অসমৰ ভূমি হিমন্ত চৰকাৰে অৰুণাচল আৰু  একাংশ পুজিপতিক গটাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চি পি আই (এম এল ) প্ৰতিক্ৰিয়া

0 32
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯ ফেব্ৰুৱাৰীঃ অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে মন্ত্ৰী গোট গঠন কৰি আলোচনা বিলোচনা চলাই থকাৰ সময়তে অসম চৰকাৰক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি অসমৰ সীমান্তৰ ৰাধাচুত পুনৰ অসমৰ ভূমি অৰুণাচল চৰকাৰৰ সহযোগত একাংশ অৰুণাচলী লোকে বেদখল আৰম্ভ কৰিছে। উল্লেখযোগ্য যে আজি কেইদিনমানৰ আগতে একাংশ অৰুণাচলী লোকে ৰাধাচু সীমান্ত সুৰক্ষা শিবিৰৰ নিচেই ওচৰত অসমৰ মাটি দখল কৰি ঘৰ নিৰ্মাণ কৰিছিল। এইঘৰ অসমৰ বন বিভাগৰ দ্বাৰা উচ্ছেদ কৰাৰ পিছত কালি অৰুণাচল বেটেলিয়নৰ সহযোগত একাংশ অৰুণাচলী লোকে ৰাধাচু বন  শিৱিৰৰ নিৰাপত্তা বাহিনীক  শিবিৰ উঠাই নিবলৈ ভাবুকি দিয়াত সীমান্তত এক ওত্তেজনাই বিৰাজ কৰিছে। উল্লেখযোগ্য যে ২০১৪ চনত সেই ঠাইতে অসমৰ ভূমি অৰুণাচল আগ্ৰাসনৰ পৰা মুক্ত কৰাৰ দাবীত সীমান্তত অৱস্থান কৰি থকা( ১৫) পোন্ধৰ জন  অসমৰ লোকক একাংশ অৰুণাচলৰ দুস্কৃতিকাৰীয়ে হত্যা কৰিছিল আৰু তাৰ ফলস্বৰূপেই ৰাধাচু বন শিবিৰৰ নিৰ্মাণ কৰিছিল। কালিৰ  এই ঘটনাৰ বাবে চি পি আই (এম এল) আৰু কৃষক মহাসভা, অসমে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক যুটীয়া বিবৃতিত চি পি আই (এম এল)বিশ্বনাথ জিলা সমিতিৰ সম্পাদক নাৰায়ন পৌড়েল আৰু কৃষক মহাসভা অসমৰ আহ্বায়ক অনন্ত হাজৰিকাই কয় যে অসম অৰুণাচল সীমা সমস্যাৰ বাবে শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত মন্ত্ৰী গোটে দখল যাৰ মাটি তাৰ নীতি গ্ৰহণ কৰাৰ বাবেই অৰুণাচল আগ্ৰাসী হৈ অসমৰ মাটি দখল কৰিবলৈ আগবাঢ়ি আহিছে। অসমৰ চাউলধোৱাৰ শ্বহীদসকলৰ তেজৰ বিনিময়ত লাভ কৰা অসমৰ ভূমি হিমন্ত চৰকাৰে অৰুণাচল আৰু একাংশ পুজিপতিক গটাই দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। উচ্চতম ন্যায়ালয়ত বিচাৰাধীন এটা শ্পৰ্শকাতৰ সমস্যাৰ সমাধান মাত্ৰ কেইজনমান মন্ত্ৰীক দি সমাধানৰ নামত আচলতেই অসমৰ মাটি সমৰ্পণ কৰিব বিছাৰিছে। বিজেপি চৰকাৰৰ ভূল নীতিৰ বাবেই যাতে অসমৰ মাটি হেৰুৱাব লগা নহওক তাৰ বাবেও সকীয়াই দি অতি শীঘ্ৰেই ২০১৪ চনত প্ৰস্তাৱিত আৰু বৰ্তমানো নিৰ্মাণ নকৰা বন নিৰাপত্তা শিবিৰ নিৰ্মাণ কৰাৰ দাবী জনায়৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More