অচিৰেই ৱেব চাইটত উপলব্ধ হব ঐতিহ্যমণ্ডিত ফাটবিহু চমু তথ্যচিত্ৰ “ফাটবিহু” 

0 79

গুৱাহাটী, ১৬ মে: চিৰ-প্ৰৱাহিনী লুইত আৰু সোৱণশিৰি মাজৰ ভূ-খণ্ডৰ লোক সমা‌জে চাৰিকড়ীয়া নৈ পাৰত উদযাপন কৰা ফাটবিহু বৃহত্তৰ ঢকুৱাখনাৰ নানা জাতি-জনগোষ্ঠীৰ বাপতিসাহোন আ‌ৰু উমৈহতীয়া স্বকীয় লোক-উৎসৱ। অতীতৰ পৰাই পৰম্পৰাগত ভাৱে লক্ষীমপুৰৰ ঢকুৱাখনাৰ কৃষিজীৱী ৰাইজে অনুষ্ঠিত কৰি অহা ফাটবিহু প্ৰাচীন ঐতিহ্য বহনকাৰী এক স্বত:স্ফূৰ্ত পৰম্পৰাগত লোক-সংস্কৃতিৰ ভঁৰাল তথা জনগোষ্ঠীয় বিহু উৎসৱ। আহোম ৰাজত্বকালৰ ডেৰ-দুই শতিকাৰ পৰাই কৰ-কাটল সংগ্ৰহৰ কেন্দ্ৰস্থল পানীৰ ‘ফাট’ বা নৈ কাষৰ ডাঙৰ ‘হাট’ত চহা ৰাইজে প্ৰাকৃতিক ভাৱে বিহু মাৰিছিল। ঢকুৱাখনাৰ পানী ফাটত মৰা বিহুয়েই ‘ফাটবিহু’ যদিও অধিক গৱেষণাৰ প্ৰয়োজন আছে। এই উদ্দেশ্য আগত ৰাখিয়েই শতিকাৰ ইতিহাসেৰে গৰিমামণ্ডিত লোক-সংস্কৃতিৰ বৈভৱ ফাটবিহুৰ ইতিহাসত পোন প্ৰথমবাৰলৈ ফাটবিহু সমিতিয়ে, সভাপতি বসন্ত শইকীয়া আৰু সম্পাদক ভা‌স্কৰ দাসৰ বিশেষ প্ৰয়াসত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়ায়। যোৱা ১১ মে’ ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰিত আয়োজিত ‘শুভ উন্মোচনী’ অনুষ্ঠানত ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত উপাযুক্ত কাৰ্তিক কলিতাই ফিটা কাটি দৰ্শকৰ প্ৰদৰ্শনৰ বাবে মুকলি কৰি কয় যে, ‘ঐতিহাসিক ফাটবিহুক প্ৰচা‌ৰ আৰু প্ৰসাৰ কৰিবলৈ কৰিবলৈ ভূৰুকাত হাতী ভৰোৱাৰ চেষ্টাৰে সমিতিয়ে চিত্ৰখনৰ ম‌ধ্যমেৰে চমুকৈ এক ৰূপৰেখা উপস্থাপনা কৰাৰ প্ৰয়াসত ফলৱৰ্তী হ’ব আৰু এক নতুন দিশ উন্মোচন কৰিব’ । উল্লেখ্য যে, সম্পূৰ্ণ জনশ্ৰুতি আৰু মৌখিক বুৰঞ্জীক উপজীৱ্য কৰি ৰচনা কৰা অসমীয়াৰ জাতীয় সম্পদ ফাটবিহুৰ স্বৰ্ণউজ্জ্বল ঐতিহ্যমণ্ডিত পৰম্পৰা আৰু ইতিহাসকলৈ ২৫ মিনিট দৈঘ্যৰ চমু বৰ্ণনাৰে তথ্যচিত্ৰ “ফাটবিহু” প্ৰযোজনা কৰিছে ফাটবিহু সমিতিয়ে, ফাটবিহু তথ্যচিত্ৰ প্ৰস্তুতি উপ-সমিতিৰ তত্ত্বাৱধানত, তথ্যচিত্ৰৰ চিত্ৰনাট্য, দৃশ্য-শ্ৰব্য নিৰ্দেশনা, সম্পাদনা আৰু পৰিচালনা কৰিছে গণমাধ্যম আৰু পৰিৱেশ্য কলা বিভাগৰ গৱেষক ছাত্ৰ তথা সাংস্কৃতিক সমন্বয়ক নৱ কুমাৰ ভৰালীয়ে। শতিকা অতিক্ৰম কৰা এই জনগোষ্ঠীয় লোক-সাংস্কৃতিক উৎসৱৰ ইতিহাস বৰ্ণনাৰে প্ৰাৰম্ভিক পৰ্য্যায়ত ফাটবিহু সম্পৰ্কে এক সূক্ষ্ম ধাৰণা উপস্থাপন কৰিবলৈ তথ্যচিত্ৰখনৰ জৰিয়তে প্ৰয়াস কৰা কৰিছে। এক সুপৰিকল্পিত আৰু দীৰ্ঘম্যাদী প্ৰকল্পৰ দ্বাৰা প্ৰণালীবদ্ধ অধ্যয়ন, কৰ্ষণ, চিন্তন আৰু গৱেষণাৰ মাধ্যমেৰে এই লোক সম্পদৰ ঐতিহ্য বিচাৰ কৰি অনাগত সময়ত অধিক বিস্তৃত ৰূপত উপস্থাপন কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই প্ৰাৰম্ভিক পদক্ষেপৰ বাবে ফাটবিহু সমিতি সমন্বিতে সংশ্লিষ্ট পক্ষ নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য । ‌তথ্যচিত্ৰ প্ৰস্তুতি উপ-সমিতিৰ বিষয়ববীয়া সকল হৈছে-উপদেষ্টা বসন্ত শইকীয়া, ভাস্কৰ দাস, সভাপতি কেশৱ গগৈ, সম্পাদক- ৰাজীৱ বৰুৱা, সদস্য সকল- ডিম্বেশ্বৰ গগৈ, পূৰ্ণানন্দ গগৈ, দীপেন শইকীয়া, প্ৰশান্ত হাজৰিকা, সম্পাদনা ষ্টুডিঅ’- টি.চি.পি.এ.ফটো গ্ৰাফিক্স, ধাৰাভাষ্য- বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ ছাদুল্লাৰ আৰু স্ক্ৰিপ্ট লিখিছে পূৰ্ণানন্দ গগৈয়ে। অচিৰেই তথ্যচিত্ৰখন ফাটবিহুৰ ৱেবচাইট https://phatobihu.org ত উপলব্ধ হ’ব বুলি পৰিচালক নৱ কুমাৰ ভৰালীয়ে জানিবলৈ দিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More