঔষধ পেম্ব্ৰ’লিজুমেব আৰু ডি এন এ হেমিথাইলেটিং এজেণ্ট গুয়াডেচিটাবিনৰ সংমিশ্ৰণ পৰীক্ষামূলকভাৱে কিছুমান কৰ্কট ৰোগীক দিয়া হৈছিল। প্ৰথম পৰ্যায়ৰ পৰীক্ষাত এক তৃতীয়াংশতকৈ অধিক ৰোগীৰে কৰ্কট ৰোগৰ সংক্ৰমণ বন্ধ কৰা দেখা গৈছিল। ‘ইমিউন’থেৰাপি অৱ কেন্সাৰ’ নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই নতুন অধ্যয়ন। কৰ্কট ৰোগৰ চিকিৎসা মূলতঃ ৰোগ প্ৰতিৰোধ ক্ষমতা ভিত্তিক চিকিৎসা। কিন্তু যিসকল কৰ্কট ৰোগীৰ ক্ষেত্ৰত এই পদ্ধতিয়ে কাম নকৰে, তেওঁলোকৰ শৰীৰত এই ৰোগ বিয়পি পৰাটো ইমান দিন ৰোধ কৰিব পৰা নাছিল। কিন্তু নতুন চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰৰ বাবেই সেই ৰোগীসকলৰ শৰীৰত এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলি বিজ্ঞানীসকলৰ মত। ব্ৰিটিছ চিকিৎসকে দাবী কৰিছে যে তেওঁলোকে এটা নতুন চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰিছে যিটো অন্ততঃ ইমানেই উপযোগী যে ৰোগীয়ে সকাহ পাব। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা ব্যৱহাৰ কৰিলে ইমিউন’থেৰাপি বোলা হয়। অস্ত্ৰোপচাৰ, ৰেডিঅ’থেৰাপি বা কেমোথেৰাপিৰ দৰে পদ্ধতি বিফল হ’লে ইমিউন’থেৰাপি ব্যৱহাৰ কৰি ৰোগীৰ জীৱন ৰক্ষা কৰা হয়। এই পদ্ধতিত ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সহায়ত কৰ্কট কোষবোৰ ধ্বংস কৰা হয়। কিন্তু ইমিউন’থেৰাপীয়েও বহু ৰোগীৰ ক্ষেত্ৰত কাম নকৰে। এই পদ্ধতি ব্যৱহাৰ কৰাৰ পিছতো কেতিয়াবা বহু লোকৰ টিউমাৰ বাঢ়িব পাৰে। এনে অৱস্থাত ব্ৰিটেইনৰ বিশেষজ্ঞসকলে এই নতুন চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। তেওঁলোকৰ আশা— এই চিকিৎসাই যিসকলক বৰ্তমানৰ পদ্ধতিৰে চিকিৎসা কৰিব নোৱাৰি, যিসকলে বিকল্প নোপোৱাকৈ মৃত্যুৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোক অধিক দিন জীয়াই থাকিবলৈ সক্ষম হ’ব। নতুন অধ্যয়নৰ মূল গৱেষক ডাঃ আন্না মিনচুমে কয় যে বিগত দশকত কৰ্কট ৰোগৰ চিকিৎসাত ইমিউন’থেৰাপীয়ে যথেষ্ট ফলপ্ৰসূতা দেখুৱাইছে। কিন্তু সকলো প্ৰকাৰৰ কৰ্কট ৰোগৰ চিকিৎসাত ই ভাল কাম কৰিব পৰা নাই। ইমিউন’থেৰাপীয়ে কাম নকৰা কৰ্কট ৰোগত এই নতুন পদ্ধতি উপযোগী হ’ব পাৰে। ৩৪ জন কৰ্কট ৰোগীক পেম্ব্ৰ’লিজুমেব আৰু গুয়াডেচিটাবিনৰ সংমিশ্ৰণেৰে চিকিৎসা কৰা হৈছিল। ৰোগীসকলক তিনি বছৰ ধৰি প্ৰতি তিনি সপ্তাহৰ মূৰে মূৰে একেৰাহে চাৰিদিন গুয়াডেচিটাবিন বেজী দিয়া হৈছিল। পেমব্ৰলিজুমাব প্ৰথম দিনাই দিয়া হয়। হাওঁফাওঁ আৰু ছালৰ কৰ্কট ৰোগৰ চিকিৎসাত ইতিমধ্যে পেম্ব্ৰ’লিজুমেবে সফলতা প্ৰদৰ্শন কৰিছে। কিছুমান ৰোগীৰ ক্ষেত্ৰত দেখা গৈছে, এই চিকিৎসাৰ দ্বাৰা তেওঁলোকে প্ৰথমতে কাৰ্যকাৰিতা পাইছিল যদিও পিছলৈ অসুস্থ হৈ পৰিছিল। ‘ইনষ্টিটিউট অৱ কেন্সাৰ ৰিচাৰ্চ এণ্ড ৰয়েল মাৰ্ছডেন এন এইচ এছ ফাউণ্ডেশ্যন ট্ৰাষ্ট’ৰ বিশেষজ্ঞসকলে কয় যে এই দুয়োটা পদ্ধতিৰ সংমিশ্ৰণক বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিৰুদ্ধে এক নতুন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। গতিকে, চিকিৎসা বিজ্ঞানত এখোজ আগুৱাই যোৱাৰ বাট মুকলি হৈছে। অপৰাজিত মানুহৰ আৰু অলপ বেছিকৈ আয়ুস বৃদ্ধি হ’ব!

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More