অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি যতীন গোস্বামীৰ দেহাৱসানত অসম সাহিত্য সভাৰ শোক

0 10

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩ আগষ্ট : অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, বিশিষ্ট সাহিত্যিক, স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটাত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই প্ৰেৰণ কৰা এক শোকবাৰ্তাত অসম সাহিত্য সভালৈ গোস্বামীৰ অৱদান স্মৰণ কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপনেৰে বিদেহ আত্মাৰ সদগতি কামনা কৰে। পুৱাৰ ভাগতে সভাৰ হৈ ড°সঞ্জীৱ কুমাৰ শৰ্মা,অৱনী মোহন চহৰীয়া, প্ৰফুল্ল বৰ্মন প্ৰমুখ্যে বিষয়ববীয়া সকল প্ৰাক্তন উপসভাপতি গৰাকীৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায় ।ইয়াৰ পিছত নৱগ্ৰহ শ্মশানত সভাৰ হৈ চন্দন শৰ্মা,অৱনী মোহন চহৰীয়া, দুৰ্গেশ্বৰ পাঠক, অৰুণ মহন্ত প্ৰমুখ্যে বিষয়ববীয়া সকলে বিশিষ্ট সাহিতিক গৰাকীক শেষ শ্ৰদ্ধা জনায় । আনহাতে আজি সভাৰ বিভিন্ন কাৰ্যালয়ত দিনটোৰ বাবে সভাৰ পতাকা অৰ্ধনমিত হৈ থাকিব বুলিও শোক বাৰ্তাটোত উল্লেখ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More