ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ ‘অসম আৰক্ষী অসমৰ সমাজ জীৱনৰ এক অপৰিহাৰ্য্য অংগ। নিয়মানুৱৰ্তিতা, দায়িত্ববোধ আৰু নিৰ্ভিকতা অসম আৰক্ষীৰ মূল চালিকা শক্তি। বিগত দিনবোৰত আৰক্ষীৰ বহুলোকে ৰাজ্যবাসীৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ পৰ্যন্ত উছৰ্গা কৰিছে৷’ – এই মন্তব্য ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ। আজি গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ‘পেৰেড গ্ৰাউণ্ড’ত আয়োজিত “অসম আৰক্ষী দিৱস”ৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি এই মন্তব্য কৰে মুখ্য সচিবগৰাকীয়ে। ভাষণ প্রসংগত তেওঁ কয় যে অসম আৰক্ষী দেশৰ এক শক্তিশালী বাহিনী হিচাপে সমাদৃত হৈ আহিছে আৰু বিভিন্ন সন্ত্রাসবাদী গোটে অসম আৰক্ষীৰ শক্তিক স্বীকাৰ কৰি অস্ত্ৰ সম্বৰণ কৰিবলৈ বাধ্য হৈছে। এখন সন্ত্রাসমুক্ত অসম গঢ়াৰ লক্ষ্য আগত ৰাখি অসম আৰক্ষীয়ে সফলতাৰে আগবাঢ়ি যাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মুখ্য সচিব বৰঠাকুৰে লগতে কয় যে বাহিনীটোৱে ৰাজ্যখনৰ স্বাৰ্থত বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে দেশৰ “ৰাষ্ট্ৰপতিৰ নিচান” লাভ কৰাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা। প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে অসম আৰক্ষীত নিয়োজিত মহিলাসকলক বিভিন্ন দিশত আগবঢ়াই নিয়া আৰু তেওঁলোকৰ সবলীকৰণৰ ক্ষেত্ৰতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু অসম আৰক্ষীত ‘সুৰঞ্জনা’ নামেৰে নতুনকৈ সংযোজন কৰা “অসম আৰক্ষী মহিলা বেণ্ড”এ মহিলা আৰক্ষীসকলক নিশ্চয়কৈ গৌৰৱান্বিত কৰিব বুলিও মুখ্য সচিবগৰাকীয়ে মন্তব্য কৰে। উল্লেখ যে আজিৰ অনুষ্ঠানতে ‘সুৰঞ্জনা’ নামেৰে নতুনকৈ গঠন কৰা “অসম আৰক্ষী মহিলা বেণ্ড”টোৰ শুভ আৰম্ভণি কৰা হয়। অনুষ্ঠানত ভাষণ দি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বিভিন্ন ক্ষেত্ৰত অসম আৰক্ষীৰ সফলতাৰ দিশসমূহ উল্লেখ কৰি কয় যে বৰ্তমানৰ চৰকাৰে আৰক্ষী বাহিনীটোক অধিক শক্তিশালী, দক্ষ আৰু ৰাইজৰ বন্ধু হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই বছৰতে চৈধ্য হেজাৰতকৈও অধিক অসমৰ নিবনুৱা যুৱক-যুৱতীক আৰক্ষীৰ বিভিন্ন বৰ্গৰ পদত নিযুক্তি দিয়া হৈছে। মহিলা আৰক্ষীক লৈ নতুনকৈ গঠন কৰা ‘সুৰঞ্জনা’ নামৰ “অসম আৰক্ষী মহিলা বেণ্ড”টো দেশৰ আৰক্ষী বাহিনীসমূহৰ ভিতৰতেই প্রথম বুলি উল্লেখ কৰি সঞ্চালক প্ৰধান মহন্তই কয় যে মুখ্যমন্ত্ৰীৰ বলিষ্ঠ উদ্যোগত সম্প্রতি অত্যাধুনিক প্রযুক্তিকৌশল ব্যৱহাৰৰ যোগেদি কাৰিকৰী দিশতো অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ বাবে ইতিমধ্যেই দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধান মুকেশ আগৰৱাল, আৰক্ষী অনাতাঁৰ সংগঠনৰ বিশেষ সঞ্চালক প্ৰধান এছ এন সিং, আৰক্ষী আয়ুক্ত হৰমিত সিঙৰ লগতে উচ্চপদস্থ আৰক্ষী বিষয়াসকল, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নিজ বাৰ্মা, আয়ুক্ত সচিব দিগন্ত বৰা আৰু অন্যন্যা বিষয়াসকলো উপস্থিত থকা অনুষ্ঠানটোত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আৰক্ষীৰ কেইবাটাও দলৰ আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ইয়াৰ উপৰি অনুষ্ঠানত আৰক্ষীৰ অশ্বাৰোহী বাহিনীৰ অশ্বাৰোহনৰ বিভিন্ন কলা-কৌশল আৰু আজি শুভাৰম্ভ কৰা “মহিলা আৰক্ষী বেণ্ড”ৰ মুকলি প্রদর্শনো কৰা হয়। আনহাতে আজিৰ এই অনুষ্ঠানতে পূর্বতে ঘোষণা কৰা আৰক্ষীৰ বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হোৱা মুঠ ৩৭ গৰাকী আৰক্ষীৰ লোকক পদকসমূহো প্ৰদান কৰা হয়। অনুষ্ঠানৰ পূৰ্বে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মাৰ উপৰি অন্যান্য উচ্চপদস্থ বিষয়াসকলে ‘শ্বহীদ বেদী’ত পুষ্পাঞ্জলি নিবেদন কৰে।