অৰুণাচলত মাৰণাস্ত্ৰসহ ধৃত ২ ইএনএনজি বিদ্ৰোহী

0 17
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমছাত স্থানীয় আৰক্ষী আৰু আছাম ৰাইফলছৰ দলে চলোৱা এক যৌথ অভিযানত ইষ্টাৰ্ণ নাগা নেচনেল গৱৰ্ণমেণ্ট (ইএনএনজি) নামৰ বিদ্ৰোহী সংগঠনটোৰ ২ সক্ৰিয় কেডাৰক মাৰণাস্ত্ৰসহ মঙ্গলবাৰে আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ইএনএনজি কেডাৰদ্বয় ক্ৰমে বিদ্ৰোহী সংগঠনটোৰ স্বয়ম্ভু মেজৰ নানু টামাং আৰু লেফটেনেণ্ট টাংচিং লংচিং বুলি প্ৰকাশ ৷ অভিযানকাৰী দলে উগ্ৰপন্থীদ্বয়ৰ জিম্মাৰ পৰা ২ টা পিষ্টল আৰু ১ টা মেগজিন জব্দ কৰে ৷ দুয়োকে বৰ্তমান বৰডুমছা থানাত সোধপোছ কৰি থকা হৈছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More