আজি বুঢ়াচাপৰিত চলিব উচ্ছেদ অভিযান

প্ৰাকমুহূৰ্তত চৰকাৰে জাৰি কৰিলে বন্যপ্ৰাণী অভয়াৰণ্যৰ  চূড়ান্ত নটিফিকেচন

0 10
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলা অন্তৰ্গত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰথম সংযোজন হিচাপে ৪৪.০৬বৰ্গ কিলোমিটাৰ সামৰি আজি চূড়ান্ত নটিফিকেচন জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ৰাজ্যচৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ সচিবে জাৰি কৰিছে এই চূড়ান্ত নটফিকেচন৷উল্লেখযোগ্য যে ১৯৭২ৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ ৩৫(৪)নম্বৰ ধাৰা অনুসৰি  নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনষ্ঠ আৰু শোণিতপুৰ জিলাৰ তেজপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত এই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ এই অংশ ২০০৮ত ব্যঘ্ৰ প্ৰকল্প হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত হৈ আছিল৷পাছত ২০১৬ত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰাথমিক নটিফিকেচন হোৱাৰ অনন্তত আজি ইয়াৰ ৪৪.০৬বৰ্গ কিলোমিটাৰ অংশক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে চূড়ান্ত নটিফিকেছন জাৰি কৰিছে ৰাজ্য চৰকাৰে৷প্ৰণিধনযোগ্য যে ধনীয়া বনাঞ্চলিক কাৰ্যালয়ে নিয়ন্ত্ৰণ কৰা এইখন বন্যপ্ৰাণী অভয়াৰণ্যৰ বনাঞ্চল শোণিতপুৰৰ ঠেলামৰা পৰ্যন্ত বিস্তৃত হৈ আছে য’দিও ইয়াৰ প্ৰথম সংযোজনৰ উল্লেখিত অংশহে প্ৰথম সংযোজনত অন্তৰ্ভুক্ত হৈছে৷ইপিনে ইয়াত কাইলৈ পুৱাৰ পৰাই বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভযান চলিব আৰু ইয়াৰ বাবে শোণিতপুৰ প্ৰশাসন তথা নগাঁও বন সংমণ্ডলে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷বৰ্তমান বনৰক্ষীকে ধৰি নিৰাপত্তা বাহিনীৰ প্ৰায় দুহেজাৰ লোক এই উচ্ছেদৰ বাবে সাজু হৈছে৷ইতিমধ্যে বহুসংখ্যক বেদখলকাৰী ইয়াৰ পৰা আতৰি গৈছে বুলিও প্ৰকাশ কৰিছে স্হানীয় সূত্ৰই৷ ইপিনে শোণিতপুৰ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি বনাঞ্চলৰ প্ৰায় ১০হেজাৰ বিঘা আৰু কাষৰ আন দুহেজাৰ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলিব৷ইয়াত থকা বহুসংখ্যক গৰু ম’হৰ খুটিৰ বিপৰীতে বনাঞ্চলৰ ভিতৰত থকা সকলোকেই ইয়াৰ পৰা উচ্ছেদ কৰা হ’ব বুলিও প্ৰকাশ কৰিছে শোণিতপুৰ প্ৰশাসনে৷আনহাতে এই উচ্ছেদৰ বিপৰীতে একাংশই আদালতৰ দ্বাৰস্হ হৈছিল য’দিও আদালতে এই বাতৰি যুগুত কৰা পৰ্যন্ত উচ্ছেদৰ ক্ষেত্ৰত স্হগিতাদেশ নিদিয়াত কাইলৈ পুৱাৰে পৰাই উচ্ছেদ অভিযান চলাটো নিশ্চিত হৈছে৷ইতিমধ্যে বহুসংখ্যক বেদলকাৰী নিজেই আতৰি যোৱাৰ লগতে এনেদৰে বেদখলকাৰী সকল আতৰি গ’লে উ্ছেদৰ সময়তো কোনোধৰণৰ সমস্যাৰ উদ্ভৱ নহয় বুলি প্ৰকাশ কৰি সূত্ৰটোৱে কয় যে,উচ্ছেদৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় নিৰাপত্তাবাহিনী আনি থকা হৈছে৷আজি শোণিতপুৰৰ উপায়ুক্তৰ লগতে আৰক্ষী বিষয়া তথা  নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়া বৰ্গ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকো ইয়াত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More