আহোম জাতিক অপমান :আহোম সভাই দিলে ২৪ ঘন্টাৰ সময়

তিনিচুকীয়াত টাইপাই জ্বলালে আঙুৰলতাৰ পুত্তলিকা : আৰক্ষীক গোচৰ

0 19

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত ওলোৱা সমদলত ‘আহোম জাতি মুৰ্দাবাদ’ ধ্বনি দিয়াৰ বিৰুদ্ধে আজি টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) তিনিচুকীয়া জিলা সমিতিয়ে আঞ্চলিক সমিতিসমূহৰ সহযোগত চহৰখনৰ মাজমজিয়াৰ থানা চাৰিআলিত আঙুৰলতা ডেকাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে । অভিযোগ অনুসৰি কালি বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ হৈ বাহিৰ কৰা সমদলত ‘আহোম জাতি মুৰ্দাবাদ’ ধ্বনি দিয়া হৈছিল । টাইপাৰ কৰ্মীসকলে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিজেপি বিৰোধী বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদৰ অন্তত আঙুৰলতা ডেকাৰ বিৰুদ্ধে টাইপাই তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰে । আনহাতে আজি ইয়াৰ এখন হোটেলত অসম আহোম সভাই আহ্বান জনোৱা এক সংবাদমেলত কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰে কোনোৱে দেশৰ সৰ্বোচ্চ পদত অধিস্থিত ৰাষ্ট্ৰপতিক তাচ্ছিল্য কৰাটো আহোম সভাই সহ্য নকৰে বুলি মন্তব্য কৰি নিৰ্দিষ্ট লোকজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আহোম জাতিক জগৰীয়া তথা অপমান কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে । যদিহে দল আৰু চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তদ্ৰুপ কাৰ্য্য দল আৰু চৰকাৰৰ অনুমতি সাপেক্ষেহে সম্ভৱ হোৱা বুলি আহোম সভাই ভাবিবলৈ বাধ্য হ’ব বুলি তেওঁ কয় । সভাই বিজেপিৰ লগতে চৰকাৰক ২৪ ঘন্টা সময়সীমা বান্ধি দি বিষয়টো স্পষ্ট কৰিবলৈ দাবী জনায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More