“Renowned Women Personalities” শীৰ্ষক গ্ৰন্থ উন্মোচন

চন্দ্রপ্ৰভা শইকীয়ানীৰ পৰা ৰীমা দাসলৈকে মহিলাৰ সামগ্ৰিক অৱদান লিপিৱদ্ধ হৈছে গ্ৰন্থখনত

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৮ এপ্ৰিলঃ তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ প্ৰকাশন কোষৰ সহযোগত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা সন্ধানী দত্ত আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° বৰ্ণালী শৰ্মাৰ সম্পাদনাত Renowned women personalities of India’ শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ গ্ৰন্থ আজি মহাবিদ্যালয় প্ৰাংগনত উন্মোচন কৰে তেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী,সু-লেখিকা মিতা গোস্বামীয়ে। নাৰী সৱলীকৰণৰ পুৰোধা, অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পৰা ৰীমা দাসলৈ সমাজত মহিলাসকলৰ সামগ্ৰিক আৰু যুগজয়ী অৱদান অত্যন্ত সাৱলীলতাৰে গ্ৰন্থখনত উপস্হাপিত হৈছে বুলি মিতা গোস্বামীয়ে তেওঁৰ উন্মোচনী ভাষণত মন্তব্য কৰে। তেজপুৰ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন কুমাৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা লিজা বৰঠাকুৰে। অনুষ্ঠানৰ পহিলা ভাগতে অধ্যাপিকা সন্ধানী দত্তই গ্ৰন্থখন সম্পাদনাৰ সময়ৰ অনুভৱ সাৱলীলভাবে ব্যক্ত কৰে। বিশিষ্ট অতিথি হিচাপে আসন অলঙ্কৃত কৰা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মালা মহন্তই তেজপুৰ কন্যা মহাবিদ্যালয়ৰ মহিলা কোষৰ জন্ম লগ্নৰ কথা সুঁৱৰি স্মৃতিকাতৰ হৈ উঠে। অধ্যক্ষ ড°. তপন কুমাৰ কলিতাই মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত প্ৰকাশিত এইখন সৰ্বপ্ৰথম গ্ৰন্থ বুলি মন্তব্য কৰি গ্ৰন্থ প্ৰকাশৰ এই যাত্ৰ অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে তেওঁ মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগকো ওলগ জনায়। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে যোৱা এপ্ৰিল মাহত গুৱাহাটীত সমূহীয়া বিহু নৃত্য প্ৰদৰ্শনৰে গ্ৰীনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰা বিহুৱা দলটোৰ অন্যতম অংশীদাৰ হোৱা মহাবিদ্যালয়ৰ ছাত্ৰী দীক্ষিতা বৰা, অপৰ্ণা পাঠক, সংগীতা বৰুৱা আৰু পৰী দেৱীক সম্বৰ্ধনা জনোৱা হয়। চাৰিওগৰাকী ছাত্ৰীয়ে দৃষ্টিনন্দনভাৱে বিহু নৃত্যও উক্ত অনুষ্ঠানত প্ৰদৰ্শন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More