অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ভয়াৱহ সংকটত এছিয়া ব্লুমবাৰ্গৰ মতে ভাৰতত নপৰে ইয়াৰ প্ৰভাৱ!

0 42

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : কৰ’ণাৰ পিছৰ সময়ছোৱাত সমগ্ৰ বিশ্বক আৱৰি ধৰিছে অৰ্থনৈতিক মন্দাৱস্থাৰ ক’লা ছাঁয়াই। এছিয়াত পাকিস্তান আৰু শ্ৰীলংকা গভীৰ অৰ্থনৈতিক সংকটত পৰিছে। বাংলাদেশো লাহে লাহে একে পথেৰে আগবাঢ়িছে। চীনৰ অৰ্থনীতি বৰ বেয়া। এনে অৱস্থাত ভাৰতৰ অৱস্থা কেনেকুৱা হ’ব তাক লৈ চিন্তিত হৈ পৰিছে দেশৰ অৰ্থনীতিবিদসকল। অৱশ্যে বিখ্যাত জৰীপ কোম্পানী ব্লুমবাৰ্গে সমগ্ৰ ভাৰতৰ জনসাধাৰণক আশ্বাস প্ৰদান কৰি এক প্ৰতিবেদন দাখিল কৰিছে। বিশ্ব অৰ্থনৈতিক মন্দাৱস্থা সম্পৰ্কে এই কোম্পানীটোৱে এক সমীক্ষা চলাইছিল। কোৱা হৈছে যে এছিয়াৰ কেইবাখনো দেশ অৰ্থনৈতিক মন্দাৱস্থাত ভুগিলেও ভাৰত বাচি থাকিব। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি শ্ৰীলংকাৰ ওপৰত অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰভাৱ প্ৰায় ৮৫ শতাংশ হ’ব। যিটো সৰ্বোচ্চ। দ্বিতীয় স্থানত আছে নিউজিলেণ্ড। সেই দেশত অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰভাৱ প্ৰায় ৩৩ শতাংশ হ’ব। ২০ শতাংশ ক্ষতিগ্ৰস্ত হ’ব ভাৰতৰ চুবুৰীয়া দেশ চীন আৰু পাকিস্তান। এই প্ৰতিবেদনৰ তলত ভাৰত আছে। বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাৰ শূন্য শতাংশ প্ৰভাৱ পৰিব ভাৰতৰ। ব্লুমবাৰ্গে এনে আশাৰ খবৰেই শুনালে। অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম এটাৰ পিছত এটাকৈ বৃদ্ধি কৰা হৈছে। মুদ্ৰাস্ফীতিৰ চাপ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে ঘৰুৱা ক্ষেত্ৰত। কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বই মুদ্ৰাস্ফীতিৰ এক কঠিন সময়ৰ সন্মুখীন হৈছে। ভৱিষ্যতে এই মন্দাৱস্থা অতি বিপজ্জনক হৈ পৰিব পাৰে বুলিও আশংকা কৰিছে অৰ্থনীতিবিদসকলে। এই মুদ্ৰাস্ফীতি আৰু বিত্তীয় মন্দাৱস্থাৰ প্ৰভাৱ কেইবাখনো প্ৰধান দেশত ব্যাপক হ’বলৈ গৈ আছে। কিন্তু বিশ্বৰ মুদ্ৰাস্ফীতিৰ পৰা মুক্তি পাবলৈ ভাৰতৰ হাতত এতিয়াও এটা উপায় আছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে এনে আশা প্ৰকাশ কৰিছে। এছিয়াৰ অৰ্থনৈতিক মন্দাৱস্থাই শ্ৰীলংকাত সৰ্বাধিক প্ৰভাৱ পেলাব। ইতিমধ্যে দ্বীপ ৰাষ্ট্ৰখন অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। যাৰ পিছত বিশ্ব অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰভাৱ পুনৰ আহিবলৈ ওলাইছে। জনা গৈছে যে শ্ৰীলংকাত অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা ৮৫ শতাংশ। আনহাতে বিশ্ব অৰ্থনৈতিক মন্দাৱস্থাই চীনকো প্ৰভাৱিত কৰিবলৈ গৈ আছে। ইতিমধ্যে কৰ’নাৰ বাবে চীনৰ অৰ্থনীতি অস্থিৰ হৈ পৰিছে। সকলোতে দেখা দিছে বিদ্ৰোহৰ। ব্যৱসায়ৰ ক্ষেত্ৰত ভাৰতকে ধৰি বহু দেশে পিঠি দিয়াৰ বাবে চীনে মন্দাৱস্থাৰ সন্মুখীন হ’বলৈ গৈ আছে। ইয়াৰ উপৰি নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, ফিলিপাইনছ আৰু টাইৱানো অৰ্থনৈতিক মন্দাৱস্থাৰ সন্মুখীন হ’ব। আনহাতে, আৰ বি আইৰ প্ৰতিবেদনত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত মুদ্ৰাস্ফীতি আৰু মন্দাৱস্থাৰ প্ৰভাৱৰ ওপৰত নজৰ ৰখা হৈছে। ভাৰতৰ অৰ্থনীতি কৃষিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, সেয়ে চলিত বাৰিষাৰ বাবেই আগন্তুক মাহবোৰত অৰ্থনীতিৰ অৱস্থা কেনেকুৱা হ’ব সেয়া নিৰ্ধাৰণ কৰিব। দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱত সমগ্ৰ দেশতে আৰম্ভ হৈছে বৰষুণ। পৰ্যাপ্ত পৰিমাণে বৰষুণ হ’লে শস্যৰ উৎপাদনো ভাল হ’ব। আৰু যদি উৎপাদন ভাল হয়, তেন্তে চাহিদা অনুসৰি বজাৰত পৰ্যাপ্ত যোগান থাকিব, যাৰ বাবে মূল্যবৃদ্ধিও নিয়ন্ত্ৰণত থকাৰ আশা কৰা হৈছে। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাটো সম্ভৱ হ’লে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলোৱাৰ পৰিৱৰ্তে মন্দাৱস্থাৰ বজাৰতো ভাৰতে অগ্ৰগতি লাভ কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More