অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত খুটি পুতি বহিছে অৰুণাচলী

ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে নিৰ্মাণ কৰিছে অত্যাধুনিক এক’লেণ্ড

0 54
  • অসমৰ বনভূমিত অৰুণাচলীৰ ৬ কিলোমিটাৰ পকী পথ নিৰ্মাণ
  • জিলা আয়ুক্ত-বিধায়ক-বন বিষয়াৰ পদক্ষেপ নাই
  • বেদখল উচ্চেদৰ দাবীত জিলা আয়ুক্তক ৰামপুৰবাসীৰ স্মাৰকপত্ৰ প্ৰদান
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২০ জুনঃ লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত এতিয়া অৰুণাচলীৰ অবাধ আগ্ৰাসনে সীমান্তবাসীক আতংকিত কৰি তুলিছে৷ অসমৰ বনাঞ্চলত অৰুণাচলীয়ে বেদখল কৰি বিভিন্ন পথ নিৰ্মাণ কৰাৰ লগতে শেহতীয়াকৈ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰ বগীবিলৰ সমীপৰ ২নং বেলবস্তিত ‘লকাম তালু’ নামৰ এজন লোকে কোটি টকাৰ ব্যয়েৰে এখন অত্যাধুনিক এক’লেণ্ড নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে৷WhatsApp Image 2024 06 20 at 7.01.47 PM লখিমপুৰ প্ৰশাসনৰ লগতে জিলা বন সংমণ্ডল প্ৰাধিকাৰী জনৰো উক্ত বিষয়টো জ্ঞাত হোৱাৰ পিছতো অৰুণাচলীৰ এনে আগ্ৰাসন ৰোধ কৰিবলৈ প্ৰচেষ্টা চলোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ ইতিপূৰ্বে অসমৰ বনাঞ্চলৰ ভূমিত অৰুণাচল প্ৰশাসনে কিমিনৰ পৰা দুইমুখলৈ প্ৰায় ৬ কিলোমিটাৰ দৈঘ্যৰ পকী পথ নিৰ্মাণ কৰি উলিওৱাৰ পিছত ২নং বেলবস্তিত অৰুণাচলীৰ এনে আগ্ৰাসন অব্যাহত আছে৷ এই সন্দৰ্ভত ১৯ জুনত স্থানীয় ৰামপুৰ বগীবিলবাসীয়ে লখিমপুৰৰ জিলা আয়ুক্তক এই কথা লিখিতভাৱে অৱগত কৰি এনে কাৰ্য ৰোধৰ দাবী জনায়৷ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামপুৰ বগীবিল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ২নং বেলবস্তিত এতিয়া অৰুণাচলীয়ে জেচিবিৰে পথ নিৰ্মাণ কৰি থকাৰ লগতে চলিত সপ্তাহত ৰামপুৰ দেউৰী যৌথ বন পৰিচালনা সমিতিৰ [জে. এফ. এম. চি] এখন ফেনচিং বেৰা উভালি পেলোৱাৰ সন্দৰ্ভতো জিলা আয়ুক্তক স্থানীয় ৰাইজে লিখিত অভিযোগ দাখিল কৰিছে৷ জিলা বন সংমণ্ডল প্ৰাধিকাৰীৰ দুৰ্বলতাৰ বাবেই অৰুণাচলীয়ে এতিয়া ৰামপুৰ বগীবিলত এনেদৰে অসমৰ বনাঞ্চলত বেদখলৰ সুবিধা লাভ কৰিছে বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে৷ প্ৰতি নিশা এতিয়া ফকলেন আৰু জেচিবিৰ সহায়ত অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে গছ-বন কাটি তহিলং কৰাৰ লগতে অসমৰ ভূমিত কেবাটাও পথ নিৰ্মাণ কৰিছে৷ বিগত বৰ্ষত অৰুণাচলীয়ে অসমৰ বনাঞ্চলৰ ফেনচিং কাটি উপদ্ৰব চলোৱাৰ লগতে বহু মূল্যবান গছ-গছনিও কাটি তহিলং কৰিছিল৷ শেহতীয়াকৈ ৰামপুৰ দেউৰী যৌথ বন পৰিচালনা সমিতিয়ে প্লেনটেচন কৰা ফেনচিং বেৰাৰ প্ৰায় ৩০ মিটাৰ দৈঘ্য অৰুণাচলীয়ে উভালি পেলোৱা কাৰ্যৰ বিষয়ে বন বিভাগ আৰু লখিমপুৰ প্ৰশাসনক অৱগত কৰাৰ পিছতো এই পৰ্যন্ত বন বিভাগৰ এজনো বিষয়া কৰ্মচাৰী সেই স্থানত উপস্থিত হোৱা নাই বুলি আজি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ এক প্ৰকাৰে অৰুণাচলৰ আগ্ৰাসনত ৰামপুৰ বগীবিল বাসী আতংকিত হৈ পৰাৰ লগতে অৰুণাচলীৰ এনে আগ্ৰাসন ৰোধ কৰাৰ দাবী জনাইছে৷ ২নং বেলবস্তিত অসমৰ ভূমিত এক’লেণ্ড নিৰ্মাণ কৰি থকা অৰুণাচলী লোকজনে স্থানীয় ৰাইজক দাম্ভিকতাৰে অসমৰ বন বিষয়াৰ লগত সু-সম্পৰ্ক ৰাখিহে এনে কাৰ্য কৰা বুলি দম্ভালি মাৰি আহিছে৷ যাৰ ফলত বন বিষয়াসকলৰ প্ৰতি স্থানীয় ৰাইজ এক প্ৰকাৰে ক্ষুব্ধ হৈ পৰিছে৷ আজি উক্ত অঞ্চলত সাংবাদিকৰ এটা দল উপস্থিত হোৱাৰ সময়ত স্থানীয় লোকসকলে কয় যে অসমৰ বনাঞ্চলৰ ভূমিত বিশেষকৈ ৰামপুৰ দেউৰী যৌথ বন পৰিচালনা সমিতিয়ে ২০ হেক্টৰ মাটিত গছ পুলি ৰূপণ কৰিছে আৰু সেই স্থানত তথা বনাঞ্চলত এতিয়া ছাগলী পহু, কেটেলা পহু আৰু বনগাহৰিৰ আবাস স্থলী হিচাপে পৰিচিত হৈছে৷ বহু সময়ত এই বনাঞ্চলত অৰুণাচলীয়ে এনে বন্য জীৱ-জন্তু হত্যা কৰিও আহিছে বুলি তেওঁলোকে ক্ষোভ উজাৰে৷ এই সন্দৰ্ভত লখিমপুৰৰ বিধায়ক মানৱ ডেকাকো ৰামপুৰবাসীয়ে অৱগত কৰিছে যদিও শাসকীয় দলৰ জন প্ৰতিনিধি জনৰ পৰাও আশা কৰা অনুসৰি কোনো সু-ফল পোৱা নাই বুলি আজি ৰামপুৰৰ সচেতন ব্যক্তি সদাগৰ দেউৰী, মিনাৰাম পেগু, পীতাম্বৰ পেগু, পূৰ্ণকান্ত পেগু আদিয়ে ব্যক্ত কৰে৷ ইয়াৰ পৰিৱৰ্তে সীমান্তৱৰ্তী অসমৰ থলুৱা তথা খিলঞ্জীয়া লোক সকলক অসম চৰকাৰে উচ্ছেদৰ জাননীহে দি আহিছে বুলি খেদ প্ৰকাশ কৰে৷ সীমান্তত প্ৰহৰী হৈ থকা এই লোকসকলে অসমৰ বনভূমিত এতিয়া খৰি লুৰিবলৈ গ’লেও অৰুণাচলীৰ অনুমতি অথবা তেওঁলোকক ধন দিব লগা হয় বুলি এই সকল লোকে দুখেৰে ব্যক্ত কৰে৷ মুঠতে অৰুণাচলীৰ অবাধ আগ্ৰাসনে এতিয়া ঐতিহাসিক ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভূমি সংকুচিত কৰি আহিছে৷ পথ নিৰ্মাণৰ সমান্তৰালভাৱে অৰুণাচলীয়ে অসমৰ বনাঞ্চলৰ গছ-গছনি কাটি অহা কাৰ্যই স্থানীয় সীমান্তৱৰ্তী লোকসকলক উদ্বিগ্ন কৰি তুলিছে৷

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More