UPSCৰ ফলাফল : শীর্ষত শ্রুতি শর্মা

জানো আহক টপাৰগৰাকীৰ অজানা কাহিনী

0 92

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ মে’ : সর্বভাৰতীয় চিভিল ছার্ভিচ পৰীক্ষাত অভাৱনীয় ফলাফল নাৰীশক্তিৰ। আজি ৩০ মে’ত UPSC পৰীক্ষাৰ চূড়ান্ত ফলাফল প্রকাশিত হোৱাৰ পিছত দেশজুৰি আলোচনাৰ কেন্দ্রবিন্দু দেশৰ মহিলা পৰীক্ষাৰ্থীসকলৰ সফলতা। প্রথম চাৰিটা স্থানেই অধিকাৰ কৰিছে মহিলা পৰীক্ষাৰ্থীয়ে। প্রথম স্থানত আছে শ্রুতি শর্মা। দ্বিতীয় স্থানত আছে অঙ্কিতা আগৰৱালা। তৃতীয় স্থান পাইছে গামিনী সিংলা আৰু চতুর্থ স্থানত আছে ঐশ্বর্য বর্মা। প্রথম স্থান অধিকাৰ কৰি দেশৰ যুৱতীসকলক এক নতুন সন্মানীয় স্থানলৈ উন্নীত কৰিছে শ্রুতি শর্মাই। উত্তৰ প্রদেশৰ বিজনোৰ চহৰৰ বাসিন্দা শ্রুতি। তেওঁ দিল্লীত শিক্ষা শেষ কৰিছিল। তেওঁ আছিল ইতিহাসৰ ছাত্রী, যি দীর্ঘদিন ধৰি UPSC CSE পৰীক্ষাৰ বাবে প্রস্তুতি চলাইছিল। ছেইন্ট ষ্টিফেনছ কলেজ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত পঢ়া শুনা কৰিছিল শ্রুতি শর্মাই। তদুপৰি দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰাও UPSC পৰীক্ষাৰ প্রস্তুতি চলাইছিল শ্রুতিয়ে। UPSCৰ প্রথম দহটা স্থানত কার্যতঃ যুৱকসকলৰ লগত বিৰাট ‘টক্কৰ’ দিছে যুৱতীসকলে। প্রথম দহৰ ভিতৰত পাঁচগৰাকী ছাত্রী আৰু পাঁচজন ছাত্র। তাৰ ভিতৰত প্রথম চাৰিটা স্থানেই দখল কৰিছে যুৱতী পৰীক্ষাৰ্থীয়ে। পঞ্চম স্থানত আছে উ‍ৎকর্ষ দ্বিবেদী। ষষ্ঠস্থান অধিকাৰ কৰিছে যক্ষ চৌধুৰীয়ে। সপ্তম স্থানত আছে সাম্যক এছ জৈন। অষ্টম স্থানাধিকাৰী হ’ল ঈশিতা ৰাঠি। নৱম আৰু দশম স্থান পাইছে প্রীতম কুমাৰ আৰু হৰকিৰাত সিং ৰনধাৱাই। ইউ পি এছ চি পৰীক্ষাৰ যি চূড়ান্ত ফলাফল প্রকাশিত হৈছে তাৰ পৰাই আইএএছ, আইপিএছ, আইএফএছ, চেন্ট্রেল ছার্ভিচ A আৰু চেন্ট্রেল ছার্ভিচ Bত মুঠ ৬৮৫জনে স্থান লাভ কৰিছে। তাৰ ভিতৰত নতুন আইএএছৰ সংখ্যা ১৮০। ইণ্ডিয়ান ফৰেইন ছার্ভিচত স্থান লাভ কৰিছে ৩৭ জনে। ইণ্ডিয়ান পুলিচ ছার্ভিচত নিয়োগ পাইছে ২০০ জনে। UPSC চিভিল ছির্ভিচেজ পৰীক্ষা তিনিটা পর্যায়ত পৰিচালিত হয়— প্রাথমিক, প্রধান পৰীক্ষা আৰু ইন্টাৰভিউ। মূল পৰীক্ষা আৰু ইন্টাৰভিউত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিত চূড়ান্ত মেধা তালিকা প্রকাশ কৰা হয়। চলিত বছৰত মূল পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলৰ ইন্টাৰভিউ ৫ এপ্রিলৰ পৰা ২৬ মে’ ২০২২ পর্যন্ত হৈছিল। প্রতি বছৰেই লাখ লাখ পৰীক্ষার্থীয়ে আইএএছ, চেন্ট্রেল ছার্ভিচ, আইপিএছ অফিচাৰ হোৱাৰ আকাংক্ষাৰে ইউপিএছচি চিভিল ছার্ভিচেজ পৰীক্ষাত অংশগ্রহণ কৰে। এই পৰীক্ষাটো দেশৰ অন্যতম চেলেঞ্জিং আৰু প্রতিযোগিতামূলক এক পৰীক্ষা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More