অভাৱনীয় মূল্যবৃদ্ধি : তিনিচুকীয়াত যোগান বিভাগৰ শ্মশান যাত্ৰা

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুলাই : অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা ৰাজ্যৰ যোগান বিভাগৰ শ্মশান যাত্ৰা বাহিৰ কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতিয়ে ৷ বিপুল মূল্যবৃদ্ধি ঘটা বিভিন্ন পাচলি, ৰন্ধন গেছৰ চিলিণ্ডাৰ, চাঙি লৈ তিনিচুকীয়া চহৰৰ চিৰাপট্টী চাৰিআলিস্থ অজাযুছাপৰ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা যোগান বিভাগৰ শ্মশান যাত্ৰা বাহিৰ কৰা হয় ৷ ব্যৰ্থ যোগান বিভাগৰ প্ৰতীকী শ্মশান যাত্ৰাত পৰিষদৰ কৰ্মীসকলে ’মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা যোগান মন্ত্ৰী হায় হায়, ৰঞ্জিত কুমাৰ দাস মূৰ্দাবাদ, বিজেপি মূৰ্দাবাদ’ আদি শ্ল’গান দি চৌদিশ মুখৰিত কৰি তোলে ৷ অজাযুছাপৰ নেতৃবৃন্দই ক্ষোভ প্ৰকাশ কৰি কয় যে এসময়ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য পাঁচশ টকা হোৱাৰ সময়ত বিৰোধীৰ আসনত থাকি প্ৰতিবাদ সাব্যস্ত কৰা বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছত সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটাৰ পাছতো নিমাতী কন্যাৰ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ এই মূল্যবৃদ্ধিৰ পৰা কৃষকসকল নহয় মধ্যভোগীহে উপকৃত হোৱা বুলি অজাযুছাপৰ তিনিচুকীয়া জিলা সমিতিয়ে ক্ষোভ উজাৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে তৎকালে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই ইয়াৰ অন্যথা সাধাৰণ জনগণৰ স্বাৰ্থত মুল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন তীব্ৰ কৰি তোলা হ’ব বুলি সকীয়াই দিয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More