লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগী হিচাপে পোৱা এটা নিশাৰ ত্যক্ত অভিজ্ঞতা

বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি

0 684

প্ৰিয়মজ্যোতি ফুকন

    নমস্কাৰ গ্ৰহণ কৰিব। কথাখিনি নকলে নহয় বাবে নিজৰ মাজতে সীমাবদ্ধ নাৰাখি সাংবাদিকতাৰ ধৰ্ম মানি ৰাইজৰ বৃহত্তৰ স্বাৰ্থত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মাজনিশা এগৰাকী ৰোগী হিচাপে পোৱা তিক্ত অভিজ্ঞতাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছো। সকলোৰে জ্ঞাত যে লখিমপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ সুদুৰ শোণিতপুৰ, বিশ্বনাথ, মাজুলী, গোগামুখ, ধেমাজি আৰু জোনাইলৈকে সৰ্বসাধাৰণ ৰাইজে উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ঢপলিয়াই আহে। সৰ্বসাধাৰণ ৰাইজৰ একমাত্ৰ আশা ভৰসাৰ থল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়। প্ৰায় ৫০০ কোটিৰো অধিক ধন ব্যয় কৰি এই চিকিৎসা মহাবিদ্যালয়খন সমগ্ৰ উত্তৰ-পূৱৰ ভিতৰতে আটকধুনীয়াকৈ সাজি উলিওৱা হৈছিল আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাবে উদ্বোধন কৰিছিল।
সিদিনা আছিল ২৫ ডিচেম্বৰ। ভোগপুৰত অনুষ্ঠিত হোৱা অসম নাট্য সন্মিলনৰ অধিবেশনৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ এখন ব্যক্তিগত গাড়ীৰে পৰিচিত এগৰাকী ব্যক্তিৰ সৈতে নিশা ৯ মান বজাত লখিমপুৰৰ ঘৰলৈ উভতি আহি থাকোতে মই হঠাতে ভীষণ অসুস্থ অনুভব কৰোঁ। সমগ্ৰ দেহ ঘামি পৰাৰ লগতে মূৰটো আচন্দ্ৰাই কৰাৰ লগতে বুকুৰ বাওঁফালে বিষ অনুভব কৰি উশাহ- নিশাহ লোৱাত কষ্ট হয়। এইখিনিতে জনাই থও যে বিগত কেইবছৰমানৰ পৰা মই উচ্চ ৰক্তচাপ, মধুমেহ আৰু গেচৰ সমস্যাত ভুগি আছো। কোনোমতে আহি ঘৰ পোৱাৰ পিছত মোৰ স্বাস্থ্যৰ অধিক অবনতি ঘটাত চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱাৰ সিদ্ধান্ত কৰোঁ। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খৰ ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট ডাঃ নিখিল কাকতি দাদাৰ সৈতেও ফোনত যোগাযোগ কৰাত তেওঁ তৎকালীনভাবে চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসা গ্ৰহণ কৰিবলৈ কয়। মই যিহেতু অকলশৰীয়া মহিলা, চিকিৎসালয়লৈ নিব পৰাকৈ মানুহ বিচাৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত  নিশা ১১ বজাৰ পূৰ্বে উপস্হিত হওঁ।
চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে ই চি জি আৰু তেজৰ দুটামান পৰীক্ষা কৰোৱায়। এইকেইটা কৰি সম্পূৰ্ণ হওঁতে নিশা প্ৰায় ১ মান বাজে। মই কেইদিনমান পূৰ্বে মই ব্যক্তিগত লেবত পৰীক্ষা কৰোৱা ব্লাড চুগাৰ ৰিপৰ্টটো দেখুওৱাও। নিয়মিত মই পুৱা এটাকৈ প্ৰেচাৰৰ টেবলেট খাও যদিও সিদিনা গাড়ীৰে ভোগপুৰৰ আহি থাকোতে গাটো অত্যধিক বেয়া লগাত পুনৰ আন এটা টেবলেট খাওঁ। চিকিৎসকে ই চি জিৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু এটা তেজৰ পৰীক্ষাৰ ৰিপৰ্ট চাই হাৰ্টৰ অসুখ নাই বুলি কয়। উল্লেখ্য যে পূৰ্বে লখিমপুৰ অসামৰিক চিকিৎসালয়ত কৰা প্ৰতিটো পৰীক্ষা বিনামূলীয়া আছিল যদিও লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰতিটো পৰীক্ষণৰ বাবে যথেষ্ট মূল্য ভৰিব লগা হয়। বাহিৰৰ ব্যক্তিগত লেবতকৈ কিছু পৰিমানেহে কম। চিকিৎসকে নিদান পত্ৰত কেইটামান দৰব লিখি মোক দ্বিতীয় মহলাৰ মেডিচিন বিভাগৰ মহিলা ৱাৰ্ডত ভৰ্তি হবৰ বাবে হুইল চেয়াৰত যাবলৈ দিয়ে। মই জৰুৰীকালীন বিভাগৰে এখন বিচনাত নিশাটো কটাবলৈ বিচাৰিছিলো যদিও চিকিৎসকে মোক মেডিচিন বিভাগলৈ প্ৰেৰণ কৰাত যাবলৈ বাধ্য হওঁ। হুইল চেয়াৰখন থেলি লৈ যোৱা কৰ্মচাৰী নিশ্চিতভাৱে থাকিব লাগে যদিও কোনেও থেলি নিদিয়াত মোক থবলৈ যোৱা ব্যক্তিজনে হুইল চেয়াৰখন থেলি ৱাৰ্ডলৈ নিয়ে। তাত ছজনীয়া কোঠাটোত থকা এখন বিচনা পাৰি দিয়াৰ অপেক্ষা কৰোঁ। তেনেতে নাৰ্চ দুগৰাকী মান আহি পূৰ্বে কোনো মহিলা ৰোগীয়ে ব্যৱহাৰ কৰি বিচনাখনৰ একোনত চপাই কোচাই থৈ যোৱা বিচনা চাদৰ আৰু গাৰুত মোক শুবলৈ কয়। মই তেনেদৰে আন ৰোগীয়ে ব্যৱহাৰ কৰি যোৱা বিচনা চাদৰত শুবলৈ অমান্তি হওঁ আৰু বেলেগ চাফা এখন বিচনা চাদৰ পাৰি দিবলৈ কওঁ। তেওঁলোকে বেলেগ আৰু বিচনা চাদৰ নাই আৰু তাতেই শুব লাগিব বুলি কয়। এগৰাকী নাৰ্চে মোৰ ঘৰ ক’ত আৰু ওচৰত হোৱা হলে এখন বিচনা চাদৰ লৈ আহিব পাৰিলেহেঁতেন বুলি কয়। নহলে শুদা মেট্ৰচতে শুব লাগিব আৰু তেওঁলোকৰ অপাৰগতা প্ৰকাশ কৰে। মই নিজকে মিডিয়াৰ বুলি পৰিচয় দিওঁ আৰু বিশেষ কথাৰ কটা- কটি নকৰাকৈ ইয়াত এনেদৰে থকাটো সম্ভৱ নহয় বুলি কৈ গ্ৰাউন্ড ফ্লৰৰ জৰুৰীকালীন বিভাগলৈ উভতি আহো।
জৰুৰীকালীন বিভাগৰ চিকিৎসকক বিষয়টো অৱগত কৰি যেনে তেনে এখন বিচনা চাদৰ যোগাৰ কৰি মোক নিশাটো থকাৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাও আৰু নিজকে সাংবাদিক বুলি পৰিচয় দি মোৰ দৈনিক অসমৰ প্ৰেছ কাৰ্ড আৰু অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সাংবাদিক স্বীকৃতি প্ৰাপ্ত কাৰ্ড দুখন দেখুওৱাও। আন উপাই নহলে জৰুৰীকালীন বিভাগৰে খালী থকা এখন বিচনাত থাকিবলৈ সুবিধা কৰি দিবলৈ আৰু মই অকলশৰীয়া মহিলা বুলি জানিবলৈ দিওঁ। তাত উপস্হিত থকা দুয়োগৰাকী চিকিৎসকে পোনচাটেই মোৰ অনুৰোধ নাকচ কৰি চিকিৎসা কৰাতোহে তেওঁলোকৰ দায়িত্ব বিচনা চাদৰ যোগাৰ কৰাটো তেওঁলোকৰ দায়িত্ব নহয় বুলি কয়। সেয়া মেনেজমেণ্টৰ দায়িত্ব আৰু জৰুৰীকালীন বিভাগত ৰোগীক থাকিবলৈ বিচনা দিয়াতো নিয়মত নপৰে বুলি কৈ মোক ৰাখিবলৈ অমান্তি হয়। মই তেতিয়া মেনেজমেণ্টনো কোন আৰু তেওঁলোকৰ ফোন নম্বৰ বিচাৰো আৰু মোক ফোনত কথা পতাই দিবলৈ কওঁ। নিশাৰ ভাগত চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা এজন বা দুজন ইনচাৰ্জ থাকিব লাগে যদিও মই তেওঁলোকক বিচাৰি নাপালো। উপস্হিত থকা চিকিৎসক দুগৰাকীয়ে তেওঁলোকৰ ফোনো ইনচাৰ্জ দুগৰাকীয়ে ধৰা নাই বুলি মোক অবগত কৰে। উপায়হীন হৈ সমগ্ৰ বিষয়টো মই মুখ্যমন্ত্ৰীক অবগত কৰিম, উপায়ুক্ত, বিধায়ক, সাংসদ সকলোকে জনাম বুলি কওঁ। সুদীৰ্ঘ ১৬ বছৰে সাংবাদিকতা কৰাৰ পিছতো আজি মোৰ এনে দশা হল আৰু এয়া অত্যন্ত দুৰ্ভাগ্যজনক, বিনা চিকিৎসাৰে ঘৰলৈ উভতি গৈ মোৰ মৃত্যু হলে তাৰ বাবে আপোনালোক জগৰীয়া হব বুলি কৈ ঘৰলৈ উভতি আহিবলৈ লৈ গেটৰ ওচৰ পাওঁগৈ। তেনেকুৱাতে মোৰ স্বাস্থ্যৰ অধিক অবনতি ঘটে। ঘৰলৈ যাবলৈ মোৰ জীয়াৰীলৈ বুলি ফোন লগাওঁতে নিশা ১বাজি ৭ মিনিট হৈছিল। তাই অত্যন্ত চিন্তিত হৈ  মোক চিকিৎসা গ্ৰহণ কৰিবলৈ কোৱাত জৰুৰীকালীন বিভাগলৈ উভতি যাওঁ।

      উভতি গৈ চিকিৎসকক চিকিৎসা প্ৰদান কৰিবলৈ কওঁ। তেনেতে মোৰ পৰিচিত নৰ্থ লখিমপুৰ কলেজৰ কেইবাগৰাকীও সহকাৰী অধ্যাপকে সতীৰ্থ এগৰাকীৰ চিকিৎসাৰ বাবে তালৈ আহে। মোক তেনে অৱস্হাত হুইলচেয়াৰত বহি থকা দেখি বিষয়টো কি সোধে। মই সমগ্ৰ বিষয়টো বিৱৰি কওঁ। ধৈৰ্য ধৰাচোন কিবা এটা ব্যৱস্থা হব নহয় বুলি কৈ মোক শান্তনা দিয়াৰ চেষ্টা কৰে। মোৰ সেই সময়ত চুগাৰ লেভেল কিমান আছে চিকিৎসকৰ পৰা জানিব বিচৰাত ৰেন্ডম চাবলৈ চিকিৎসালয়ত ৰেপিড কিট নাই বাবে পৰীক্ষা কৰা নাই বুলি ক’লে। চিকিৎসা মহাবিদ্যালয় এখনত অত্যন্ত প্ৰয়োজনীয় ৰেপিড কিট নথকাতো কেনেধৰণৰ কথা বুলি মই ক্ষোভ প্ৰকাশ কৰি মই ব্লাডৰ চেম্পলৰ পৰা কিয় পৰীক্ষা নকৰিলে বুলি প্ৰশ্ন কৰাত তেওঁ লেবৰেটেৰীলৈ ফোন কৰি ৰেন্ডম পৰীক্ষা কৰিবলৈ কয়। মোৰ ৰেন্ডমৰ ফলাফল ২৮৫ আহে যিটো উচ্চ সীমা ১৬০ আহিব লাগে। আৰু চিকিৎসালয় গৈ পোৱাৰ পিছত প্ৰেছাৰ পৰীক্ষা কৰোতে ৯২/১৮১ ওলাইছিল। সেই উচ্চ সীমা মোৰ বৰ্তমালৈকে ওলোৱা প্ৰেচাৰৰ পৰিমাণ সৰ্বাধিক। তেওঁলোকে বিশেষজ্ঞ চিকিৎসকক তালৈ মাতি মোক সাময়িকভাৱে ৰোগৰ পৰা উপশম দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল যদিও তেনেকুৱা একো নকৰিলে। মোৰ পূৰ্বে খাই থকা ঔষধ সমূহ কেইদিনমান চাই সলাব লগা হব পাৰে বুলিহে কয়। তেতিয়া নিশা প্ৰায় ১.৩০ বাজিছিল। তেওঁলোকে মোক জৰুৰীকালীন বিভাগত এখন বিচনা দিয়াত মই শুবলৈ যাওঁ। মোক এটা গেচৰ বেজী দিয়ে। চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা হিচাপে পোৱা সেইটোৱে মোৰ প্ৰথম আৰু শেষ চিকিৎসা। তেতিয়া প্ৰেছক্ৰিপচনত লিখি দিয়া দৰব কেইটা আনি দিবলৈ কয়। মোক থবলৈ যোৱা ব্যক্তিজনে চিকিৎসালয় সংলগ্ন ফাৰ্মাচীলৈ যায় যদিও চিকিৎসকে লিখি দিয়া এটাও ঔষধ তাত নোপোৱাত বাহিৰৰ ফাৰ্মাচীলৈ গৈ ঔষধ কেইটা কিনি আনোতে তেতিয়া নিশা প্ৰায় ২ বাজে। ঔষধৰ নামত এটা গেচৰ চিৰাপ আৰু গেচৰ টেবলেট দি দায় সাৰে। আশ্চর্য্যজনক ভাবে শিৰাৰ পৰা তেজ সংগ্ৰহ কৰোতে ভেইন সমূহ স্পষ্ট হবলৈ হাতত মাৰি লোৱা বেল্ট ডালৰ চাপ্লাই নাই বুলি নাৰ্চ আৰু লেব টেকনিচিয়ানে মোক জানিবলৈ দিয়ে। বেল্ট ডাল নোহোৱাত মোৰ দুয়োখন হাতৰ শিৰাত বাৰে বাৰে খুচিব লগা হোৱাত তেজ ওলাই আহে আৰু মই কষ্ট পাও। জৰুৰীকালীন কোঠাৰ দুটা টয়লেটৰ এটাৰ কদৰ্য পৰিবেশ দেখি মোৰ ওকালি আহে আৰু ব্যৱহাৰ নকৰাকৈ ওলাই আহিবলৈ বাধ্য হওঁ।
পুৱা ৭.৩০ মান বজাত চিকিৎসকে মোক মহিলা মেডিচিন বিভাগলৈ যাবলৈ কয় আৰু তালৈ নিয়মমাফিক ভিজিট দিবলৈ অহা চিকিৎসকে চাব আৰু সেই গৰাকীয়েহে ডিচাৰ্জ দিব বুলি কয়। যিটো ৱাৰ্ডত মই থাকিব নোৱাৰি উভতি আহিবলৈ বাধ্য হলো তালৈ মই কোনো কাৰণতে নাযাওঁ আৰু পাৰিলে আপুনিয়ে ডিচাৰ্জ দিয়ক বুলি অনুৰোধ কৰাত পিছত ডিচাৰ্জ লিখি যায়। আউটডৰৰ ৯ নম্বৰ কাউন্টাৰত পইচা জমা দি ক্লজ কৰিবলৈ যাওতে ডাঃ মুনীন বৰদলৈক লগ পাওঁ। তেওঁ মেডিচিনৰ ডাক্টৰক দেখাই যাবলৈ কোৱাত গয়াৰী উপাধিৰ এগৰাকী চিকিৎসকক আউটডৰত দেখুওৱাও। ডাক্টৰজনে কেইটামান পৰীক্ষা লিখি দিয়ে। পৰীক্ষা কেইটা সেইদিনা সম্পন্ন হল যদিও ৰিপৰ্ট সেইদিনা নাপালো। গতিকে বিনা চিকিৎসাই মই ঘৰলৈ উভতিলো। শাৰিৰীক মানসিকভাবে মই বৰ ভাগি পৰিছো। সিদিনাৰ ঘটনাৰ পিছত আজিলৈকে চিকিৎসালয় কৰ্তৃপক্ষই মোৰ খবৰ লোৱা নাই। ঘটনাটোৰ বিষয়ে জানিবলৈও বিচৰা নাই। চিকিৎসা মহাবিদ্যালয়ত ৰিপৰ্ট দেখুৱাবলৈ তিনি চাৰিদিন গৈ চিকিৎসক লগ নাপাই ঘৰলৈ উভতি অহাৰ অভিজ্ঞতা মোৰ পূৰ্বেও আছে। যি সময়ত তেওঁলোক চিকিৎসা মহাবিদ্যালয়ত থাকিব লাগে তাৰ সলনি তেওঁলোক ব্যক্তিগত চেম্বাৰ আৰু নাৰ্চিংহোমতহে ৰোগী চাই বুলি জানিব পাৰো।

এতিয়া মোৰ প্ৰশ্ন সমূহ হৈছে-
১/ ইমান কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা চিকিৎসালয়খনত ৰোগীক দিবলৈ এখন বিচনা চাদৰ নথকাতো কেনেধৰণৰ কথা। সেয়া মেনেজমেণ্টৰ ভুল নে দায়িত্বহীনতা। নে প্ৰয়োজনীয় বিচনা চাদৰ বিভাগে যোগান দিয়া নাই।
২/ইমান এখন বৃহৎ মেডিকেল কলেজত ইনচাৰ্জ থাকিব লাগে নে নালাগে?
৩/ এগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ জৰুৰীকালীন বিভাগৰ চিকিৎসকে যথেষ্ট নেকি। নিশাৰ ভাগত বিশেষজ্ঞ চিকিৎসক মতাৰ ব্যৱস্থা নাই নেকি।
৪/ চিকিৎসালয়ৰ ফাৰ্মাচীত সাধাৰণ দুই চাৰিটা ঔষধৰ বাদে জীৱন দায়িনী ঔষধৰ অভাৱ। সকলো ঔষধেই অধিক মূল্য ভৰি বাহিৰৰ ফাৰ্মাচীৰ পৰা কিনিব লগা হয়।
৫/ সকলো পৰীক্ষণ মূল্য ভৰি কৰিব লগা হয়। যি সমূহ পৰীক্ষণ পূৰ্বে লখিমপুৰ অসামৰিক চিকিৎসালয়ত সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পন্ন হৈছিল।
৬/ চিকিৎসালয়ত সাধাৰণ ই চি জি মেচিনৰ বাবে হাৰ্টৰ পৰীক্ষণৰ বাবে ইক ই চি জিকে ধৰি আন উন্নত মানৰ পৰীক্ষণ সামগ্ৰী নাই। পৰীক্ষণত যি মূল্য ভৰিব লাগে সেয়া বাহিৰৰ লেবতকৈ কিছুহে কম। যিহেতু আৰ্থিকভাবে দুৰ্বল লোক আৰু নিম্ন মধ্যবিত্ত লোক সকলহে প্ৰধানকৈ চিকিৎসালয়খনলৈ আহে, গতিকে এই পৰীক্ষণ সমূহ বিনামূলীয়া হব লাগে।
৭/ প্ৰতিটো বিভাগৰে বিশেষজ্ঞ চিকিৎসকক নিয়োগ কৰি নিয়মীয়াকৈ উপস্হিত থকাৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোক আচলতে কেইদিন সপ্তাহত উপস্হিত থাকিব লাগে সেয়া ৰাজহুৱা কৰিব লাগে। তেওঁলোকে তাত সেৱা আগবঢ়োৱাতকৈ ব্যক্তিগত চেম্বাৰ আৰু নাৰ্চিংহোমতহে সেৱা আগবঢ়োৱা দেখা যায়।
৮/ চিকিৎসালয়ত ৰেপিড কিট, ব্লাডৰ চেম্পল সংগ্ৰহ কৰোতে হাতত মাৰি লোৱা বেল্ট ডাল যোগান নথকাতো কেনেধৰণৰ কথা। অতি প্ৰয়োজনীয় এন্টি ৰেবিচ ভেকচিন প্ৰায়ে উপলদ্ধ নাথাকে।
৯/ চতুৰ্থ বৰ্গৰ প্ৰয়োজনীয় কৰ্মচাৰী নাই নেকি। নে থাকিও তেওঁলোক কতৰ্ব্যত গাফিলতি কৰে। মোৰ ক্ষেত্রত হুইল চেয়াৰখন থেলি দিয়া কৰ্মচাৰীও নাপালো।
১০/ চিকিৎসালয় কৰ্তৃপক্ষই ঘটনাৰ চাৰি পাঁচ দিন উকলি যোৱাৰ পিছতো সামান্যতম মানবীয়তা প্ৰদৰ্শন কৰি এটা খবৰ লোৱাৰো প্ৰয়োজন বোধ নকৰিলে।
১১/ সমগ্ৰ বিষয়টো উচ্চস্তৰীয় তদন্ত হোৱাতো বিচাৰোঁ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More