অকলশৰীয়া অৱস্থাত বাসগৃহতে কৰুণ মৃত্যু ৰাষ্ট্ৰীয় কৃতি শিক্ষক- বিশিষ্ট লেখিকা শশী প্ৰভা দেৱী

শোকস্তব্ধ তেজপুৰ - শোণিতপুৰ

0 48

ওৰেটো জীৱন আত্মেৎসৰ্গিত সত্বাৰে কৰিছিল সমাজ সেৱা

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ:১৩ অক্টোবৰ : আত্মোৎসৰ্গিত এক সত্বাৰে ওৰেটো জীৱন নতুন প্ৰজন্মক মূল্যবোধ সম্পন্ন নাগৰিক গঢ়ি তোলাৰ আন্দোলনত নামি পৰা ২০০২ বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আৰু ২০১০ বৰ্ষত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক, বিশিষ্ট লেখিকা,কবি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী, তেজপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ বৰ্তমানৰ সভানেত্ৰী শশী প্ৰভা দেৱীয়ে নিজ বাসগৃহতে অকলশৰীয়া অৱস্থাত কৰুণ ভাৱে মৃত্যুক সাৱটি ল’ব লগা হোৱা এক দুৰ্ভাগ্যজনক সংবাদে কালি নিশা সমগ্ৰ তেজপুৰবাসীক শোকস্তদ্ধ কৰি তোলে। উল্লেখ্য যে সভাই সমিতিয়ে অতি সক্ৰিয় ভাৱে জড়িত হৈ থকাই নহয় যোৱা ৮ অক্টোবৰ তাৰিখে তেজপুৰৰ অসমীয়া ক্লাবৰ এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা বিদূষী মহিলা গৰাকীৰ নিথৰ দেহ কালি সন্ধিয়া অনাকাংক্ষিত ভাবে ওচৰ চুবুৰীয়াই এক বিশেষ মুহূৰ্তত প্ৰত্যক্ষ কৰিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে বস্তুবাদী সাম্প্ৰতিক সমাজৰ এখন দুখ লগা ছবি পোহৰলৈ আহিছে। উল্লেখ্য যে যোৰহাটত কৰ্মসূত্ৰে থকা পুত্ৰ আৰু বিবাহিত কন্যাৰ বাবে অকলশৰীয়াকৈ তেজপুৰৰ দা ধৰা বামুণ চুবুৰিৰ বাসগৃহত জীৱন যাপন কৰা সৰবৰহী লেখিকা গৰাকীৰ ঘৰৰ গেট পুৱাৰ পৰা সন্ধিয়ালৈকে খোল নোখোৱাত আৰু মোবাইল ফোনতো কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম নোহোৱাত সন্দেহ ওপজাৰ পিছত ওচৰ চুবুৰীয়াৰ সন্দেহ হৈ গেট বগাই ঘৰৰ ভিতৰলৈ সোমাই গৈ তলা মাৰি থকা ঘৰৰ ভেন্টিলেছনৰ ফাঁকে জুমি চাই বিচনাত তললৈ মূৰ কৰি পৰি থকা দেখা পোৱাৰ পিছত হুৱা দুৱা লাগে আৰু স্হানীয় গাঁওবুঢ়াৰ জৰিয়তে আৰক্ষীক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ দৰ্জাৰ তলা ভাঙি প্ৰাথমিক তদন্ত আৰম্ভ কৰি পূৰ্বৰ নিশাই মৃত্যু হোৱা বুলি সন্দেহ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বহুকেইখন গ্ৰন্থৰ স্ৰষ্টা, তেজপুৰৰ সক্ৰিয় ৰাজহুৱা কৰ্মী গৰাকীয়ে ৭৬ বছৰ বয়সত অকলশৰীয়াকৈ কৰুণ মৃত্যুক সাৱটিব লগা হোৱা দুৰ্ভাগ্যজনক ঘটনাত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ গভীৰ শোকৰ ছাঁ পৰিছে।উল্লেখ্য যে, ১৯৫০ চনৰ ২৬ এপ্ৰিলত জিলাখনৰ চাৰিদুৱাৰত জন্মগ্ৰহণ কৰা আৰু ১৯৭০ চনৰ ৪ ফেব্ৰুৱাৰীত তেজপুৰৰ দা ধৰা বামুণ চুবুৰি নিবাসী প্ৰয়াত প্ৰেম নাৰায়ণ মিশ্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা বিদূষী গৰাকী এগৰাকী সুদক্ষ সমাজ সংগঠক ৰূপে তেজপুৰৰ লগতে জিলাখনৰ সৰ্বত্ৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৭২ চনৰ ২৩ অক্টোবৰ তাৰিখে মিছামাৰীৰ ৰামনাথপুৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা জীৱনৰ পাতনি মেলি গন্দুৰাবিল প্ৰাথমিক বিদ্যালয়, বৰআটি প্ৰাথমিক বিদ্যালয়, তেজপুৰৰ বৰুৱা চুবুৰী প্ৰাথমিক বিদ্যালয়ত এগৰাকী নিষ্ঠাবান শিক্ষয়িত্ৰী হিচাপে সুদীৰ্ঘকাল শিক্ষাদান কৰি শেষত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰ বাবে দুটাকৈ বছৰ অতিৰিক্ত কাৰ্যকালেৰে ২০১২ চনত তেজপুৰৰ ডেকাৰগাঁও চুক প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা দেৱীয়ে ২০০২ বৰ্ষত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ লগতে ২০১০ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি বাবু জগজীৱন ৰাম কলা সংস্কৃতি তথা সাহিত্য অকাডেমিৰ তৰফৰ পৰা ২০১০ চনত “শ্ৰীমতী ইন্দ্ৰানী জগজীৱন ৰাম ৰাষ্ট্ৰীয় পুৰস্কাৰ” ৰ লগতে ৰ’টাৰী ক্লাব লায়ন্স ক্লাবৰ বিশেষ পুৰস্কাৰ, বিভিন্ন বঁটা বাহন, সম্বৰ্ধনাৰে বিভূষিত হৈছিল। ২০০৮ চনত “প্ৰগতিকামী শিশু মঞ্চ” নামৰ এক অনুষ্ঠানৰ গঢ় দি শিশু সকলৰ বৌদ্ধিক – মানসিক আৰু সুকুমাৰ কলা বিকাশৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা লেখিকা গৰাকীয়ে দা-ধৰা বামুণ চুবুৰিৰ “আজলী মহিলা সমিতি” ৰ ২০১৪ চনৰ পৰা ১৬ চনলৈ সম্পাদিকাৰ দায়িত্বত থাকি নাৰী সৱলীকৰণৰ বাবেও অহোপুৰুষাৰ্থ কৰিছিল।” ভাৰতীয় কবিয়ত্ৰী সন্মিলন” ৰ সদস্যা দেৱীয়ে আই পি চি বিশেষ দলৰ সৈতে ৰাছিয়া ভ্ৰমণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।আনহাতে “অসম সম্প্ৰীতি গোষ্ঠী”ৰ হৈ ২০১৭ চনত বাংলা দেশত আয়োজন কৰা বিহু সন্মিলনত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা দেৱী তেজপুৰ লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ” ভৈৰৱী “ও সম্পাদনা কৰাৰ লগতে তেওঁৰ আন এক বদান্যতা হ’ল দা ধৰা বামুণ চুবুৰিৰ “উত্তৰ আঞ্চলিক যুৱ – শিশু বিকাশ কেন্দ্ৰ”ত “বিকাশ ৰংগ মঞ্চ”ৰ দান কৰ্ম। ১৯৯৯ চনত গুপ্ত ঘাতকৰ হাতত অকাল মৃত্যুক সাৱটি লোৱা পুত্ৰ ৰাজেশ মিশ্ৰৰ সোঁৱৰণত এই মঞ্চটো দান হিচাপে আগবঢ়াই যুৱ শিশুসকলৰ প্ৰতিভা বিকাশৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছিল। পুত্ৰ ৰাজেশ মিশ্ৰৰ সোঁৱৰণত প্ৰতিবছৰেই নৈতিক আৰু মানৱীয় মূল্যবোধ সম্পন্ন শিক্ষাৰ্থীক প্ৰদান কৰি আহিছিল দুটাকৈ বিশেষ বঁটা। আনহাতে এইগৰাকী বিদূষীয়ে “বন্ধু বিদ্যালয়” গঠন কৰি “বন্ধু বিদ্যালয় দিৱস”ৰ জড়িয়তে কেবাখনো বিদ্যালয় একত্ৰিত কৰি শিক্ষাৰ্থী সকলক পাঠ্য পুথিৰ জ্ঞানৰ বাহিৰেও আন সকলো দিশতে পাৰদৰ্শী কৰি গঢ়ি তোলাৰ এক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছিল। ওৰেটো জীৱন এক আত্মোৎসৰ্গিত মনেৰে শিশুক মাতৃভাষা শুদ্ধকৈ শিকোৱা, আখৰ জোঁটনি শিকোৱা, সাধুকথা শিকোৱাৰ পৰা বিভিন্ন কৰ্মশালা আয়োজন কৰি শিশুসকলক মূল্যবোধৰ গৰাকী হ’ব পৰাকৈ গঢ় দিবলৈ চেষ্টা চলাইছিল বিদূষী গৰাকীয়ে। বিশিষ্ট লেখিকা, কবি হিচাপে সৰ্বত্ৰ পৰিচিত শশীপ্ৰভা দেৱীয়ে অকণিহঁতৰ বাবে যুক্তাক্ষৰৰ পুথি “অসমীয়া যুক্তাক্ষৰৰ হাত পুথি”, সাধাৰণ জ্ঞান বিষয়ক পুথি “আমি জানো নে?”, প্ৰবন্ধ সংকলন “নিবন্ধ গুচ্ছ”, কবিতা পুথি “আৰতি”, মহান লোকৰ বাণী সংগ্ৰহ “বাণী মহান”, “জ্ঞান সাৰথি”, “মানুহৰ অৰণ্যৰ ৰং” আদিকে ধৰি প্ৰায় ১০ খনকৈ গ্ৰন্থও ৰচনা কৰি শেহতীয়াকৈ নিজে কন্ঠদান কৰা “অ’ মোৰ মৰমী আই” শীৰ্ষক এটি এলবামো উন্মোচন কৰিছিল। অসম সাহিত্য সভাৰ আজীৱন সদস্যাৰ পৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিলৈকে একুৰিৰো অধিক অনুষ্ঠানৰ সৈতে জড়িত শিশুপ্ৰেমী এইগৰাকী সৰবৰহী, জনপ্ৰিয় মহিলাগৰাকীৰ এনে অবাঞ্চিত মৃত্যুৰ বতৰা পোৱাৰ পিছতেই কালি বাসগৃহত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, বৰ্তমানৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী, প্ৰাক্তন উপসভানেত্ৰী ৰাণু হাজৰিকা, তেজপুৰ শাখাৰ বৰ্তমানৰ সম্পাদিকা কল্পনা কলিতা, মণিমালা শইকীয়া, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা, দেৱব্ৰত শৰ্মা, বৰ্তমানৰ সহকাৰী সম্পাদক পল্লৱ ভট্টাচাৰ্য্যৰ লগতে বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ শুভাকাংক্ষী সকল সমবেত হৈ ম্ৰিয়মান হৈ পৰে। বিদূষীগৰাকীৰ অতি ঘনিষ্ঠ সকলোৱে অৱগত কৰা অনুসৰি অকলশৰীয়া অৱস্থাত নিজেই থাকিবলৈ ভাল পোৱা স্বাধীন মনৰ মহিলাগৰাকীৰ লগত থাকিবৰ বাবে পুত্ৰ-কন্যাৰ লগতে লেখিকা সমাৰোহ সমিতিৰ বিষয়ববীয়া সকলেও কোনো লোকক যোগাৰ কৰি দিয়াৰ চেষ্টা কৰিও ভাগৰি পৰিছিল সকলো। ইয়াৰ ফলতেই মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা লেখিকা গৰাকীৰ শেহতীয়াকৈ কৌষ্ঠকাঠিন্য ৰোগত ভুগি আছিল আৰু ইয়াৰ ফলতেই অকলশৰীয়া অৱস্থাতেই এটা দিনৰ পূৰ্বেই মৃত্যুক সাৱটি লোৱা বুলি আৰক্ষী সমন্বিতে বাসগৃহত উপস্থিত হোৱা দণ্ডাধীশ আৰু ওচৰ চুবুৰীয়াই সন্দেহ প্ৰকাশ কৰিছে। আজি দুপৰীয়া মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত স্হানীয় দৌলগুৰি ৰাজহুৱা শ্মশানত শেষ কৃত্য অনুষ্ঠানতো অসংখ্য গুণমুগ্ধ উপস্থিত থাকে। এইগৰাকী অতি সৰবৰহী, আজীৱন সমাজকৰ্মী, শিক্ষাব্ৰতী, লেখিকাৰ কৰুণ মৃত্যুত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, এমট্রনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বাণ থিয়েটাৰৰ সভাপতি-সাধাৰণ সম্পাদক বংকিম শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি ভুবন চন্দ্র গগৈ, মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ সম্পাদক সত্যদেৱ শৰ্মা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথ, শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া, জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, সাংস্কৃতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচাৰ্য আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More