অনলাইন যোগে প্ৰথম পৰ্যায়ত ৭,৭১৬ গৰাকী শিক্ষকৰ বদলিকৰণ

0 46

অসম মাধ্যমিক শিক্ষা পৰিষদৰ দুটাকৈ এপ মুকলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ। দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ’ব। ৰাজ্যৰ ৬৫ হাজাৰ শিক্ষকক প্ৰদান কৰা হ’ব একোটাকৈ টেবলেত। নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয়। শিক্ষাৰ্থী নথকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ’বই।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ জুলাইঃ প্ৰথম পৰ্যায়ত মাত্ৰ ২ টা দিনতে পৰ্টেলৰ যোগেদি ৭,৭১৬ গৰাকী শিক্ষকৰ বুজাবুজি বদলিকৰণৰ কাম সম্পন্ন কৰিছে শিক্ষা বিভাগে। এই কথা সদৰি কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। আনহাতে দ্বিতীয় পৰ্যায়ৰ বদলিৰ কাম দুই এদিনতে আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে শিক্ষা মন্ত্রীগৰাকীয়ে। আজি শিক্ষা মন্ত্রীগৰাকীয়ে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ দুটাকৈ এপ মুকলি কৰে। ইয়াৰে এটা এপৰ জৰিয়তে শিক্ষাৰ্থী সকলে স্প’কেন ইংলিছৰ অনলাইন পাঠ গ্ৰহণ কৰিব আৰু এটা এপত হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা অসম হাই মাদ্ৰাছাৰ লিগেছী ডাটা উপলব্ধ হ’ব। শিক্ষা মন্ত্রীগৰাকীয়ে কয় যে শীঘ্ৰেই মেনেজমেণ্টৰ কাৰণে এটা প’ৰ্টেল মুকলি কৰা হ’ব। শিক্ষক বদলিকৰণৰ প্ৰসংগত তেওঁ কয় যে পূৰ্বে শিক্ষকৰ বদলিৰ হাজাৰ হাজাৰ ফাইল দিছপুৰত পৰি আছিল। এতিয়া সেই পৰিৱেশ নাই। কাকো সাক্ষাৎ নকৰাকৈ, তামোল এখনো নোখোৱাকৈ অনলাইন পৰ্টেলৰ জৰিয়তে বদলিকৰণৰ কাম সম্পন্ন হৈছে। তেওঁ কয় যে এতিয়া ছেবাৰ ৰিজাল্ট, মাৰ্কশ্বিটৰ ব্যৱস্থা অতি সহজ কৰা হৈছে। অনলাইন শিক্ষাৰ বাবে অন্তঃগাঁথনিৰ কাম চৰকাৰে কৰি আছে। ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে শিক্ষা বিভাগে ডিভাইচ দিয়াৰো ব্যৱস্থা কৰিছে। আনহাতে শিক্ষামন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ৬৫ হাজাৰ শিক্ষকক প্ৰদান কৰা হ’ব একোটাকৈ টেবলেত। ইয়াৰ বাবে এইবাৰ ধন ধাৰ্য কৰা হৈছে। শিক্ষা বিভাগে নিজাকৈ বাইজুৰ দৰে শিক্ষণ এপ প্ৰস্তুত কৰি আছে। এই এপৰ জৰিয়তে গণিত, বিজ্ঞান, ইংলিছৰ শিক্ষা প্ৰদান কৰা হ’ব। ‘শিকন’ নামৰ এই নতুন এপ খুব সোনকালেই মুকলি কৰা হ’ব। আনহাতে বিদ্যালয় প্ৰাদেশিকীকৰণ সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহয়। কেৱল বিদ্যালয় প্ৰাদেশিকীকৰণ আইন ২০১৭ ৰ আউটিত যিসমূহ বিদ্যালয় আহিব সেই বিদ্যালয়হে প্ৰাদেশিকীকৰণ কৰা হ’ব। ইফালে বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভতো তেওঁ কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ১০০ তকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় ৰাজ্যত প্ৰায় এহাজাৰখনমান আছে। শিক্ষাৰ্থী নথকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ’বই। এই ক্ষেত্ৰত দূৰত্বৰ কথা প্ৰাসংগিক নহয় বুলিও তেওঁ মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More