CIA-ৰ টেক চীফ হ’ল ভাৰতীয় মূলৰ নন্দ মুলচান্দানি

ভাৰতীয় বংশোদ্ভৱ মার্কিন বিষয়াজন...

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ মে’ : মার্কিন গুপ্তচৰ সংস্থা চেন্ট্রেল ইন্টেলিজেন্স এজেন্সিৰ (CIA) প্রথম প্রযুক্তি কর্মকর্তা (চীফ টেক অফিচাৰ) হ’ল ভাৰতীয় বংশোদ্ভূত নন্দ মুলচান্দানি। মুলচান্দানিয়ে দিল্লীৰ ব্লু বেলছ স্কুল ইন্টাৰনেচনেলত পঢ়া শুনা কৰিছিল ১৯৭৯ চনৰ পৰা ১৯৮৭ চনপর্যন্ত। চিআইএ পৰিচালক উইলিয়াম জে বার্নছে ঘোষণা কৰে যে, দিল্লীত জন্ম লোৱা এই বিষয়াজন চিআইএ-ৰ প্রথমজন চীফ টেক অফিচাৰ হৈছে। চিআইএৰ সূত্ৰই জনায় যে, মুলচান্দানিয়ে চিলিকন ভেলীত ২৫ বছৰৰো অধিক সময় ধৰি কাম কৰিছে। তেওঁৰ প্রযুক্তিগত দক্ষতা আৰু অভিজ্ঞতাৰ কাৰণেই মুলচান্দনিক এই পদত বহোৱা হৈছে। কর্নেলৰ পৰা কম্পিউটাৰ চায়েন্স আৰু অঙ্কৰ ডিগ্রী, ষ্টেনফর্ডৰ পৰা মেনেজমেন্টত মাষ্টাৰ অব ছায়েন্স ডিগ্রী আৰু হার্ভার্ডৰ পৰা পাব্লিক এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিল মুলচান্দানিয়ে। তেওঁৰ বিষয়ে মার্কিন গুপ্তচৰ সংস্থাটোৱে এক প্রেছ বিজ্ঞপ্তিতে কৈছে— ‘‘মুলচান্দানিয়ে চিআইএ-লৈ যথেষ্ট অভিজ্ঞতা লৈ আহিছে । তেওঁ নিশ্চিত কৰিব যে, এজেন্সিয়ে অত্যাধুনিক উদ্ভাৱনসমূহক কামত লগাই নিজৰ মিছন পূৰণ কৰিব আৰু আগন্তুক দিনত উদ্ভাৱনৰ বাবে নতুন দিগন্ত মুকলি কৰিব ।’’ নিজৰ নিয়োগ সম্পর্কে ক’বলৈ গৈ মুলচান্দানিয়ে কয়— “মই এই কর্তব্যৰ বাবে CIA-ত যোগ দিবলৈ পাই সন্মানিত আৰু সংস্থাৰ অবিশ্বাস্য প্রযুক্তিবিদ তথা বিশেষজ্ঞসকলৰ লগত কাম কৰাৰ বাবে অপেক্ষা কৰিছোঁ। তেওঁলোকে ইতিমধ্যেই বিশ্বমানৰ বুদ্ধিমত্তা আৰু সক্ষমতা দেখুৱাইছে। মই নিজৰ জ্ঞানৰ মাধ্যমেৰে তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰিম।’’ চিআইএ-ত যোগদানৰ পূৰ্বে মুলচান্দানিয়ে ডিঅ’ডি-ৰ জয়েন্ট আর্টিফিচিয়েল ইন্টেলিজেন্স চেন্টাৰৰ চীফ টেক অফিচাৰ আৰু ভাৰপ্রাপ্ত পৰিচালক হিচাবে দায়িত্ব পালন কৰি আছিল। তদুপৰি তেওঁ অব্লিক্স (বর্তমানে অৰাকলৰ মালিকানাধীন), ডিটাৰমিনা (বর্তমানে ভিএমৱাৰৰ মালিকানাধীন), অপেনডিএনএচ (বর্তমানে চিচকোৰ মালিকানাধীন) আৰু স্কেলএক্সট্রিম-ৰ (বর্তমানে চিট্রিক্সৰ মালিকানাধীন) দৰে বহুকেইটা সফল ষ্টার্টআপৰ সহ-প্রতিষ্ঠাপক আৰু চিইঅ’ আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More