আকাশমাৰ্গত হঠাৎ অসুস্থ যাত্ৰী : তেলেংগানাৰ ৰাজ্যপালৰ চিকিৎসাত জীৱন ৰক্ষা

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাই : মিড এয়াৰ ফ্লাইটত অসুস্থ যাত্ৰী আৰু এজন ৰাজ্যপালে নিজেই তেওঁক বচাবলৈ লৰালৰি কৰিলে। প্ৰয়োজনীয় চিকিৎসা আৰু ঔষধ দিলে। যোৱা ২২ জুলাই শুকুৰবাৰে দিল্লীৰ পৰা হায়দৰাবাদলৈ যোৱা এখন বিমানত সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ বাবেই তেলেংগানাৰ সাংবিধানিক মুৰব্বীগৰাকীয়ে আকৌ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে। শুকুৰবাৰে বাৰাণসীৰ পৰা নতুন দিল্লী হৈ হায়দৰাবাদলৈ উভতি আহিছিল তামিলিছাই সৌন্দৰৰাজন। বৰ্তমান তেওঁ তেলেংগানাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সেই বিমানখনত হঠাতে এজন যাত্ৰী অসুস্থ হৈ পৰে। তেওঁক সোনকালে সুস্থ কৰিবলৈ চেষ্টা কৰিলে ৰাজ্যপালজনে। এটা ব্যক্তিগত বিমান সংস্থাৰ মতে, আকাশমাৰ্গত হঠাতে এজন যাত্ৰী অসুস্থ হৈ পৰে। তেওঁৰ বুকুখন বিষাবলৈ ধৰিছিল। ফলত বিপদত পৰিছিল বিমানৰ কৰ্মচাৰীসকল। তেওঁক কেনেকৈ সুস্থ কৰিব পাৰি তেওঁলোকে বুজিব পৰা নাছিল। বিমানখনত কোনো চিকিৎসক আছে নেকি সেয়া জানিবলৈ ঘোষণা কৰা হৈছিল। সেই ঘোষণা শুনি তেলেংগানাৰ ৰাজ্যপাল ৰৈ থাকিব নোৱাৰিলে। লগে লগে তেওঁ ততাতৈয়াকৈ অসুস্থ সতীৰ্থ যাত্ৰীজনৰ ওচৰলৈ গ’ল। প্ৰয়োজনীয় চিকিৎসা আৰম্ভ কৰিলে। লগতে তেওঁ যাত্ৰীজনক ঔষধো দিলে। অৱতৰণ কৰাৰ পিছতে হুইল চেয়াৰত উঠাই ক্ষিপ্ৰতাৰে বিমানবন্দৰৰ মেডিকেল বুথলৈ লৈ যোৱা হয় অসুস্থ যাত্ৰীজনক। সূত্ৰ অনুসৰি চিকিৎসকে জনোৱা মতে, বৰ্তমান ব্যক্তিজন সুস্থ। কিন্তু এনে ক্ষেত্ৰত সময়ত চিকিৎসা প্ৰদান কৰাটো আছিল অতি গুৰুত্বপূৰ্ণ। চিকিৎসাৰ ক্ষেত্ৰত ইয়াক গোল্ডেন আৱাৰ বোলা হয়। যাত্ৰীজনে সময়মতে চিকিৎসা লাভ নকৰাহেঁতেন তেওঁৰ ভৰি এখন কাটি পেলাবলগীয়া হ’লহেঁতেন। তদুপৰি পলম হোৱা হ’লে প্ৰাণ ৰক্ষা কৰাটোও কঠিন হ’লহেঁতেন। উল্লেখ্য যে ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে তামিলিছাই সৌন্দৰৰাজন এগৰাকী চিকিৎসক আছিল। তেওঁৰ Gynecologyত ডিগ্ৰী আছে। কিন্তু ৰাজ্যপাল হিচাপে শপত লোৱাৰ পিছতে তেওঁ ৰীতি-নীতি অনুসৰি চিকিৎসা সেৱা ত্যাগ কৰিছিল। আকাশমাৰ্গত অসুস্থ যাত্ৰীজনৰ জীৱন ৰক্ষা কৰি প্ৰশংসা লাভ কৰিছে তেলেংগানাৰ ৰাজ্যপালে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More