আজিয়েই এই সাতটা অভ্যাস ত্যাগ কৰক

মগজুৰ গুৰুতৰ ক্ষতিসাধনৰ পৰা বাচক

0 30
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ আগষ্ট : বয়সৰ লগে লগে অহা পৰিৱৰ্তনবোৰেই নহয়, শৰীৰৰ সকলো অংগত হোৱা পৰিৱৰ্তনবোৰো অন্যতম। শৰীৰৰ বিভিন্ন অংগত যিবোৰ পৰিবৰ্তন ঘটে, সেইবোৰ কাৰো দৃষ্টিগোচৰ নহয়। বিশেষকৈ মগজুৰ পৰিৱৰ্তন। বিশেষজ্ঞসকলৰ মতে, যেতিয়া আমি ৩০ৰ পৰা ৪০ বছৰ বয়সৰ কোটাত উপনীত হওঁ, তেতিয়া আমাৰ মগজুটো ক্ৰমান্বয়ে সংকুচিত হ’বলৈ আৰম্ভ কৰে। আকৌ ৬০ৰ দশকত ই অধিক দ্ৰুত হৈ পৰে। তাৰ বাবেই বহুতৰে স্মৃতিশক্তি হেৰুৱাৰ সমস্যা হয়। কিন্তু কেৱল বয়সেই নহয় মগজুৰ একাধিক ক্ষতি হয়। সাতটা বেয়া অভ্যাস আছে, যিবোৰ আমি প্ৰায়ে কৰোঁ। আমাৰ অজানিতে এই অভ্যাসবোৰে মগজুৰ ক্ষতিসাধন কৰি আহিছে। চাওক কি কি অভ্যাস। গোটেই দিনটোত ব্যস্ততাপূৰ্ণ সময়সূচী। সকলো কামত ব্যস্ত হৈ থাকিলে বহুতে নিজৰ বাবে সময় নাপায়। বহুতে কাম কৰি থাকোঁতে ব্ৰেকফাষ্টো এৰি দিয়ে। চিকিৎসকৰ মতে ই মগজুৰ লগতে শৰীৰৰ ক্ষতি কৰে। ৰাতি শোৱাৰ সময়ত বেছিভাগে মোবাইলৰ সতে কটোৱাটো স্বভাৱ। এই কাম কৰি থাকোঁতে শুবলৈ দেৰি হয়। ফলত নিজৰ লোকচান। পলমকৈ শোৱাৰ বাবে মগজুৰ ক্ষতি। যিসকল লোকে সকলো সময়তে অধিক চেনি খায় তেওঁলোকৰো মগজুৰ ক্ষতি হয়। চেনিয়ে কেৱল তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰাই নহয়, মগজুৰো ক্ষতি কৰে। গতিকে যিমান পাৰি চেনি কমকৈ খাব লাগে। বহুজন সোনকালে সাৰ পায়। এই অভ্যাসে কেৱল শৰীৰৰেই নহয় মগজুৰো ক্ষতি কৰে। যিসকলে ৰাতিপুৱা খুব সোনকালে সাৰ পায়, তেওঁলোকে অভ্যাস সলনি কৰক। ই উপকৃত কৰিব। ইণ্টাৰনেট ব্যৱহাৰৰ ফলত মগজুৰ ক্ষতি হয়। গৱেষণাৰ মতে, ইণ্টাৰনেট ব্যৱহাৰ কৰিলে মগজুৰ কোষবোৰ ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ কৰে। গতিকে এই বিশেষ টিপছসমূহ মানি চলক। আজিয়েই এই অভ্যাসবোৰ ত্যাগ কৰক, অজানিতে মগজুৰ গুৰুতৰ ক্ষতিসাধনৰ পৰা বাচক। টোপনিৰ অভাৱতো মগজু সংকোচন হ’ব পাৰে। মগজুক প্ৰতিদিনে এক নিৰ্দিষ্ট পৰিমাণৰ জিৰণিৰ প্ৰয়োজন হয়। তাকে নকৰিলে মগজুৰ ক্ষতি হয়। গতিকে এই প্ৰথা অনুসৰণ কৰক। ঠিক তেনেদৰে অত্যধিক মদ্যপানে মগজুৰ ক্ষতি কৰে। মগজুক সংকুচিত কৰে। অত্যধিক মদ্যপান কৰিলে মগজুলৈ পৰ্যাপ্ত পৰিমাণে তেজ যোগান ধৰা নহয়। ইয়াৰ বাবে মগজুটো সংকোচিত হৈ পৰে। উক্ত অভ্যাসবোৰ ত্যাগ কৰক আৰু সুস্থ হৈ থাকক।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More