আগন্তুক ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু বিজেপিৰ ৰাজনৈতিক গুণা গঁথা

0 76

ডাঃ সীমান্ত কোঁৱৰ

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি গৰাকীক নিৰ্বাচন কৰা হয় Electoral college নামৰ এক বিশেষ ব্যৱস্থা বা পদ্ধতিৰ  দ্বাৰা। এই ব্যৱস্থাটো ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব পৰা নিৰ্বাচক (সদস্য)  সকলক লৈ গঠিত হয়। দেশৰ ৰাজ্যসভা  আৰু লোকসভাৰ  সদস্য সকলৰ লগতে সমূহ ৰাজ্যৰ বিধায়কসকল এই ব্যৱস্থাত অন্তৰ্ভুক্ত হৈ থাকে। ইয়াৰ লগতে ইয়াত থাকে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ একোজনকৈ নিৰ্বাচিত সদস্য। এই সকল সদস্যই ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশ গ্ৰহণ কৰে।  ইলেক্ট্ৰৰেল কলেজ ব্যৱস্থাৰ দ্বাৰা ৰাষ্ট্ৰপতি নিৰ্বাচন ওপৰত উল্লেখিত সকলো সদস্যৰ ভোটৰ মূল্যৰ (vote value)  ওপৰত নিৰ্ভৰ কৰে আৰু এই মূল্য পূৰ্ব নিৰ্ধাৰিত।

মন কৰিব লগা কথাটো হ’ল যে বৰ্তমানৰ  ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হৈ আহিছে।অহা জুলাই মাহত ভাৰতত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত সদায়ে শাসনাধিস্থ দলটোৱে আগ ভাগ পোৱা দেখা যায়। কিন্তু  বিষয়টো লৈ বিজেপি দল কিছু চিন্তিত হৈ পৰিছে। কাৰণ এইবাৰ বিজেপি মিত্ৰ দলৰ হাতত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মুঠ ভোটৰ আধা অংশও নাই। সেয়ে এই কথাই চৰ্চা লাভ কৰিছে যে এইবাৰ হয়তো বিজেপিৰ পছন্দৰ প্ৰাৰ্থীয়ে ৰাষ্ট্ৰপতিৰ পদ লাভ নকৰিবও পাৰে।

অলপতে হৈ যোৱা দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিব পাৰে। উত্তৰ প্ৰদেশকে আদি কৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হোৱা ৬৯০ জন বিধায়কৰে সতে  দেশৰ  মুঠ বিধায়ক সংখ্যা  হৈছেগৈ ৪১২০ জন  আৰু  ই ৰাষ্ট্ৰপতি  নিৰ্বাচনৰ বাবে লাগতীয়াল ভোট মূল্যৰ (vote value) ২০ শতাংশ স্পৰ্শ কৰিছে। ইতিমধ্যে এই ক্ষেত্ৰত বিজেপি দল সংখ্যাগৰিষ্ঠতাৰ ক্ষেত্ৰত কিছু পিছপৰি আছে।

উল্লেখযোগ্য কথাটো হ’ল ইলেক্ট্ৰৰেল কলেজ ব্যৱস্থাত সকলো সদস্যৰ ভোটৰ মূল্য সুকীয়া। লোক সভা আৰু ৰাজ্য সভাৰ সদস্য সকলৰ প্ৰত্যেকৰে ভোটৰ মূল্য (vote value) ৭০৮  হোৱাৰ বিপৰীতে বিভিন্ন ৰাজ্যৰ বিধায়কসকলৰ ভোটৰ মূল্য ৰাজ্য অনুসৰি বেলেগ হোৱা দেখা যায়। এই মূল্য দৰাচলতে ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিৰ্ধাৰণ কৰা হয়। দেশৰ  সৰ্বাধিক জনসংখ্য থকা ৰাজ্য উত্তৰ প্ৰদেশৰ এজন বিধায়কৰ ভোটৰ মূল্য ২০৮ হোৱাৰ বিপৰীতে আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য চিকিমৰ এজন বিধায়কৰ ভোটৰ মূল্য মাত্ৰ ৭ হে। গতিকে দেখা যায় যে উত্তৰ প্ৰদেশৰ ৰাজনীতিয়ে দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিশেষ ভাবে প্ৰভাৱ পেলায়। সেই হিচাপে চাবলৈ গ’লে উত্তৰ প্ৰদেশৰ এজন বিধায়কে এক বিশাল জনসংখ্যক প্ৰতিনিধিত্ব কৰে আৰু সেয়ে ভোটৰ মূল্যও অধিক।

অন্যহাতে উভয় সদনত ৫৭শতাংশ ভোটৰ অংশৰে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈ আছে। কিন্তু অহা এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ ভিতৰত ৬৬ জন নিৰ্বাচিত ৰাজ্য সভাৰ সদস্যৰ কাৰ্য্যকাল শেষ হ’ব। ইয়াৰে ৩০ জনেই বিজেপি মিত্ৰ দলৰ (NDA)। ৰাজ্য সভাৰ উক্ত ৬৬ খন আসনৰ আটাইকেইখন অবিজেপি দলে দখল কৰিলেও বিজেপিৰ উভয় সদনৰ ভোটৰ অংশ ৫২ শতাংশৰ কম নহব। তথাপি বিজেপি দল আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কিছু চিন্তিত হৈ পৰিছে। ইয়াৰ মূল কাৰণ হৈছে  পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে ইলেক্ট্ৰৰেল কলেজত বিজেপিৰ ভোটৰ অংশ আছিল প্ৰায় ৪৯ শতাংশ অৰ্থাৎ সংখ্যা গৰিষ্ঠতালৈ মাত্ৰ কিছু শতাংশহে কম। কিন্ত পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত বিজেপিৰ ভোটৰ মূল্যৰ শতাংশ কিছু হ্ৰাস পাইছে। ই প্ৰায় ৪৮ শতাংশলৈ কমিছে বুলি  কোৱা হৈছে। ইয়াৰ অন্যতম কাৰণ হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ফলাফল। যদিও বিজেপি দলে উত্তৰ প্ৰদেশত বিজয় সাব্যস্ত কৰিছে তথাপি ২০১৭ চনৰ তুলনাত এইবাৰৰ বিধান সভা নিৰ্বাচনত বিজেপি দলে লাভ কৰা আসনৰ সংখ্যা যথেষ্ট কম।২০১৭ চনৰ ৩২৪ খন আসনৰ বিপৰীতে এইবাৰ বিজেপিৰ মিত্ৰ দলে ২৫৫ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে।যিহেতু ইলেক্ট্ৰৰেল কলেজত উত্তৰ প্ৰদেশৰ বিধায়কসকলৰ ভোটৰ মূল্য সৰ্বাধিক গতিকে পূৰ্বৰ তুলনাত এইবাৰ বিধায়কৰ সংখ্যা যথেষ্ট কম হোৱাত বিজেপি দলে নিজৰ পছন্দৰ ৰাষ্ট্ৰপতি লাভ কৰাত হয়তো কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। তদুপৰি উত্তৰাখণ্ড আৰু গোৱাৰ নিৰ্বাচনী ফলাফলেও এইক্ষেত্ৰত বিজেপিক সহায় কৰিবলৈ সক্ষম নহ’ব।

গতিকে আগন্তুক ৰাজ্য সভাৰ নিৰ্বাচন বিজেপি দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। যিহেতু ৰাজ্য সভাৰ সদস্যৰ ইলেক্ট্ৰৰেল কলেজত ভোটৰ মূল্য ৭০৮ আৰু যদিহে বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে ৰাজ্য সভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব নোৱাৰে তেনে ইলেক্ট্ৰৰেল কলেজত বিজেপিৰ পূৰ্বৰ ৪৮শতাংশ ভোটৰ মূল্য অধিক হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ২০১৭ চনত ৬৫ শতাংশ ভোটেৰে ইলেক্ট্ৰৰেল কলেজৰ দ্বাৰা ৰামনাথ কোবিন্দ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত  হৈছিল। যিহেতু এইবাৰ অংকটো কিছু জটিল হৈ পৰিছে সেয়ে পাঁচখন ৰাজ্যৰ চাৰিখনতেই বিজেপি দলে জয় লাভ কৰাৰ পিছতো আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ দলটো কিছু জটিলতাৰ সন্মুখীন হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More