অসম মণিপুৰৰ দৰে হ’বলৈ কেতপৰঃ তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ

বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত প্ৰতিক্ৰিয়াঃতেজপুৰ জিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩আগষ্টঃ দৰং জিলাৰ মহর্ষি বিদ্যা মন্দিৰত বজৰং দলে যোগ প্ৰশিক্ষণৰ নামত মুকলিকৈ অস্ত্র প্রশিক্ষণ দিয়া কাৰ্য আইন বিৰোধীয়েই নহয়, এনে কাৰ্য ভৱিষ্যতে এক সংঘৰ্ষ হোৱাৰ ইংগিত বহন কৰিছে।তেজপুৰত আজি এক সংবাদমেলত এইদৰে উক্ত ঘটনা সন্দৰ্ভত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই৷তেওঁ কয় যে, কংগ্ৰেছ দল সমগ্র বিষয়টোত যথেষ্ট চিন্তিত আৰু উদ্বিগ্ন। বহুল প্ৰচাৰিত এই বিষয়ত এতিয়ালৈকে বিজেপি দলৰ চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তাৰ বিপৰীতে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ৰখা বক্তব্য সম্পূৰ্ণ প্ৰৰোচনামূলক। ভট্টাচাৰ্যই পুনৰ কয় যে, যি সময়ত আমাৰ কাষৰীয়া ৰাজ্য মণিপুৰ আজি গোষ্ঠী সংঘৰ্ষৰ ফলত তিনিমাহ ধৰি জ্বলি আছে, শতাধিক মানুহৰ মৃত্যু হৈছে, মৰিশালীৰ দৰে হৈ উঠিছে,সেই সময়ত দৰঙৰ এই ঘটনা অতিশয় উদ্বেগজনক। ইয়াৰ সমান্তৰালকৈ হাৰিয়ানাত সাম্প্ৰদায়িক সংঘৰ্ষত কেইবাজনেও মৃত্যু বৰণ কৰিছে, শতাধিক বাহন জ্বলাই দিয়া হৈছে বুলি মন্তব্য কৰি ভট্টাচাৰ্যই এনেবোৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে আৰম্ভ কৰা সন্ত্রাস বিৰোধী অভিযানত সাম্প্ৰতিক সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শান্তি প্ৰচেষ্টা সফল হ’ব নে? সম্প্ৰতি ৰাজ্যত নাগৰিকৰ হত্যা ৮৯ শতাংশ আৰু সন্ত্ৰাসবাদী কার্যকলাপ ৭৪ শতাংশলৈ প্ৰতিৰোধ হৈছে যদিও এতিয়ালৈকে এই সংখ্যা শূন্য শতাংশ হ’বলৈ বহু বাকী আছে বুলিও তেওঁ কয়। তেনে স্থলত মুখ্যমন্ত্রী নেতৃত্বাধীন ৰাজ্যৰ গৃহ বিভাগ সচেষ্ট নহ’লে আৰু এনে আইন বিৰুদ্ধ কাৰ্যকলাপক কঠোৰ হাতেৰে দমন নকৰিলে আমাৰ ৰাজ্যৰ পৰিস্থিতিও মণিপুৰ বা হাৰিয়ানাৰ দৰে হ’বলৈ কেত পৰ বুলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে৷ তেওঁ কয় যে,দেশৰ শীৰ্ষৰ পাঁচ খন ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখন এখন হ’বলৈ হ’লে সন্ত্রাসবাদী কার্যকলাপ মুক্ত হ’ব লাগিব। তেহে পুঁজিপতি বা উদ্যোগপতিয়ে আমাৰ ৰাজ্যত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিব বুলি উল্লেখ কৰি ভট্টাচাৰ্যই এইক্ষেত্ৰত শান্তি হ’ল প্রথম চৰ্ত বুলি উল্লেখ কৰে। কংগ্ৰেছ দলে ৰাজ্যখনত শাস্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীক মঙলদৈৰ ঘটনাৰ স’তে জড়িত সকলৰ লগতে এনে কাৰ্যক উদগনি জনোৱা ব্যাক্তিৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায়। আনহাতে আজি পুৱা শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ আজি মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । অভিনৱ কলা কৌশলৰ জৰিয়তে ভাওনাৰ নৃত্যৰে তেজপুৰ ৰাজীৱ ভৱনৰ পৰা জিলা আয়ুক্তৰ কাৰ্য্যালয়লৈ পদ যাত্ৰা কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছৰ সদস্য সকলে ডিঙিত আলু, পিয়াঁজ, বিলাহী, ভাত কেৰেলাৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজ্যৰ কেবিনেট মন্ত্ৰী সকলৰ ডিঙিত,পুতলা সাজি তেওঁলোকৰ মূল্যবৃদ্ধিৰ বাবে কোৱা বাণী মহৎ লোকৰ বাণী বুলি লিখি প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি দলৰ ৰাজ্যিক সভাপতি ভাবেশ কলিতাক আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ ছিণ্ডিকেটৰ ৰজা বুলি অভিহিত কৰাৰ বিপৰীতে যোগান মন্ত্ৰী ৰঞ্জিত দাসক অপদাৰ্থ যোগান মন্ত্ৰী আৰু বিশ্বজিত দৈমাৰীক বিদ্যুতৰ মাচুল বাঢ়িছে গছৰ তলত বহক ইত্যাদি ব্যংগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকটিয়ে অংশগ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More