পুটিনৰ সিদ্ধান্ত: ইউক্ৰেইনত নিষিদ্ধ হ’ব গুগল!

0 6

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাই : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। এনে অৱস্থাত পুটিন চৰকাৰৰ সিদ্ধান্তৰ বাবে আকৌ এবাৰ উত্তেজনা বৃদ্ধি হ’বলৈ গৈ আছে। ইউক্ৰেইনৰ বিতৰ্কিত ডনেস্ক আৰু লুহানস্ক অঞ্চলত নিষিদ্ধ হ’বলৈ গৈ আছে গুগল। ‘ৰাছিয়ানসকলৰ বিৰুদ্ধে সন্ত্ৰাসবাদ আৰু হিংসাত্মক কাৰ্যকলাপক উচটনি দিয়াৰ’ অভিযোগত অঞ্চলটোত নিষিদ্ধ কৰা হ’ব গুগল। এক সাক্ষাৎকাৰত ডনেস্ক পিপলছ ৰিপাব্লিকৰ স্বঘোষিত মুৰব্বী ডেনিছ পুচিলিনে কয় যে ইউক্ৰেইন আৰু পশ্চিমীয়া বিশ্বৰ অমানৱীয় অপপ্ৰচাৰে সীমা অতিক্ৰম কৰিছে। ৰাছিয়ানসকলৰ ওপৰত অত্যাচাৰ চলি আছে, কিন্তু মিছা আৰু প্ৰতাৰণাৰ আশ্ৰয় লোৱা হৈছে। তেওঁ লগতে কয় যে তথ্য প্ৰযুক্তিৰ জগতখনত গুগল শীৰ্ষত আছে। এই চাৰ্চ ইঞ্জিনে সন্ত্ৰাসবাদ আৰু ৰক্তপাতক মুকলিকৈ সমৰ্থন কৰে। আমেৰিকা চৰকাৰৰ নিৰ্দেশত ডনবাছ অঞ্চলৰ জনসাধাৰণৰ বিৰুদ্ধে কাম কৰি আছে তথ্য প্ৰযুক্তি কোম্পানীটোৱে। ডনেস্কত গুগলত নিষেধাজ্ঞা ঘোষণা কৰাৰ পিছত পুচিলিনে কয় যে এই কাম যিকোনো ঠাইতে অপৰাধীৰ সৈতে কৰা হয়। গুগলে যদি অপৰাধমূলক নীতি গ্ৰহণ বন্ধ কৰি আইন, নৈতিকতা আৰু সাধাৰণ জ্ঞানৰ মূলসুঁতিলৈ ঘূৰি আহে তেন্তে ইয়াৰ কামত কোনো বাধা নাথাকিব। ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ দুটা বিবাদিত অঞ্চল লুহানস্ক আৰু ডনেস্কত ফেচবুক আৰু ইনষ্টাগ্ৰামত নিষিদ্ধ কৰা হৈছিল। প্ৰসংগক্ৰমে শেহতীয়াকৈ ৰাছিয়াত ইতিমধ্যে এই দুটা সেৱা নিষিদ্ধ কৰা হৈছে। ডনেটস্কৰ লগতে ইউক্ৰেইনৰ লুহানস্ক অঞ্চলতো গুগল নিষিদ্ধ হ’বলৈ গৈ আছে। এতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ মাত্ৰ ৩খন দেশেহে ডনেস্ক পিপলছ ৰিপাব্লিকক পৃথক দেশ হিচাপে স্বীকৃতি দিছে। এই দেশসমূহ হ’ল ৰাছিয়া, উত্তৰ কোৰিয়া আৰু ছিৰিয়া।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More