মুক্তাৰ আলী
অসমৰ কাব্য জগতৰ এক নৱতম সংযোগ আছান আহমেদৰ সদ্য প্ৰকাশিত কাব্য পুথি ‘বিদ্ৰোহ”। কাব্যপুথিখনত সন্নিবিষ্ট হৈছে খাটি খোৱা জনতাৰ প্ৰাণৰ আৱেগ, প্ৰতিবাদৰ অপ্ৰতিৰোধ্য ৰূপৰ স্ফুলিংগৰে আটোমটোকাৰীকৈ উপস্থাপন কৰা হৃদয়ৰ আকুতি,গভীৰ দেশ প্ৰেম, উচ্ছৃংখল সামাজিক বাতাৱৰণৰ বিপৰীতে এক শ্ৰেষ্ঠ সমাজ গঢ়াৰ সংকল্প আৰু প্ৰেম,প্ৰত্যাশা,বিষাদ। ড° লোহিন্দ্ৰ কুমাৰ শইকীয়াৰ ভাষাৰে “সামাজিক জীৱনৰ অৱক্ষয়ৰ বাবে কবিৰ বিদ্ৰোহ, বৌদ্ধিক উত্তৰণস্ফুৰণ্ , সমাজৰ দৈনন্দিন জীৱনৰ স্বাভাৱিক উত্থান-পতন, উদ্দীপনা,স্মৃতি চয়ন,পতন, সমকালীন সমাজ-ব্যৱস্থাৰ চিত্ৰ, প্ৰাকৃতিক পৰিৱেশ আৰু জীৱন জগতৰ ধাৰণাক কবিতাসমূহৰ মাজেদি ফুটাই তুলিবলৈ কবিয়ে যৎপৰোনাস্তি চেষ্টা কৰিছে ।”– তিৰাশীটা কবিতা সন্নিৱিষ্ট কাব্য পুথিখনৰ পাতে পাতে প্ৰকাশ ঘটিছে কবিৰ কাব্যব্যঞ্জনাৰ এক সমাহিত লয়লাস। কবিতাবোৰত দেখা গৈছে ছন্দ,ৰূপক, অনুপ্ৰাস, চিত্ৰকল্প, ষ্টাইল আৰু শব্দালংকাৰৰ এক পৰিশীলিত প্ৰয়াস । কবিতাত কবিৰ আত্মপ্ৰকাশ ঘটিছে বিভিন্ন ৰূপত। কেতিয়াবা প্ৰেমিক, কেতিয়াবা বিদ্ৰোহী, কেতিয়াবা বিশ্লেষক আৰু কেতিয়াবা সোঁৱৰণিৰ পখী হৈ ভূৰুংকৈ উৰা মাৰিছে যৌৱনৰ ৰহণীয়া প্ৰস্ফুটিত পাহিবোৰলৈ আৰু ক’ৰবাত মমতাময়ী মাতৃৰ বুকুৰ অমৃতপিয়া কোলাৰ কেঁচুৱা হ’বলৈ। কবিয়ে বুকুত গুজৰি-গুমৰি উঠা বিদ্ৰোহত যদি কেতিয়াবা দগ্ধ হৈ বিপ্লৱৰ জোৱাৰ তুলিছে আকৌ কেতিয়াবা নতুন সমাজ গঢ়াৰ ন সংকল্পৰে চিৰ সুন্দৰৰ নক্সা অঁকাত ব্যস্ত হৈ সৃষ্টিৰ মন্ত্ৰ আওৰাই বিশ্ৰাম লৈছে প্ৰশান্তিৰ চিৰসুন্দৰ শেতেলিত।গভীৰ দেশাত্মবোধত জনতাক আহ্বান জনাই কবিয়ে লিখিছে “হে মোৰ দেশৰ জনতা/আগবাঢ়া দেশৰ বাবে/ৰাখিব লাগিব দেশৰ মান/ৰচিব লাগিব দেশৰ গান/লাচিতৰ দৰে…।
পংকিলতাই আৱৰা সমাজ জীৱনৰ গভীৰ নৈৰাশ্যত কবিয়ে লিখিছে–মোৰ আশা,আৱেগ অনুৰাগ/ক্ষত-বিক্ষত হৈ পৰিছে…। কাব্য পুথিখনৰ বহুঠাইত কবিক বাৰে বাৰে আৱৰি ধৰিছে প্ৰত্যাশিত প্ৰেমিকাৰ প্ৰতাৰণাত সৃষ্টি হোৱা নৈৰাশ্যৰ বিহ্বলতাই। তেওঁ লিখিছে —আশাবোৰ আশা হৈয়ে থাকিল/হৃদয়ত মাথোন বিৰহ বেদনাৰ জোৱাৰ…।
কবিৰ জীৱনত আশাৰ সঞ্চাৰ হয়, মুক্ত বিহংগৰ দৰে পিতপিতাই ফুৰে সৃষ্টিৰ সৌন্দৰ্য পান কৰি । কবিৰ ভাষাত–নিশাৰ তৰাৰে আকাশ ভৰিছে/জোনৰ পোহৰে চমক তুলিছে/….। কবিয়ে উপলদ্ধি কৰে ক্ষণস্থায়ী জীৱনৰ চিৰন্তন পৰিসমাপ্তি, তথাপিও জীৱনৰ মোহ আছে বাবেই কবিৰ কলমেৰে নিগৰি ওলাইছে ‘জীৱন’। কাতিৰ কুঁৱলীয়ে চেঁচা শিহৰণ তোলা কবিয়ে খোজ কাঢ়ি ফুৰে মৰুভূমিৰ ক্লান্ত পথিক হৈ। মায়াময় সংসাৰ বৃক্ষৰ ছাঁত জিৰাই কবিয়ে বিচাৰে এখন সমতা, সমভাৱ,সম্প্ৰীতিৰ পৃথিৱী। কবিয়ে লিখিছে —মোৰ মনত ভেদ ভাৱ নাই/হিন্দু মুছলমান একেটি ভাই…। ধুমুহাবিধ্বস্ত জীৱন পৰিক্ৰমাত বাটৰুৱা হৈ বাট বুলাৰ পিছতো তেওঁ বিচাৰি পাইছে সুন্দৰী প্ৰেয়সীৰ সান্নিধ্যৰে জীৱনৰ সহযাত্ৰী । গাত বিহু লগা কবিয়ে লুইতৰ নাৱৰীয়া সাজেৰে প্ৰকৃতিৰ শান্তি শায়িত কোলাত বহিও অসমী আইৰ নিৰ্যাতিত জীয়ৰী জয়মতীৰ শোকত বাগৰাই তুলিছে বাধাহীন অশ্ৰুমালা। ৰ’দত দহা, বৰষুণত তিতা কবি আহমেদৰ উদ্দেশ্য মহান। তেওঁৰ মতে বিদ্ৰোহ সমাজৰ পংকিলতা, অপশক্তি, অপসংস্কৃতি আৰু অমানৱীয় প্ৰমূল্যৰ বিৰুদ্ধে, যি বিদ্ৰোহে উৰুৱাই আনিব পাৰে শান্তিৰ কপৌ ।
‘বিদ্ৰোহ’ আছান আহমেদৰ প্ৰথম প্ৰয়াস । কবিতাৰ পথাৰত তেনেই চালুকীয়া। ভাৱ, ভাষা প্ৰকাশ ভংগীত কিছু জড়তা নথকা নহয় । ভৱিষ্যতে তেওঁৰপৰা অলেখ সুন্দৰ সৃষ্টি আশা কৰিব পাৰি।