অৰুণাচলত নিয়োজিত M777 হাউৱিটজাৰ

৩০ কিলোমিটাৰ দূৰত্বতো আঘাত সানিব পাৰে

0 50
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ছেপ্টেম্বৰ: আমেৰিকাৰ পৰা আমদানি কৰা হাউইজাৰ অৰুণাচলত মোতায়েন কৰা হৈছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা বাহিনীক প্ৰতিহত কৰাৰ বাবে এই বিশেষ পদক্ষেপ। মেজৰ জেনেৰেল এম এছ বেইনছে কয় যে এম ৭৭৭ আল্ট্ৰা লাইট হাউইটজাৰে অৰুণাচলৰ দুৰ্গম উপত্যকাত সেনাক শক্তিশালী কৰিব। এজন বিষয়াৰ মতে, অসমৰ দিনজান সেনা ঘাটি সেনা শক্তিৰ অন্যতম কেন্দ্ৰ আৰু চীনা সেনাৰ সৈতে মুখামুখি কৰিবলৈ ভাৰতীয় সেনাৰ এক কৌশলগত পদক্ষেপ আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰা ঠাই দিনজান। এই ঘাটিৰ পৰাই চীনক সহায় কৰিবলৈ আমেৰিকাৰ যুদ্ধ বিমান উৰি যোৱাৰ কথা আছিল। সেই সময়ত আমেৰিকাৰ যুদ্ধ বিমানসমূহ মূলতঃ জাপানৰ বিৰুদ্ধে কেইবাটাও ভয়ংকৰ অভিযানত নিয়োজিত আছিল। আৰু সেই দিনজানেই এতিয়া ভাৰতীয় সেনাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ ঘাটি। এই অঞ্চলত একাধিক এণ্টি টেংক আৰু এণ্টি মিছাইল হেলিকপ্টাৰ ৰখা হৈছে। সেই অঞ্চলত এতিয়া M777 মোতায়েন কৰা হৈছে। যুদ্ধ বিশেষজ্ঞ লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ডিবি শেকাটকাৰে কয়— “আমি বিচৰা ঠাইতে এই এম৭৭৭ খন স্থাপন কৰিব পাৰিম।” ইফালে, অৰুণাচল প্ৰদেশত ভাৰতে ব’ফ’ৰ্ছো মোতায়েন কৰিছে। ৰাজ্যখনত কেইবাটাও আধুনিক অস্ত্ৰ-শস্ত্ৰ, আই এছ আৰ ব্যৱস্থা, হাই-টেক চেন্সৰ, ৰাডাৰ, ইউ এ ভি, আধুনিক যোগাযোগ সঁজুলি ব্যৱস্থাও সংস্থাপন কৰা হৈছে। উল্লেখ্য যে ২০১৬ চনৰ নৱেম্বৰ মাহত ভাৰতে ১৪৫টা হাউইটজাৰৰ নিৰ্দেশ দিছিল। ১৫৫মিমি/৩৯ কেলিবাৰৰ এই হাউইটজাৰ ৩০ কিলোমিটাৰ দূৰত্বত খুন্দা মাৰিবলৈ সক্ষম। কিন্তু কিছুমান ক্ষেত্ৰত ই ৪০ কিলোমিটাৰ দূৰত্বৰ ভিতৰতো লক্ষ্যত আঘাত কৰিব পাৰে। টাইটানিয়াম আৰু এলুমিনিয়াম এলয়ৰে নিৰ্মিত এই হাউইটজাৰৰ ওজন ৪২১৮ কিলোগ্ৰাম।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More