H-1B আমেৰিকান ভিজা লাভত ভাৰতীয়ৰ পুনৰ আধিপত্য

আমেৰিকাত কৰ্মৰত হোৱাৰ সপোনৰ সঁচাৰ কাঠী

0 40

 শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ এপ্ৰিলঃ  ‘দ্য গ্ৰেট এমেৰিকান ড্ৰিম’ এই স্বপ্নৰ দৌৰত সফল হৈছে ভাৰতীয়সকল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ’মলেণ্ড চিকিউৰিটিজ বিভাগৰ পৰা অলপতে প্ৰকাশ কৰা তথ্য অনুযায়ী ২০২১ বিত্তীয় বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে বিদেশী কৰ্মচাৰীসকলৰ বাবে প্ৰদান কৰা H-1B ভিজা লাভ কৰাসকলৰ ভিতৰত ভাৰতৰ লোকেই শীৰ্ষস্থান অধিকাৰ কৰিছে। উল্লেখযোগ্য যে, এই বছৰটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে অনুমোদন জনোৱা মুঠ ৪০৭,০৭১ খন H-1B ভিজাৰ ভিতৰত ৩০১,৬১৬ খন ভিজা লাভ কৰিছে ভাৰতীয়ই। অৰ্থাৎ ৭৪.১ শতাংশ। ২০২০ বৰ্ষত ভাৰতীয় লোকে এইখন ভিজা লাভ কৰা সংখ্যা আছিল ৩১৯,০০০ অৰ্থাৎ ৭৪.৯ শতাংশ। আমেৰিকা যুক্তৰাষ্ট্ৰত জীৱিকা নিৰ্বাহ কৰা আৰু তাৰ পাছত তাতেই স্থায়ী বসতি স্থাপন কৰাৰ সপোন দেখা এমুঠিমান ভাৰতীয়ৰ বাবে এই H-1B ভিজাখন ক’বলৈ গ’লে এখন সপোনৰ দলিল। আৰু যিকোনো প্ৰকাৰে এই পাৰপত্ৰখন লাভ কৰিলেই ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ লোকে হাততে স্বৰ্গ ঢুকি পোৱাৰ দৰে হয়। এই ভিজাপ্ৰাপ্ত সকলকহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহে কামত মকৰল কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিটিজেনশ্বিপ আৰু ইমিগ্ৰেছন চাৰ্ভিচেজৰ তথ্য অনুযায়ী ২০২১ বৰ্ষত দেশখনে প্ৰদান কৰা H-1B ভিজাপ্ৰাপ্তসকলৰ ভিতৰত ৫৬.৬ শতাংশ স্নাতকোত্তৰ ডিগ্ৰী ধাৰী, ৩৩.৭ শতাংশ স্নাতক ডিগ্ৰী ধাৰী, ৬.৮ শতাংশ ডক্টৰেট আৰু আন ২.৯ শতাংশ বিভিন্ন বিষয়ত প্ৰফেছনেল ডিগ্ৰীধাৰী। তেওঁলোকৰ গড় বয়স ৩৩ বছৰ আৰু তেওঁলোকৰ দৰমহা হ’ব গড় হিচাপে আনুমানিক বছৰি ১,০৮,০০০ ডলাৰ। এটা সমীক্ষাৰ মতে সৰহ সংখ্যক এই ভিজাপ্ৰাপ্ত লোকে আই টি প্ৰতিষ্ঠান সমূহতেই নিযুক্তি লাভ কৰে। ইয়াৰ উপৰি বিত্তীয় সেৱা, অভিযান্ত্ৰিক, চিকিৎসা সেৱা, অঙ্কশাস্ত্ৰ ইত্যাদি ক্ষেত্ৰসমূত নিয়োজিত হয়। ২০২১ বৰ্ষৰ ভিজাপ্ৰাপ্তসকলৰ ভিতৰত সৰ্বাধিক নিয়োগ লাভ কৰা প্ৰতিষ্ঠান কেইটা হৈছে এমাজন, ইনফ’ছিচ, টি চি এছ।
ইতিমধ্যে ২০২৩ বৰ্ষৰ বাবে H-1B ভিজাৰ বাবে পঞ্জীয়নৰ সময় সীমা উকলিছে আৰু পঞ্জীকৃত প্ৰাৰ্থীসকলে অহা ৩০ জুনৰ পূৰ্বে ভিজাৰ বাবে আবেদন কৰিব লাগিব। এইবোৰো অভিলেখ সংখ্যক ৪৮৩,৯২৭ জন বিভিন্ন দেশৰ লোকে এই ভিজাৰ বাবে নাম পঞ্জীয়ন কৰিছে। সংখ্যাৰ দিশৰ পৰা ভাৰতবৰ্ষৰ পাছতে H-1B ভিজা লাভ কৰা দেশ হৈছে চীন। ২০২০ বৰ্ষত চীনা নাগৰিকসকলে লাভ কৰিছিল ৫০,৩২৮ জনেহে। ইয়াৰ পাছত আছে কানাডাৰ স্থান।ইয়াৰ পৰাই অনুমান কৰিব পাৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়-বাণিজ্য তথা শিক্ষাকে ধৰি অন্যান্য খণ্ডত ভাৰতীয় সকলৰ আধিপত্য কিয় অধিক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More