ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
লখিমপুৰৰ লালুকত মহিলাক বলাৎকাৰৰ অপচেষ্টা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , লখিমপুৰ, ৩০ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত লক্ষণাবড়িত যোৱা ২৭ ডিচেম্বৰত এগৰাকী মহিলাক এজন লোকে বলাৎকাৰৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ সেইদিনাই ভূক্তভোগী মহিলাগৰাকীয়ে লালুক থানাত এজাহাৰ দাখিল কৰাৰ পিছতো এই পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তক আটক নকৰা কাৰ্যত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যাৰফলত ২৯ ডিচেম্বৰত গাঁওখনৰ একাংশ লোক ওলাই আহি লালুক থানাত উপস্থিত হৈ অভিযুক্তক কৰায়ত্তৰ দাবী জনায়৷ ইফালে দুৰ্ভগীয়া তথা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীয়ে আজি সাংবাদিকক কয় যে আৰক্ষীয়ে…
হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন তেজপুৰত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩০ ডিচেম্বৰঃ তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্টুপীয়াকৈ অনুষ্ঠিত এক সভাত হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন কৰা হয়। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া ৰচিত ৩২৩ পৃষ্ঠাৰ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ সম্ভ্ৰান্ত আৰু আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান কথা প্ৰকাশনে। গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক পংকজ বৰুৱা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মহেন্দ্ৰ কুমাৰ নাথে উন্মোচনী বক্তব্যত…
শীতৰ সেমেকা ৰাতি… ( ফটো সংবাদ)
শীতৰ সেমেকা ৰাতিত দিচাং নৈৰ পাৰত বহি এজাক মিচিং ডেকা-গাভৰুৱে ঐনিতম গোৱাত ব্যস্ত, শিৱসাগৰ দিচাংমুখত
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম সমাবৰ্তন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ডিচেম্বৰ: তেজপুৰ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয় বিংশতিতম সমাৱৰ্তন৷ সমাৰোহত উপস্থিত থাকে ৰাজ্যৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য জগদীশ মুখী। আজিৰ এই সমাৱৰ্ত্তনত ১৩৬২ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় বিভিন্ন বিভাগৰ ডিগ্ৰী আৰু ডিপ্লোমা৷ সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশ লয় পদ্মশ্ৰী প্ৰফেচৰ শংকৰ কুমাৰ পালে।উল্লেখযোগ্য যে,পূৰ্ব নিৰ্ধাৰিত সময়তকৈ ডেৰ ঘন্টা পলমকৈ অনুষ্ঠিত হয় তেজপুৰ বিশ্ববিদ্যালয়ৰ বিংশতিতম সমাৱৰ্তনখন৷ বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীৰ আগমণ পলম হোৱা বাবেই সমাৱৰ্তনখন…
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগী হিচাপে পোৱা এটা নিশাৰ ত্যক্ত অভিজ্ঞতা
প্ৰিয়মজ্যোতি ফুকন
নমস্কাৰ গ্ৰহণ কৰিব। কথাখিনি নকলে নহয় বাবে নিজৰ মাজতে সীমাবদ্ধ নাৰাখি সাংবাদিকতাৰ ধৰ্ম মানি ৰাইজৰ বৃহত্তৰ স্বাৰ্থত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মাজনিশা এগৰাকী ৰোগী হিচাপে পোৱা তিক্ত অভিজ্ঞতাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছো। সকলোৰে জ্ঞাত যে লখিমপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ সুদুৰ শোণিতপুৰ, বিশ্বনাথ, মাজুলী, গোগামুখ, ধেমাজি আৰু জোনাইলৈকে সৰ্বসাধাৰণ ৰাইজে উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ঢপলিয়াই আহে। সৰ্বসাধাৰণ ৰাইজৰ একমাত্ৰ আশা ভৰসাৰ থল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়।…
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী সুমেৰ ডুগৰৰ পৰলোকপ্ৰাপ্তি
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ ডিচেম্বৰ :অসম আৰু অসমীয়া লোকৰ সৈতে এক বিস্তাৰিত সামাজিক জীৱনৰ বৰ্ণিল পৰিক্ৰমা সামৰি তেজপুৰৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত সুহন লাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ দাতা সুমেৰ ডুগৰৰ কালি নিশা প্ৰায় ১২ বজাত তেজপুৰ চহৰৰ বি আৰ ৰোডৰ নিজা বাসগৃহ "ময়ূৰ ভৱন" ৮১ বছৰ বয়সত আকস্মিক ভাৱে পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। ১৯৪০ চনৰ ৩ অক্টোবৰত জন্ম গ্ৰহণ কৰা বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী গৰাকী তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী অগ্ৰনী ব্যক্তিত্বই নহয় তেজপুৰৰ ভালেমান…
জীয়াভৰলীৰ খহনীয়াত জাহ যোৱাৰ আশংকাত ভূগিছে ৰঙাপৰাৰ তিনিখন গাঁৱৰ ৰাইজে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ তিনিখন গাঁও জীয়াভৰলীৰ বিধ্বংসী খহনীয়াত ভৱিষ্যতে জাহ যোৱাৰ আশংকাত ভূগিছে ইয়াৰ বাসিন্দাসকলে৷উল্লেখযোগ্য যে, তেজপুৰৰ দোলাবাৰী নপাম হৈ চাৰিশৰীয়া পথ নিৰ্মাণৰ লগতে চকীঘাটত জীয়াভৰলীৰ ওপৰৰে এখন দলঙৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰগতিত চলি আছে৷প্ৰণিধানযোগ্য যে,ইয়াৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অধিগ্ৰহণ কৰা ভূমি আৰু ঘৰৰ বাবে আদায় দিয়া বৃহৎ পৰিমাণৰ ধনৰ এটা বুজন অংশ স্হানীয় দালাল চক্ৰৰ লগতে চৰকাৰী পক্ষৰ সহযোগত নিশাৰ ভিতৰতে ঘৰ সাজি বহুসংখ্যক লোকে আত্মসাত কৰে৷এই বিষয়ে…
তেজপুৰত পথদুৰ্ঘটনা:নিহত এজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: তেজপুৰৰ গৰৈমাৰীত আজি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত ৰঞ্জিত দাস(৫০)নামৰ এজন লোক নিহত হয়।উল্লেখযোগ্য যে,১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰে বালিপৰা দিশৰ পৰা তেজপুৰৰ অভিমুখে আহি থকা এএছ১২এএফ৪৬১১নম্বৰৰ মাৰুতি বাহনখনে পথটো পাৰ হ'বলৈ ধৰা অৱস্থাতে গৰৈমাৰীৰ নিবাসী দাসক খুন্দা মাৰে। ফলত লোকজন থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে পলায়ন কৰে যদিও শালনিবাৰী আৰক্ষীয়ে অনুসৰণ কৰি গাড়ীখন জব্দ কৰিবলৈ সক্ষম৷ কিন্তু ইয়াৰ পূৰ্বেই গাড়ীখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়।
অনিল শইকীয়া আৰু ডাঃ সুৰজিৎ গিৰিক ‘গণ শিল্পী বিক্ৰম সিং য়েইন সোৱৰণী বঁটা
শিৱসাগৰ দিচাং ব্ৰহ্মপুত্ৰ উৎসৱৰ সামৰণি অনুস্থানত অনিল শইকীয়া আৰু ডাঃ সুৰজিৎ গিৰিক 'গণ শিল্পী বিক্ৰম সিং য়েইন সোৱৰণী বঁটা প্ৰদান কৰা দৃশ্য।
শোণিতপুৰৰ বিহগুৰিত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ নল’লে ৰাইজে
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: শোণিতপুৰৰ বিহগুৰি কমাৰ চুবুৰীত এজন লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ নহাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাইজে কোনো এঘৰীয়া কৰা লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি নখাবলৈ যোৱাৰ বাবেই ভোগেশ্বৰ নাথ নামৰ লোকজনৰ মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ৷ এনে অৱস্থাত লোকজনৰ মৃত্যুৰ এদিন পাছত কেইজনমান আত্মীয়ৰ সহায়ত মৃতদেহ সৎকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ উল্লেখযোগ্য যে, ৰিন্টি শইকীয়া নামৰ মহিলাগৰাকীয়ে এই বিষয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে,এমাহ…