অন্ধ বিশ্বাস দূৰীকৰণৰ বাবে লক্ষীমপুৰ প্ৰশাসনৰ উদ্যোগত সজাগতা

0 33

উত্তৰ লক্ষীমপুৰ,৯মে’ঃ লক্ষীমপুৰ জিলাৰ ধলপুৰৰ কেতবোৰ অঞ্চলত অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ কেতবোৰ অসামাজিক কাৰ্য সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পিছতে লক্ষীমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগ, লক্ষীমপুৰ,জিলা আৰক্ষী, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আদিৰ সহযোগত অঞ্চলটোত আজিএক সজাগতাৰ সভা অনুষ্ঠিত হয়।সভাত টি এম পি কেৰ প্ৰতিনিধি, গাঁও প্ৰধান, বিভিন্ন সামাজিক সংস্থাৰ প্ৰতিনিধি তথা স্হানীয় জনসাধাৰণে অংশগ্ৰহণ কৰে। সভাত সমল ব্যক্তি সকলে জনসাধাৰণক কোনো কাৰণতে অন্ধ বিশ্বাসৰ বশৱৰ্তী নোহোৱাৰ আহ্বান জনায় আৰু সমাজৰ শান্তি -সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনায়। সজাগতাৰ সভাত চক্ৰ বিষয়া পপী ফুকন, সহকাৰী আয়ুক্ত জ্যোতিকণা চেতিয়াকে ধৰি লক্ষীমপুৰ জিলাৰ আৰক্ষী প্ৰশাসন, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিষয়া, লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰতিনিধি উপস্হিত থাকি জনসাধাৰণক এই ক্ষেত্ৰত বহুতো পৰামৰ্শ আগবঢ়ায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More