আন্তঃজিলা টাগ অফ ৱাৰ প্ৰতিযোগিতা শোণিতপুৰৰ ৰঙাপৰা মহাবিদ্যালয়ৰ মহিলা দলৰ চেম্পিয়নৰ খিতাপ অৰ্জন 

0 14
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ ফেব্ৰুৱাৰীঃ কামৰূপ টাগ অফ ৱাৰ সন্থাৰ উদ্যগত আৰু অসম টাগ অফ ৱাৰ সন্থাৰ তত্বাৱধানত কামৰূপৰ মিৰ্জাত যোৱা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা “১১সংখ্যক সদৌ অসম আন্তঃ জিলা টাগ অফ ৱাৰ প্ৰতিযোগিতা২০২২-২০২৩”ত শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ৰ মহিলাৰ দলটিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত আজি ৰঙাপৰা মহাবিদ্যালয় কৰ্তৃপক্ষই অধ্যক্ষ ড০ ৰঞ্জন কলিতাৰ নেতৃত্বত দলটিক  উষ্ম আদৰণি জনায়। উল্লেখ্য যে, অসমৰ বিভিন্ন জিলাৰ পুৰুষৰ ১০ টি দল আৰু মহিলাৰ ৯ টি দলে উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল। অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰে অসম টাগ অফ ৱাৰ সন্থাৰ সভাপতি  জিতেন বৰঠাকুৰে । মঞ্চ মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক  হেমাংগ ঠাকুৰীয়াই । আন্তঃ ৰাষ্ট্ৰীয় লন বল খেলুৱৈ  নয়নমণি শইকীয়া আৰু আন্তঃ ৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলি হাজৰিকাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই প্ৰতিযোগিতাত কামৰূপৰ পুৰুষ দলে চেম্পিয়নৰ খিতাপ লাভ কৰাৰ লগতে শোণিতপুৰৰ পুৰুষ দলটিয়ে আকৌ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । আনহাতে  গোলাঘাট মহিলা দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে এই প্ৰতিযোগিতাত । বেষ্ট ডিচিপ্লীন দলৰ সন্মান লাভ কৰে ডিমাহাছাও দলে। বিজয়ী আৰু বিজিত সকলক বঁটা বিতৰণ কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে আন্তঃ ৰাষ্ট্ৰীয় শৰীৰ চর্চাবিদ সবিতা বনিয়া, আন্তঃ ৰাষ্ট্ৰীয় বিচাৰক পংকজ কুমাৰ বৰাই। শোণিতপুৰৰ ৰাতুল কুমাৰ দাস, দিব্যজ্যোতি দাস আৰু সমীৰণ বৰাই প্ৰতিযোগিতাটিত টেকনিকেল অফিচিয়েল হিচাপে অংশ গ্ৰহণ কৰে আৰু শৰীৰ চর্চাবিদ মুজাহিদ ৰাজাই শোণিতপুৰ দলৰ প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰে।উল্লেখ্য যে চেম্পিয়ন খিতাপ অৰ্জন কৰা ৰঙাপৰা মহাবিদ্যালয়ৰ মহিলা দলটিক নেতৃত্ব প্ৰদান কৰিছিল হাইনাশ্ৰী ৱাৰীয়ে আৰু প্ৰশিক্ষক হিচাবে আছিল মহম্মদ চালামত দেৱান।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More