আৰক্ষী কৰ্মীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত

0 47

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৩০ নৱেম্বৰঃ আজি উত্তৰ লখিমপুৰত অসম আৰক্ষীৰ কৰ্মীসকলৰ বাবে এখন মুকলি তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তৰ্ক প্ৰতিযোগিতাখনিৰ আয়োজন লখিমপুৰ আৰক্ষী বিভাগে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যলয়খনৰ আলোচনা চক্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই উদ্বোধন কৰা প্ৰতিযোগিতাখন সঞ্চালনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা পূৰ্বৰ বিশিষ্ট তাৰ্কিক আছহাবুৰ ৰহমানে। উত্তৰ লখিমপুৰৰ জ্যেষ্ঠ অধিবক্তা ৰাজীব গগৈ, আছাম ট্ৰিবিউন কাকতৰ সাংবাদিক ফাৰহানা আহমেদ আৰু নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি সুৰজিৎ ভূঞাই বিচাৰক হিচাপে অংশগ্ৰহণ কৰে। “অভিযুক্তৰ মানৱ অধিকাৰ খৰ্ব নকৰাকৈ আৰক্ষীয়ে তদন্ত সুচাৰুৰূপে আগবঢ়াই নিয়াটো সম্ভৱ” এই তৰ্কৰ বিষয়ত লখিমপুৰ জিলাৰ বিভিন্ন থানা আৰু আউটপোষ্টৰ পৰা সেৱা আগবঢ়োৱা আৰক্ষী কৰ্মীৰ সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। মুঠ আঠাইশজন অংশগ্ৰহণকাৰীয়ে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তৰ্কৰ প্ৰস্তাৱৰ সপক্ষে বাবে বিতৰ্ক কৰা ৰবিন বৰাক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিক হিচাপে নিৰ্বাচিত কৰা হয়। এই প্ৰস্তাৱৰ বিপক্ষে যুক্তি দিয়া দিগন্ত শইকীয়াই দ্বিতীয় শ্ৰেষ্ঠৰ বিপৰীতে তৃতীয় স্থানত যৌথভাৱে পলাশ প্ৰতিম গগৈ আৰু দেৱজিত বৰাই প্ৰস্তাৱৰ বিপক্ষে কৈ স্থান লাভ কৰে। আৰক্ষী জোৱানসকলৰ বাবে অনুষ্ঠিত হোৱা বিতৰ্ক প্ৰতিযোগিতাত লখিমপুৰৰ আৰক্ষী অধীক্ষক ড° বেদান্ত মাধব ৰাজখোৱা, অতিৰিক্ত আৰক্ষীৰ অধীক্ষক ৰুণা নেওগ আৰু অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। সমগ্ৰ তৰ্ক প্ৰতিযোগিতাখনৰ আঁত ধৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More