আলাবৈ ৰণ আৰু ‘লাইধন খাঁ’

৫ আগষ্টত আলাবৈ ৰণৰ স্মৃতি দিৱস

0 694

দাদুল দেৱকৃষ্ণ বৰুৱা

“আমাৰ সৈন্য একো একোটা হাতী, মই আজি তেনেকুৱা দহহাজাৰ সৈন্য একেদিনাই হেৰুৱালোঁ।”— ৰণত ঘটা বিপৰ্যয়ৰ পিছত আহোম সেনাৰ সেনাপতি লাচিত বৰফুকনে দুখতে কৈছিল এনেদৰে। বৰফুকনৰ দুখ দেখি মহামন্ত্ৰী আতন বুঢ়াগোহাঁয়ে বুজনি দিছিল— “বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেও আঠোটা দহটা মানুহক শিঙিয়ে বিন্ধেই।”

সঁচাকৈয়ে এয়া আছিল সহ্যাতীত পৰাজয়। এই আলাবৈ ৰণক অসমৰ ইতিহাসৰ এক ক’লা অধ্যায় বুলি গণ্য কৰা হয়। কাৰণ অৱশ্যে কেৱল পৰাজয় নহয়। এই যুদ্ধত আহোম সেনাই বৰ অসুবিধাজনক পৰিস্থিতিত যুঁজ দিব লগা হৈছিল। কাৰণ স্বয়ং সেনাপতি লাচিত বৰফুকন এই যুদ্ধৰ পক্ষত নাছিল। তেওঁ থলত থাকি বুজিছিল যে এয়া ৰণ জিনাৰ বাবে সুবিধাজনক সময় নহয়। কাৰণ মোগল সেনা আছিল সুবিধাজনক অৱস্থানত। আলাবৈ পাহাৰৰ উচাঞ্চলত আছিল মোগল

1659682780441 1

 সেনাৰ অৱস্থান। ভৈয়ামৰ দিশৰ পৰা হ’ব পৰা যিকোনো আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ এই অৱস্থান আছিল অতিকে সুচল। তেওঁলোকৰ সমুখত আছিল বিশাল সমতল। এটা দিশত আছিল চেঁচা নদী আৰু আনটো দিশত ব্ৰহ্মপুত্ৰ। তদুপৰি মোগলৰ আছিল শক্তিশালী অশ্বাৰোহী। সেয়ে বৰফুকনে ঠিকেই বুজিছিল— এই ৰণত আহোম সেনাৰ স্থিতি নিশকতীয়া। কিন্তু স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কঠোৰ আদেশ— ৰণ কৰিবই লাগে শতৰুৰ বিৰুদ্ধে।

ৰাজ আজ্ঞা শিৰোধাৰ্য। সেয়ে অমান্য নকৰি লাচিত বৰফুকনৰ নেতৃত্বত যুদ্ধত নামিল আহোম সেনা। পৰিণতিত একেদিনাই ১০,০০০ আহোম সেনা ৰণত পৰিল। এই ৰণৰ পৰিণামে স্বৰ্গদেউ চক্ৰধ্বজ সিংহক ইমানেই ব্যথিত কৰিলে যে পৰাজয়ৰ মানসিক পীড়া সহিব নোৱাৰি ১৬৭০ চনত, যুদ্ধৰ কেইমাহমানৰ পাছতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল।

আলবৈৰ যুদ্ধ বুলিলে কেৱল মোগলৰ জয় আৰু আহোমৰ পৰাজয়েই নহয়! এই ৰণৰ প্ৰসংগ আহিলে উচ্চাৰিত হয় মদনাৱতীৰ নাম। মদনাৱতী এগৰাকী ৰাজপুত মহিলা যোদ্ধা। বুৰঞ্জীয়ে কয়— মদনাৱতীয়ে বিজুলীসঞ্চাৰে তৰোৱাল ঘূৰাই বহুকেইজন অসম সেনাক হত্যা কৰিছিল। শেষত এজন অসমৰ সেনাৰ গুলিত মদনাৱতীৰ মৃত্যু হয়।

যুদ্ধৰ আৰম্ভণি আহোম সেনাৰ পক্ষতেই আছিল। মোগল সেনাপতি মীৰ নৱাবক যুদ্ধত ঘটোৱাই আহোম সেনাৰ আত্মবিশ্বাস বাঢ়িছিল। কিন্তু মোগল সেনাই যুদ্ধত এইবাৰ যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ কৰিলে। এনে ৰণশৈলী আহোম সেনাৰ বাবে একেবাৰে অপৰিচিত আছিল। দীঘল বাৰুৰে সজ্জিত মোগলৰ অশ্বৰোহী বাহিনীৰ আক্ৰমণত সেয়ে তিষ্ঠিব নোৱাৰিলে। আলাবৈৰ পথাৰত পৰি ৰ’ল দহ হাজাৰ আহোম সেনাৰ প্ৰাণহীন দেহ।

আলাবৈত পৰাজিত হ’লেও এই যুঁজে শিক্ষা দিলে আহোম সেনা আৰু ডা-ডাঙৰীয়াক— থলত থকা বিষয়াৰ পৰামৰ্শ নামানি ওপৰৰ পৰা আদেশ জাৰি কৰিলে পৰিমাণ সুখকৰ নহয়। অৱশ্যে এই কথাও স্বীকাৰ্য যে আলাবৈৰ বিপৰ্যয়ে আহোমক শক্তিশালী হোৱাৰ ক্ষেত্ৰতো সহায় কৰিলে। সেয়ে ১৬৭১ খ্ৰীষ্টাব্দত আহোম সেনাই লাচিত বৰফুকনৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে নিৰ্ণায়ক যুদ্ধখন কৰিলে। শৰাইঘাটৰ এই বিখ্যাত ৰণত অসমীয়া সেনাই মোগলক পৰাজিত কৰিলে।

৩৫২ বছৰ আগৰ কথা।
১৬৬৯ চনৰ ৫ আগষ্ট। স্থান বৰ্তমানৰ উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া অঞ্চলৰ দলিবাৰীৰ আলাবৈ পাহাৰ দাঁতি। ইয়াতেই হৈছিল আহোম আৰু মোগলৰ মাজৰ আলাবৈ ৰণ। আহোম সেনাই একো একোটা হাতীৰ সমান একোজন সৈন্যৰ মুঠ দহ হাজাৰ সৈন্য হেৰুওৱা এই আলাবৈ ৰণৰ আজি স্মৃতি দিৱস। আলাবৈৰ ৰণৰ সেই ৰক্তাক্ত ইতিহাস সুঁৱৰি ৫ আগষ্টত আলাবৈ ৰণৰ স্মৃতি দিৱস হিচাপে পালন কৰা হয়। অসমীয়াৰ বীৰত্বৰ কাহিনী আৰু জাতিৰ বাবে প্ৰাণ আহুতি দিয়া আহোম সেনাসকলৰ স্মৃতিত আলাবৈ ৰণৰ স্মৃতি দিৱস আজি ‘আলাবৈ ৰণস্মৃতি সুৰক্ষা সমিতি’-এ পছৰীয়া (মিলনপুৰ)ৰ আলাবৈ পাহাৰত এদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে আলাবৈ ৰণ স্মৃতি দিৱস। সন্ধিয়া এই আলাবৈ পাহাৰৰ দাঁতিত ৰণত পৰা দহ হাজাৰ সৈনিকৰ সোঁৱৰণত জ্বলোৱা হ’ব দহ হাজাৰ বন্তি। ইফালে অসম চৰকাৰে আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত চৰকাৰীভাৱে অনুষ্ঠিত কৰিছে আলাবৈ ৰণৰ স্মৃতি দিৱস।

  • আলাবৈ ৰণৰ স্মৃতি দিৱস আৰু ‘লাইধন খাঁ’

    “আকাশলৈ চালে বৰফুকনে। নিস্তেজ পোহৰ বিলাই আছে জোনবায়ে। তেওঁৰ ইংগিতৰ অলপ পিছতেই ইয়াত আৰম্ভ হ’ব এখন মহাৰণ। কত পাইকৰ বলিদান দেখিব জোনবায়ে।

লুইতলৈ চালে বৰফুকনে। আন্ধাৰ ফালি মৃদু সংগীত গাই বৈ আছে। তেওঁ ইংগিত দিলেই ইয়াত আৰম্ভ হ’ব এখন মহাৰণ। কত মৃতদেহ কঢ়িয়াই নিব লাগিব এই লুইতে।

বৰ পাহাৰলৈ চালে বৰফুকনে। খন্তেক পিছতে আৰম্ভ হ’ব স্বাধীনতা উদ্ধাৰৰ ৰণখন। কত বীৰৰ শেষ নিশ্বাস সামৰি ল’ব এই পাহাৰে।”

ওপৰৰ বৰ্ণনাখিনি আজি উন্মোচিত এখন উপন্যাসৰ। সু-লেখক, সাংবাদিক পুলিন কলিতাই লিখি উলিওৱা আৰু অভিজাত প্ৰকাশন ‘বনলতা’ই প্ৰকাশ কৰা উপন্যাসখনৰ নাম ‘লাইধন খাঁ’। গতানুগতিক উন্মোচনী অনুষ্ঠানৰ বিপৰীতে এটা ইউ টিউব চেনেলত উন্মোচন কৰা হয় ৫৮৪ পৃষ্ঠাৰ এই উপন্যাসখন। নবীন বুঢ়াগোহাঁই পৰিচালিত Nabin Buragohain History & Culture নামৰ ইউটিউব চেনেলযোগে গ্ৰন্থখন উন্মোচন কৰে পদ্মশ্ৰী, নৃত্যাচাৰ্য যতীন গোস্বামীয়ে। ৫০০ টকা মূল্যৰ এই উপন্যাসখন আজিৰ আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে উন্মোচনৰ দিহা কৰা হৈছিল। উপন্যাসখনত বিবৃত হৈছে আহোম আৰু মোগলৰ মাজত সংঘটিত শৰাইঘাট ৰণৰ সবিশেষ আৰু তাৰ পূৰ্বৰ আলাবৈ ৰণৰ প্ৰসংগ তথা সেই সময়ৰ ৰাজনৈতিক, আৰ্থ-সামাজিক প্ৰেক্ষাপটকে ধৰি বিভিন্ন উল্লেখযোগ্য বিষয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More