ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
সচেতন নাগৰিক সমাজৰ প্ৰতিষ্ঠা দিৱসত লখিমপুৰৰ সমস্যা আৰু সমাধানৰ উপায় শীৰ্ষক আলোচনা চক্ৰ
উত্তৰ লখিমপুৰ ২০ জুন: লখিমপুৰ সচেতন নাগৰিক সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি লখিমপুৰ বাণিজ্য মহাবিদ্যালয় প্ৰাঙ্গণত ১৯ জুনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি আগবেলা পাব্লিক বাছ ষ্টেণ্ড, আদৰ্শ হোটেলৰ দাঁতিত বৃক্ষ ৰোপন কৰে। পাছবেলা বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পনৰ পাছত লখিমপুৰ সচেতন নাগৰিক সমাজৰ সভাপতি বিদ্যাধৰ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখনিত আদৰণি অভিভাষণ আগবঢ়াই আঁত ধৰে অসম বহু ভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচে। "লখিমপুৰ নগৰৰ সমস্যাৰাজি আৰু সামাধানৰ উপায়"…
পি এম এ ৱাই গৃহ নিৰ্মাণত কেলেংকাৰিঃ লক্ষীমপুৰত পঞ্চায়ত সচিবসহ তিনিজনক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ লক্ষীমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অধীনৰ ডিক্ৰং পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত কেলেংকাৰি সন্দৰ্ভত বিহপুৰীয়া আৰক্ষীয়ে পঞ্চায়তৰ সচিবসহ তিনিজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডিক্ৰং গাঁঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস গৃহ নিৰ্মাণত বৃহৎ কেলেংকাৰি সংঘটিত হোৱা সন্দৰ্ভত কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে যোৱা ৩ জুনত বিহপুৰীয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত বিহপুৰীয়া…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্যাপন
উত্তৰ লক্ষীমপুৰ, ২০ জুনঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি কলাগুৰু বিষ্ণুৰাভা দিৱস উদ্যাপন কৰা হয়। অনুষ্ঠানটিত কলাগুৰু জনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই । মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পুস্পাঞ্জলি অৰ্পণ কৰে। অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপিকা মৃদুস্মিতা হাজৰিকাই। নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তিলক চন্দ্ৰ ডেকাই। তেখেতে কলাগুৰু জনাৰ বিশাল কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বৰ্তমান সময়ত বিষ্ণুৰাভা অধ্যয়নৰ…
তেজপুৰত অভিনন্দন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২০জুনঃ ইন্দ্ৰধনুছ চ’চিয়েল ৱেলফেয়াৰ চ’ছাইটিৰ সৌজন্যত তেজপুৰত আজি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্হান প্ৰাপ্ত আৰু ডিষ্টিংচন প্ৰাপ্ত মেধাবী ছাত্ৰছাত্ৰী সকলক অভিনন্দন জনোৱা হয়৷ অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক ড° ভূৱনেশ্বৰ চহৰীয়া, আই আই টি ৰ সঞ্চালক প্ৰাঞ্জল শইকীয়া তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথ, চিকিৎসক এছ কে ৱাজি উপস্হিত থাকে ৷ অনুষ্ঠানটি পৰিচালনা কৰে ছ’চইটিৰ সভাপতি জিতু মহন্তই আৰু পৰিচালনা কৰে সাধাৰণ…
লক্ষীমপুৰত বিভিন্ন স্থানত ৰাভা দিৱস উদ্যাপন
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ২০ জুনঃ আজি সমগ্ৰ ৰাজ্যৰ লগতে লক্ষীমপুৰ জিলাতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাভা দিৱসটি বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰে৷ জিলাখনৰ অ পি ডি মহাবিদ্যালয়ৰ লিটাৰেৰী আৰু গ্ৰামা ক্লাবৰ উদ্যোগত অসমীয়া বিভাগ আৰু তেলাহী কমলাবাৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত দিৱসটি উদযাপন কৰা হয়৷ মহাবিদ্যালয়খনত দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় তেলাহী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লোহিত খাউণ্ডে৷ অনুষ্ঠানটিৰ উদ্বোধনী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সুৰেশ দত্তই৷ অনুষ্ঠানটোত…
লখিমপুৰৰ বিস্তৃত গো উন্নয়ন প্ৰকল্পত নাইট্ৰজেন গেছৰ ভঁৰাল গোট উদ্বোধন মন্ত্ৰী অতুল বৰাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুনঃ দুগ্ধ উৎপাদনত আমাৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰাৰ বাবে কৃত্ৰিম প্ৰজননৰ জৰিয়তে গাইগৰুৰ সংখ্যা বৃদ্ধিত পশুপালন বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰিছে। আজি লখিমপুৰ জিলাৰ চৰাইমৰীয়াস্থিত "বিস্তৃত গো উন্নয়ন প্ৰকল্প (ICDP) কাৰ্যালয়"ৰ চৌহদত Frozen Semen Straw নষ্ট নোহোৱাকৈ মজুত কৰি ৰখাৰ বাবে প্ৰয়োজনীয় নাইট্ৰজেন গেছৰ এটি ভঁৰাল গোটৰ শুভ উদ্বোধন কৰাৰ লগতে গোধনৰ কৃত্ৰিম প্ৰজননৰ বাবে প্ৰয়োজনীয় "Sexed Sorted Semen"ৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই। যোৱা ১৩ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…
চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসীৰ বাবে আসন সংৰক্ষণকলৈ সৰৱ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০জুনঃ “ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰবাসী ভাৰতীয়ৰ নামত আসন সংৰক্ষণৰ যি পোষকতা কৰিছে, সেয়া বাতিল কৰিব লাগিব৷ অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক চূড়ান্ত অন্যায়৷” তেজপুৰত আজি এইদৰে মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজপুৰত আয়োজিত আছুৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস থলীত সৰৱ হৈ পৰে ড° ভট্টাচাৰ্য৷ তেওঁ ১২৫ ৰো অধিক আসন কিহৰ ভিত্তিত এন আৰ আইৰ বাবে সংৰক্ষণ কৰিব ওলাইছে,…
জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তঃ লক্ষীমপুৰত চি বি আইৰ অভিযান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ জুনঃ ৰাজ্য জোকাৰি যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে অসমলৈ অহা চি বি আই দলটো আজি আহি লক্ষীমপুৰত উপস্থিত হয়৷ ৰাজ্য চৰকাৰে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে চি বি আইলৈ গোচৰটো হস্তান্তৰ কৰাৰ পিছতে চি বি আই দলে অভিযান আৰম্ভ কৰিছে৷ ইতিমধ্যে নগাঁৱৰ পৰা লক্ষীমপুৰত উপস্থিত হোৱা লাভলী কাটিয়াৰৰ নেতৃত্বত অহা ৮ জনীয়া চি বি আই দলটো লক্ষীমপুৰত উপস্থিত হৈ আজি নাওবৈচা বৰছলাৰ নকল সোণৰ মাষ্টাৰমাইণ্ড আজগৰ আলিৰ বাসগৃহত উপস্থিত হৈ মাতৃ আমিনা খাতুনক জেৰা কৰে৷ উল্লেখ্য যে যোৱা ৬ মে’ত জোনমণি ৰাভা…
ডিপোতা নৈত সন্ধানহীন পুত্ৰঃ বৰ জীয়াৰীৰ পৰা দীৰ্ঘদিনে বিচ্ছিন্নঃ তেজপুৰৰ এটা পৰিয়ালত হাঁহাকাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৯জুনঃ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে ৰাইজৰ মাজত প্ৰতিক্রিয়াৰ সৃষ্টি কৰিছে।বাঢ়নী পানীত নিজৰ পুত্ৰ উটি যোৱা চাৰিটা দিনৰ পাছতো কোনো সন্ধান নোলোৱাৰ পাছত বৰ জীয়াৰী সন্ধানত ভাগি পৰিছে পৰিয়ায়টো।উল্লেখ্য যে, তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী খণ্ডৰ বেতনিঝাৰৰ সুখু ভেংৰা আৰু চোমাৰী ভেংৰাৰ একমাত্ৰ পুত্ৰ অমুজ ভেংৰা ডিপোতা নৈত সন্ধানহীন হোৱা চাৰিদিন হ’ল যদিও ২২বছৰীয়া যুৱকজনৰ সন্ধান বৰ্তমানলৈকে ওলোৱা নাই৷ আজিও ডিপোতা নৈত এছডিআৰএফৰ উদ্ধাৰকাৰী দলে দীঘলীয়া সময় অভিযান চলালেও নিৰুদ্দিষ্ট…
চৰকাৰী মাটি বেদখল কৰি আট্টালিকা নিৰ্মাণ বিধায়ক গণেশ লিম্বুৰঃ ব্যপক প্ৰতিক্রিয়া
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১৯জুনঃ চৰকাৰী ভূমিত বসবাস কৰা সকল বেদখলকাৰী৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বেদখলকাৰী সকলক উচ্ছেদৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযান৷ বনাঞ্চলৰ লগতে সত্ৰৰ ভূমি বেদখল মুক্ত কৰিছে চৰকাৰে৷ কাৰণ সেয়া চৰকাৰী ভূমি৷ একাংশ সন্দেহজনক লোকে বেদখল কৰি থকা চৰ অঞ্চলো মুকলি কৰিলে চৰকাৰে৷ চৰকাৰী বিষয়া আৰক্ষী বাহিনী লৈ বুলডজাৰ, জেচিবি চলালে বেদখলকাৰীৰ বাসগৃহ সমুহত৷ কিন্তু যদি খোদ বিজেপি চৰকাৰৰ বিধায়কেই চৰকাৰী ভূমি বেদখল কৰি গৃহ নিৰ্মাণ কৰে তেতিয়া তেঁওলোকৰ বিৰূদ্ধে কি ব্যৱস্হা ল’ব শোণিতপুৰৰ…