উজানৰ মাছ বনাম মীন আইন

0 338

মুক্তাৰ আলী

ভাতৰ পাতত মাছৰ আঞ্জা নাথাকিলে গৰিষ্ঠসংখ্যক অসমীয়া মানুহৰে পেটলৈ ভাত নেযায়। মাছেৰে বিবিধ মুখৰোচক আঞ্জা ৰান্ধি আপ্যায়ন কৰিব নোৱাৰিলে গৃহিনীসকলৰো যেন মন নভৰে। পিটিকাৰপৰা আৰম্ভ কৰি পাতত দিয়া,খোলাত দিয়া ,ভজা, পোৰা ইত্যাদি ইত্যাদি অসমীয়া মানুহৰ অলেখ জুতি মাছ প্ৰথম আৰু প্ৰধান সামগ্ৰী। আমি জুতি লোৱা জাতি। জুতিত আমি ইমানেই মজ্জিত হৈ পৰিছো যে এই জুতিৰ প্ৰতাপত অসমৰ নৈ বিল, জান-জুৰি, জলাশয়ত বৰ্তমানলৈকে প্ৰায় ২৫ বিধ স্বাদযুক্ত মাছ প্ৰায় বিলুপ্তিৰ চৰম সীমাত উপনীত হৈছে। এসময়ত নৈ, বিলত উভৈনদী হৈ পৰা চেনিপুঠি,ভকুৱা,চেঙা,নেৰিয়া,পাভ,শিঙৰা,এলেং ইত্যাদি মাছৰ পৰিমাণ এতিয়া দুখজনকভাৱে কমি আহিছে। কথাখিনি উপস্থাপন কৰাৰো এটা বিশেষ কাৰণ আছে। যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰক্ষ্মপুত্ৰকে আদি কৰি ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ তীব্ৰৰূপত বাঢ়ি আহিছে। যোৱা দুদিন ধৰি নৈ উপনৈসমূহৰ ঠাইবিশেষে মাছৰ উজান উঠিছে। মুষলধাৰ বৰষুণ,গাজনি-ঢেৰেকনিকো আওকাণ কৰি উজানৰ পথাৰত হয়তো নামি পৰিছে লেখহীন মাছুৱৈ। উজানৰ মাছ ধৰাটো অসমীয়া মানুহৰ এক স্বভাৱজাত প্ৰক্ৰিয়া। যিমানেই বাধা নিষেধ নেথাকক কিয় পাল পাতি উজান মৰাতো এটা পুৰাতন প্ৰক্ৰিয়া যাৰ ব্যতিক্ৰম কাহানিয়ো হোৱা নাই। এই উজান আচলতে কি আৰু কিয় হয় তাক হয়তো বহলাই কোৱাৰ প্ৰয়োজনো নাই। নৈ, বিল জলাশয় আদিত থকা মাছবোৰে আগষ্ট মাহৰ পৰা পেটত কণী সাঁচে। নৈৰ সোঁতত কণী এৰি পোনা জগাবলৈ উত্তাৱল হৈ পৰা মাছবোৰ প্ৰণয়ৰ ইচ্ছাতো ব্যাকুল হৈ পৰে। এপ্ৰিল মাহৰ পৰা এই মাছবোৰে কণী এৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। বোৱতী পানী পালেই মাছে পোনা এৰি বংশ বিস্তাৰ কৰে। ন-পানীৰ পৰশে উত্তাল কৰি তোলা মাছবোৰে দিগ্ বিদিগ্ হেৰুৱাই সোঁত বোৱা লোৰ কিম্বা যুঁৱলিলৈ উঠি আহে। জাকে জাকে এনেদৰে উজাই অহা মাছৰ সমষ্টিকে উজান আখ্যা দিয়া হয়। পেটত কণীৰ ভৰ থকাৰ বাবে মাছবোৰ প্ৰায় দুৰ্বল হৈ থাকে বাবে মানুহে সহজে ধৰিব পাৰে। এই উজান ধৰাৰ প্ৰক্ৰিয়াত নিধন হয় অলেখ কণীযুক্ত মাছ। ফলস্বৰূপে দিনক দিনে মাছৰ পৰিমাণ হ্ৰাস হৈ এসময়ত বিভিন্ন প্ৰজাতিৰ মাছ বিলুপ্ত হৈ পৰে।

এনেদৰে উজান মৰা প্ৰক্ৰিয়াক ৰুদ্ধ কৰিবলৈ আৰু মাছৰ বংশবৃদ্ধি অৱ্যাহত ৰখাৰ স্বাৰ্থত ১৮৯৭ চনৰে পৰা চেষ্টা অব্যাহত ৰাখিলেও অদ্যপৰিমিত সংশ্লিষ্ট বিভাগ কিম্বা চৰকাৰ সফল হব পৰা নাই। সেই মৰ্মে ১৮৯৭ চনতে কিছু বিধি ব্যৱস্থা প্ৰস্তুত কৰি মীন আইন ১৮৯৭ প্ৰণয়ন কৰা হ’ল। অসমতো অসম মীন আইন,১৯৫৩ (সংশোধিত ২০০৫) প্ৰয়োগ কৰা হ’ল। মীন আইন ১৮৯৭ অনুসৰি —

• এক এপ্ৰিলৰপৰা ১৫ জুলাই পৰ্যন্ত ৭ ছেন্টিমিটাৰ/ ১৪ ছেন্টিমিটাৰ(২.৭ ইঞ্চি/৫.৫ ইঞ্চি)তকৈ কম বৰ্গৰ বেবজাল, মহাজাল, ফাঁচিজাল বা অন্য প্ৰকাৰৰ কোনো জাল কোনো ঘোষিত মীনমহল বা জলাশয়ত মৰা নিষেধ।

• ১ ছেন্টিমিটাৰ/ ২ ছেন্টিমিটাৰ বৰ্গৰ যিকোনো আঠুৱাজাল বছৰৰ যিকোনো সময়তে ব্যৱহাৰ কৰা নিষেধ।

• এক এপ্ৰিলৰপৰা ১৪ জুলাই পৰ্যন্ত মাছৰ প্ৰজননৰ সময়ছোৱাত ৰৌ, বাহু, মিৰিকা, চিতল, ক’লীয়াজৰা, কুঢ়ি আদিৰ গাভিনী মাছ মীনমহলত ধৰা নিষেধ।

• এক আগষ্টৰ পৰা ৩১ অক্টোবৰ পৰ্যন্ত ৰৌ, বাহু, মিৰিকা, চিতল, কলীয়াজৰা, কুঢ়ি আদি মাছৰ ১০ ছেন্টিমিটাৰ(৩.৯ ইঞ্চি) দৈৰ্ঘ্যৰ কম পোণা খোৱাৰ বাবে বিক্ৰী কৰা নিষেধ। যদি নৈ, বিল, জলাশয়ত এনেধৰণৰ মাছ ধৰে, তেনেহ’লে মীন বিভাগৰ লগত যোগাযোগ কৰি তাক মীন মহলত জীৱন্ত অৱস্থাত মেলাৰ ব্যৱস্থা কৰিব লাগে।

• এক মে’ৰ পৰা ১৪ জুলাই পৰ্যন্ত কোনো নদী, বিল বা মীন মহলত ৭ বৰ্গছেন্টিমিতাৰ(২.৭ বৰ্গইঞ্চি)ৰ কোনো ধৰণৰ বাঁহেৰে নিৰ্মাণ কৰা মাছ ধৰাৰ সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰিব।

উল্লিখিতিত নিয়মসমূহ ভংগ কৰা লোক বা ভাৰতীয় মীন আইন-১৮৯৭(১) ধাৰা মতে দণ্ডাধীশ, আৰক্ষী বিষয়া বা মীন উন্নয়ন বিষয়া বা তাৰ ওপৰৰ বিষয়াই গ্ৰেপ্তাৰ কৰাৰ উপৰি বিধি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।

বিধি-ব্যৱস্থা যিমানেই প্ৰয়োগ নকৰক কিয় এইক্ষেত্ৰত মাছমৰীয়াসকলৰ সমানে সমানে চৰকাৰী পক্ষও জগৰীয়া কেতবোৰ কাৰণত। মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ আৰ্থিক বিকাশ অবিহনে এপ্ৰিলৰপৰা জুলাইৰলৈকে দীৰ্ঘ সময়ৰ মৎস্য চিকাৰৰ বিৰতি কেতিয়াও সম্ভৱ নহয়। বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে সময়ে সময়ে ব্যৱস্থা গ্ৰহণৰ আশ্বাস মাছুৱৈসকলক দি আহিছে যদিও ইয়াক কাৰ্যক্ষেত্ৰত ৰূপায়ন কৰিব পৰা নাই। মাছকেই সাৰথি কৰি পৰিয়াল পোহপাল দিয়া ব্যক্তিসকলৰ জীৱিকাৰ বিকল্প পথ সৃষ্টি নকৰাকৈ এটা দীৰ্ঘ সময়ৰ বাবে নিষেধাজ্ঞা প্ৰদান কৰাটোৱে আইনখন প্ৰণয়নত বাধা সৃষ্টি কৰি আহিছে। তথাপিও অসমৰ সোণালী ভৱিষ্যতৰ বাবে অন্ততঃ উজান ধৰা প্ৰক্ৰিয়াৰ পৰা প্ৰতিজন মাছুৱৈয়ে নিজক আঁতৰাই ৰখাটো সময়ৰ আহ্বান।

উজান ধৰা প্ৰক্ৰিয়াত যেনেকৈ মাছৰ বংশবৃদ্ধি ৰূদ্ধ হয় ঠিক তেনেকৈ আন কেতবোৰ ক্ষতিও মৎস্যকূলে বহন কৰিব লাগে। উদাহৰণ স্বৰূপে মাছ ধৰোতে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ যাঠি,জোং পচা আদিৰ পৰিপ্ৰেক্ষিতত অলেখ মাছ আঘাতপ্ৰাপ্ত হয়। তেনেবোৰ মাছৰ জীৱনকাল টুটি আহে আনকি প্ৰায়বোৰ মাছ দুই এদিনৰ পিছতে মৃত্যু হোৱাও দেখিবলৈ পোৱা যায।
মৎস্যজীৱীসকলে মাছ ধৰিব লাগিব।মাছ ধৰি পৰিয়াল পোহপাল দিব লাগিব। চৰকাৰ কিম্বা ৰাইজৰ আপত্তি নাই। সেইবুলিয়েই মাছৰ বংশবৃদ্ধিৰ সময়চোৱাত মাছ ধৰি আইন ভংগ কৰি দেশৰ আইন-ব্যৱস্থাক ভেঙুচালি কৰিলে নহ’ব।এইক্ষেত্ৰত চৰকাৰ, ৰাইজ, প্ৰকৃতিপ্ৰেমী,দল,সংগঠন সকলোৱে সহযোগিতা আগবঢ়াব লাগিব।

লেখকৰ ম’বাইল ৯৬৭৮২৯৬৯১০

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More