অসম্পূৰ্ণ নামঘৰঃ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ

পঞ্চায়তৰ কৰ্মকাণ্ডকলৈ ক্ষোভ শোণিতপুৰ বাঁহবাৰীৰ ৰাইজৰ

0 28
শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,৭আগষ্টঃ বিহগুৰি উন্নয়ন খণ্ড আৰু পঞ্চম একাংশত উন্নয়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী গাঁও পঞ্চায়ত অন্তৰ্গত তথা বিহগুৰি উন্নয়ন খণ্ড অধীনস্থ অঞ্চলত এটা ৰাজহুৱা নামঘৰ নিৰ্মাণকলৈ সংঘটিত অনিয়মে ক্ষোভিত কৰিছে স্হানীয় ৰাইজক৷ কাঠৰ কেঞ্চিৰ মাজত বাঁহৰ কেঞ্চি লগোৱা তথা পাতল টিনপাত লগোৱা এই নামঘৰটোৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই টি‍নপাতত বিন্ধা ওলোৱাৰ লগতে এই পৰ্যন্ত নামঘৰৰ চালিখনৰ কামো সম্পূৰ্ণ হৈ উঠা নাই৷ উল্লেখযোগ্য যে,দুৰ্নীতি আৰু বঞ্চনাৰ ঘাটিত পৰিণত হোৱা দুই নম্বৰ গাভৰু গ্ৰান্টত ফেঞ্চিং সহ নামঘৰটো নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ২০১৯-২০ৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ছয় লাখ টকা আৱন্টিত হৈছিল৷ উল্লেখযোগ্য যে ইয়াত পূৰ্বৰে পৰাই এটা নামঘৰ আছিল যদিও সেই পূৰণা নামঘৰটো ইতিমধ্যে নষ্ট হ’বলৈ ধৰাত ৰাইজে এই নামঘৰটোকে নতুনকৈ মেৰামতি তথা প্ৰয়োজনীয় নিৰ্মাণৰ বাবে অনুৰোধ কৰাৰ বিপৰীতে বাঁহবাৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰেশ্বৰ ওৰাং আৰু গাভৰু উন্নয়ন খণ্ডৰ তদানীন্তন কনি‍ষ্ঠ অভিযন্তাই পুৰণা নামঘৰটোৰ পৰিৱৰ্তে কাষতে একেধৰণৰ আন এটা নামঘৰহে নিৰ্মাণৰ কাম আৰম্ভ কৰে৷ ইতিমধ্যে আৰু মাত্ৰ ৫০হেজাৰ টকাহে ব্যয় কৰিবলৈ বাকী থকা অৱস্থাত নামঘৰটোৰ বহু কামেই কৰিবলৈ বাকী আছে৷ উল্লেখযোগ্য যে,অতি নিম্ন মানৰ টিনপাত লগোৱাৰ লগতে ৰেজিং আদি নলগাই পেলাই থোৱা নামঘৰটোত আনকি কাঠৰ স্হানত কেঞ্চি হিচাপে বাঁহো ব্যৱহাৰ কৰা হৈছে৷ ইতিমধ্যে টিনপাটত বিন্ধা ওলোৱাৰ লগতে ফেঞ্চিঙৰ বাবে খুঁটাসমূহৰ দুটামান পকা কৰি বাকী সমূহ তেনেকৈয়ে পেলাই থোৱা হৈছে৷ এটা নামঘৰ থকা সত্বেও সেইটোৰ উন্নয়ন নকৰি কাষতে পুনৰ এটা নামঘৰ নিৰ্মাণ কৰা আৰু ইয়াত হোৱা অনিয়মৰ বিষয়ে ৰাইজে শোণিতপুৰৰ উপায়ুক্তকো অভিযোগ দিয়াৰ লগতে এই বিষয়ে এক তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল যদিও ৰাইজে কোনোধৰণৰ সুফল লাভ নকৰিলে আৰু তদন্তও নহ’ল৷ ইপিনে আৱন্তিত পূঁজি শেষ হোৱাৰ সময়তো নামঘৰৰ বহু কামেই কৰিবলৈ বাকী থকাত বিপাঙত পৰা ৰাইজে কয় যে, ইতিমধ্যে এই নিৰ্মাণকাৰ্যৰে জড়িত কনি‍ষ্ঠ অভিযন্তা জনৰো বদলি হৈছে৷ এনে অৱস্থাত নামঘৰটো সম্পূৰ্ণ হৈ উঠাৰ কোনো সম্ভাৱনা নেদেখি ক্ষোভ আৰু হতাশাত ভাঙি পৰা অঞ্চলটোৰ মহেশ্বৰ মেছ নামৰ ৭০বছৰীয়া লোকজনে কয়, “মোৰ জীৱন কালত এই নামঘৰটো যে সম্পূৰ্ণ হৈ উঠিব সেই আশা মই দেখা নাই৷ ছয় লাখ টকা ব্যয় কৰি এই নামঘৰটো এনেদৰে পেলাই থ’লে এইটো জহিখহি যাবলৈ অধিক দিন নালাগে৷” ৰাইজে কয় যে নিম্নমানৰ সামগ্ৰী, অসম্পূৰ্ণ চালি আদিৰে পেলাই থোৱা এই নামঘৰটো যেনেদৰে সম্পূৰ্ণ নহ’ল তেনেদৰে অঞ্চলটোৰ আন কোনো উন্নয়ন নোহোৱাৰ বিপৰীতে এই সময়চোৱাত পঞ্চায়ত প্ৰতিনিধিৰ অট্টালিকা কিন্তু ঠিকেই নিৰ্মাণ হ’ল৷ ৰাজ্য চৰকাৰে দুৰ্নীতি বিৰোধী অভিযান চলাই চৰকাৰী বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰোৱাৰ বিপৰীতে দুৰ্নীতিপৰায়ণ পঞ্চায়ত প্ৰতিনিধি আৰু ইয়াৰে জড়িতসকলকো গ্ৰেপ্তাৰৰ ব্যৱস্থা কৰিবনে বুলিও অঞ্চলটোৰ বহু সংখ্যক লোকে প্ৰশ্ন কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More