অসমত মৌলবাদীৰ উত্থানকলৈ উদ্বিগ্ন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

0 11
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ আগষ্টঃ অসমত সক্ৰিয় হৈ থকা তথা ভয়াৱহ ৰূপত খোপনি পোত‍া মৌলবাদী শক্তিসমূহক উৎখাত কৰাৰ ক্ষেত্রত ৰাজ্যৰ শান্তিপ্ৰিয় মুছলমানসকলৰ সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মৌলবাদী শক্তিসমূহৰ তৎপৰতা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কেতবোৰ ভয়াৱহ তথ্য সদৰি কৰে। তেওঁ কয় যে বিগত পাঁচ মাহত অসম আৰক্ষীয়ে ভাৰত উপ-মহাদেশত আল কাইদাৰে সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ পাঁচটা মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে। এবিটিৰ ৫ টা জেহাদী মডিউলৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এতিয়ালৈকে ২৯জন এবিটি সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে বৰপেটা, বঙাইগাঁও আৰু মৰিগাঁৱৰ শ্লিপাৰ চেলসমূহ ধ্বংস কৰি সংগঠনটোত যোগদান কৰিবলৈ যুৱক-যুৱতীসকলক উদ্দেশ্যি ব্যৱহাৰ কৰা উচটনিমূলক জেহাদী কিতাপ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে জেহাদীসকলে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হাই-এণ্ড ইলেক্ট্ৰনিক যন্ত্ৰও উদ্ধাৰ কৰিছে। শেহতীয়াকৈ অসম আৰক্ষীৰ অনুসন্ধানত বাংলাদেশৰ নিষিদ্ধ ঘোষিত জেহাদী সংগঠন এবিটিকে ধৰি বাংলাদেশত সক্ৰিয় কেইবাটাও জেহাদী গোটে অসমত স্লিপাৰ চেল গঢ়াৰ প্ৰয়াস অব্যাহত ৰখাৰ বিষয়টো পোহৰলৈ আহিছে। অসমত জেহাদীৰ ইতিহাস সন্দৰ্ভত তেওঁ কয় যে অসমত ১৯৯৯ চনত প্ৰথম জেহাদীৰ শুং-সূত্ৰ পোৱা গৈছিল আৰু হৰকত উল মুজাহিদ্দিন নামৰ সংগঠনটো উৎখাত কৰা হৈছিল। ইয়াৰ পাছত ২০০৩-০৪ চনত হৰকত উল জেহাদ আল ইছলামিক আৰু ২০১১-১৬ চনত জামাতুল মুজাহিদ্দিন বাংলাদেশৰ বিৰুদ্ধে অভিযান চলিছিল। শেহতীয়াকৈ বিগত মাৰ্চ মাহৰ পৰা অসম আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসম আৰক্ষীৰ আলমত অন্য ৰাজ্যত জেহাদীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে। তেওঁ কয় যে মাৰ্চ মাহৰ পৰা বিগত ৫ মাহত অসম আৰক্ষীয়ে এবিটিৰ পাঁচটা মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে। ৪ মাৰ্চত বৰপেটাত ছয় জেহাদীক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহম্মদ সুমন নামৰ বাংলাদেশৰ জেহাদীজনে অবৈধভাৱে পশ্চিমবংগৰে অসমত প্ৰৱেশ কৰি বৰপেটাত মাদ্ৰাছাৰ শিক্ষক ৰূপে নিয়োজিত হোৱাৰ উপৰি ইমাম হিচাপে কাম কৰি আছিল। যাৰ পৰা আৰক্ষীয়ে জেহাদৰ বহু নথিপত্র লাভ কৰিছিল। তেওঁ কয় যে বাংলাদেশৰ পৰ‍া অসমলৈ জেহাদৰ সাম্ৰাজ্য গঢ়াৰ বাবে অহা জেহাদীৰ ছয়জনীয়া দলটোৰ মহম্মদ সুমনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও বাকী পাঁচজন এতিয়াও মুক্ত হৈ আছে। এই সংখ্যা আৰু বহু বেছিও হ’ব পাৰে বুলি তেওঁ সদৰি কৰে। এই সমগ্ৰ বিষয়টোত বৰ্ত্তমান ‘নিয়া’ই তদন্ত কৰি আছে। তেওঁ লগতে কয় যে এবিটিৰ দ্বিতীয়টো মডিউল ১৪ এপ্ৰিলত বৰপেটাত উৎখাত কৰা হয়। বৰপেটা আৰক্ষীয়ে ছয়জনক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা আৰক্ষীয়ে জেহাদৰ শিক্ষা দিয়া কিতাপ জব্দ কৰে। আনহাতে ১৫ এপ্ৰিলত বঙাইগাঁৱত এবিটিৰ তৃতীয়টো মডিউল উৎখাত কৰি চাৰিজনক গ্ৰেপ্তাৰ কৰা হয়। এবিটিৰ পঞ্চমটো মডিউল বৰপেটাত ২৭ জুলাইত উৎখাত কৰা হয়। য’ত ৯জনক গ্ৰেপ্ত‍াৰ কৰ‍া হয়। তেওঁলোকৰ পৰ‍া জেহাদৰ শিক্ষা দিয়া ৩৬ খন কিতাপ জব্দ কৰা হয়। আনহাতে একে সময়তে বাংগালুৰত এজন জেহাদীক গ্ৰেপ্তাৰ কৰা হয়। বৃহত্তৰ ইছলামিক ৰাষ্ট্ৰ গঠনৰ লক্ষ্যৰে অতি পৰিকল্পিতভাৱে আৰু উন্নত প্ৰযুক্তিৰে মৌলবাদী শক্তিয়ে কাম কৰি আছে। মৰিগাঁৱত গ্ৰেপ্তাৰ হোৱা এবিটিৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগত সম্পৰ্ক থকা মুফতি মুস্তাফা সন্দৰ্ভত তেওঁ কয় যে ২০১৭ চনত ভূপালৰ পৰা ইছলামিল ল’ত ডক্টৰেট ডিগ্ৰী লাভ কৰা মুস্তাফাই মৈৰাবাৰীত মাদ্ৰাছা স্থাপন কৰি শিক্ষকতা কৰাৰ উপৰি ইমাম হিচাপে নিয়োজিত হৈ আছিল। ইতিমধ্যে মাদ্ৰাছাখন বন্ধ কৰি দিয়া হৈছে আৰু ৪৩ গৰাকী শিক্ষাৰ্থীক অন্য বিদ্যালয়ত শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দিয়া হৈছে। মুস্ত‍াফাই বাংলাদেশৰ পৰা পুঁজি লাভ কৰিছিল।তেওঁ কয় যে এতিয়ালৈকে উৎখাত কৰা এবিটিৰ প্ৰতিটো মডিউলৰ সম্পৰ্ক মাদ্ৰাছাৰ লগত পোৱা গৈছে। লগতে জড়িত আছে একাংশ মছজিদৰ ইমাম। মৰিগাঁও জিলা মৌলবাদীৰ হাবত পৰিণত হোৱা বুলি তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে ক’ভিডৰ সময়ত ৰ‍াজ্যত জেহাদী শক্তি বিশেষভাৱে সক্ৰিয় হৈ উঠিছিল। বিভিন্ন প্ৰশিক্ষণ প্ৰদানৰ লগতে বন্দুক চালনা তথা বোমা প্ৰস্তুতৰ প্ৰশিক্ষণ দিয়া হৈছিল। সংবাদমেলত তেওঁ জেহাদৰ ‘কিত‍বুল জেহাদ’ আৰু ‘ঈদ বাৰ্তা’ নামৰ দুখন গ্ৰন্থৰ বিষয়ে উল্লেখ কৰে।বিগত সময়ত অসম আৰক্ষীয়ে লাভ কৰা সফলতা সন্দৰ্ভত তেওঁ কয় যে ইছলামধৰ্মী লোকৰ সহযোগীতাত অসম আৰক্ষীয়ে বিশেষভাৱে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মুছলমান লোকে দিয়া তথ্য ভিত্তিতে আৰক্ষীয়ে অভিযান চলাবলৈ সক্ষম হৈছে। সকলো মুছলমান লোক জেহাদৰ পক্ষত নাই বুলি সদৰি কৰি তেওঁ কয় যে এই তথ্য কোনো হিন্দু লোকে দিব নোৱাৰে। তেওঁ শান্তিপ্ৰিয় মুছলমান লোকসকলক স্থানীয় কোনো মছজিদত কোনো অচিনাক্ত লোকক ইমাম হিচাপে দেখা পালে লগে লগে আৰক্ষীক খবৰ দিয়াৰ বাবে আহ্বান জনায়। সেইদৰে কৌমি মাদ্ৰাছাসমূহত কি শিক্ষা দিয়া হয় তাৰ খবৰ ৰখাৰ লগতে শিক্ষক হিচাপে কোনো অচিনাক্ত লোক দেখা পালে আৰক্ষীক খবৰ দিয়াৰ বাবে আহ্বান জনায়। ইতিমধ্যে অসম চৰকাৰে ৮০০ চৰকাৰী মাদ্ৰাছা বন্ধ কৰি দিছে যদিও কৌমি মাদ্ৰাছা চলি আছে বুলি তেওঁ কয়। তেওঁ কয় যে এতিয়াৰে পৰা সকলো মাদ্ৰাছাৰ ওপৰতে আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিব। লগতে বাহিৰৰ পৰা অহা ইমাম সকলৰ ওপৰতো দৃষ্টি ৰখা হ’ব। তেওঁ শংকা ব্যক্ত কৰি কয় যে অসমত মৌলবাদী সক্ৰিয় হৈ আছে। তেওঁলোকে মানৱ বোমা তৈয়াৰ কৰাৰ কামত নিয়োজিত হৈ আছে। যিটো ৰাজ্য তথা দেশৰ বাবে অতিকৈ ভয়াৱহ। তেওঁ কয় যে অসমত ৮০০ কৌমি মাদ্ৰাছা আৰু ৫০০ হাফিজি মাদ্ৰাছা আছে। সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু এছ বিৰ এ ডি জি পি হীৰেন নাথ উপস্থিত আছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More