উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ পাইলট প্ৰশিক্ষণ স্কুল উদ্বোধন

বঙৰাৰ টেক চিটিত  তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তঃ ৰাইট অব্ ৱে' পৰ্টেল মুকলি

0 15

গুৱাহাটী, ৯ আগষ্ট: বৰঝাৰৰ সমীপৱৰ্তী টেক চিটিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান ‘এমট্ৰন ড্ৰোণ স্কুল’ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ অধীনৰ প্ৰতিষ্ঠান এমট্ৰনৰ দ্বাৰা পৰিচালিত গুৱাহাটী টেক চিটি প্ৰকল্পৰ অংশ হিচাপে এই ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠানটি স্থাপন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মহানিৰ্দেশালয় (ডিজিচিএ)-এ ইতিমধ্যে এমট্ৰন ড্ৰোণ স্কুলক ৰিমোট পাইলট অনুজ্ঞাপত্ৰৰ প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। মঙ্গলবাৰে আগবেলা বঙৰাৰ টেক চিটিত এই ড্ৰোণ ৰিমোট পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠানটো উদ্বোধন কৰি ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী মহন্তই কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক বিশ্বৰ অন্যতম ড্ৰোণ হাব হিচাপে গঢ়াৰ বাবে লোৱা পৰিকল্পনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগেও অসমৰ যুৱপ্ৰজন্মৰ বাবে ড্ৰোণ প্ৰযুক্তিয়ে কঢ়িয়াই অনা অপাৰ সম্ভাৱনা দুৱাৰ মুকলি কৰি দিয়াৰ উদ্যোগ লৈছে। মন্ত্ৰীগৰাকীয়ে কয়, ‘আগন্তুক দিনত ড্ৰোণ প্ৰযুক্তিয়ে সকলো দিশতে অতি মহত্বপূৰ্ণ ভূমিকা ল’বলৈ গৈ আছে। ইয়াৰ সুযোগ ল’ব পৰাকৈ অসমৰ যুৱক-যুৱতীসকলক এই বিষয়ক কাৰিকৰী তথা ব্যৱহাৰিক শিক্ষা আৰু উন্নত মানৰ প্ৰশিক্ষণেৰে সাজু কৰি তোলাৰ লক্ষ্যৰেই আমি এমট্ৰন ড্ৰোণ স্কুল প্ৰতিষ্ঠা কৰিছো। গুৱাহাটী টেক চিটিৰ এই ড্ৰোণ পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠানক কেৱল উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ দেশৰে অন্যতম অগ্ৰণী ড্ৰোণ প্ৰশিক্ষণ কেন্দ্ৰ ৰূপে বিকশিত কৰিবলৈ আমি পৰিকল্পনা কৰিছো।’ এমট্ৰন ড্ৰোণ স্কুলে স্থানীয় যুৱক-যুৱতীসকলৰ মাজত ড্ৰোণৰ ৰিমোট পাইলট প্ৰযুক্তি বিষয়ক দক্ষতা বৃদ্ধিত সহায় কৰি অতি সম্ভাৱনাপূৰ্ণ ভাৰতীয় ড্ৰোণ উদ্যোগৰ ক্ষেত্ৰতখনত সংস্থাপন লাভ পথো প্ৰশস্ত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই উদ্বোধনী অনুষ্ঠানত পশ্চিম গুৱাহাটীৰ বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা, তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি, ইলেকট্ৰনিকচ আৰু যোগাযোগ সঞ্চালকালয় (ডাইটেক)ৰ সঞ্চালক স্বপ্নীল পাল, এমট্ৰনৰ পৰিচালন সঞ্চালক এছ সুন্দৰ, তথ্য-প্ৰযুক্তি সেৱা প্ৰদানকাৰী অগ্ৰণী আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ‘ক’ৰচাইট’ৰ মুখ্য কাৰ্যবাহী বিষয়া ৰব ৱাটছ আৰু পৰিকল্পনা, ৰূপান্তৰণ সঞ্চালক জেৰেমি ব্লোম, বিপণন সঞ্চালক প্ৰশান্ত কৌল আৰু আগশাৰীৰ ভাৰতীয় তথ্য-প্ৰযুক্তি পৰামৰ্শদাতা প্ৰতিষ্ঠান আই-ছেকৰ পৰিচালন সঞ্চালক অমৃতা সিং, ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য পংকজ পাঠকৰ লগতে এডু-ৰাডৰ কাৰ্যবাহী আৰু প্ৰথমটো বেটচৰ প্ৰশিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে।উল্লেখ্য যে, এমট্ৰন ড্ৰোণ স্কুলত ৰিমোট পাইলট অনুজ্ঞাপত্ৰ প্ৰশিক্ষণ পাঠ্যক্ৰম পৰিচালনাৰ দিশত সহযোগী অংশীদাৰ হিচাপে থাকিব দেশত ড্ৰোণ পাইলট প্ৰশিক্ষণৰ ক্ষেত্ৰত ইতিমধ্যে বিশেষ পৰিচিতি গঢ়ি তোলা এডু-ৰেড নামৰ এটা ষ্টাৰ্ট আপ প্ৰতিষ্ঠান। টেক চিটিৰ ড্ৰোণ স্কুলত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে অসামৰিক বিমান পৰিবহন মহানিৰ্দেশালয়ৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত প্ৰশিক্ষক নিয়োজিত কৰিছে এমট্ৰনৰ অংশীদাৰ এডু-ৰেডে। আনহাতে, এমট্ৰন ড্ৰোণ স্কুলৰ ড্ৰোণ ফ্লায়িং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰা হ’ব জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ খেলপথাৰখন। আজি টেক চিটিত ড্ৰোণ প্ৰশিক্ষণ প্ৰতিষ্ঠানটো উদ্বোধনৰ পাছতে মন্ত্ৰী মহন্ত আৰু আনসকল বিশিষ্ট অতিথিয়ে অসম বন বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ এই ড্ৰোণ ফ্লায়িং গ্ৰাউণ্ডত পৰীক্ষামূলক ড্ৰোণ উৰণেৰে প্ৰশিক্ষণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। এমট্ৰন ড্ৰোণ স্কুলত প্ৰশিক্ষণৰ বাবে সদ্যহতে ২ কিলোগ্ৰামতকৈ তলৰ ওজন শ্ৰেণীৰ দুখন মাইক্ৰ’ ড্ৰোণ আৰু ২-২৫ কিলোগ্ৰাম ওজন শ্ৰেণীৰো দুখন দেশীয় ভাৱে বিকশিত ড্ৰোণ আনিছে এমট্ৰনে। শীঘ্ৰে কৃষিক্ষেত্ৰ বিষয়ক ড্ৰোণৰ পাইলট প্ৰশিক্ষণত ব্যৱহাৰৰ বাবেও ২-২৫ কিলোগ্ৰাম ওজন শ্ৰেণীৰ আন দুখন কৃষি-ড্ৰোণ এই প্ৰশিক্ষণ প্ৰতিষ্ঠানত সংযোজন ঘটাব এমট্ৰনে৷
ইফালে, টেক চিটিত হোৱা এমট্ৰন ড্ৰোণ স্কুলৰ আজিৰ উদ্বোধনী অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে প্ৰস্তুত কৰা ‘ৰাইট অব্ ৱে’ (আৰঅ’ডব্লিউ) পৰ্টেল এটাও মুকলি কৰে তথ্য প্ৰযুক্তি মন্ত্ৰী মহন্তই। এই আৰঅ’ডব্লিউ পৰ্টেলৰ জৰিয়তে এতিয়াৰে পৰা ৰাজ্যৰ যিকোনো জিলাৰ যিকোনো স্থানত মোৱাইল টাৱাৰ, অপটিকেল ফাইবাৰ কেবোল আদি টেলিকম আন্তঃগাঁথনি সংস্থাপনৰ বাবে টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে অতি সহজে আৰু একক খিৰিকি ব্যৱস্থাৰে অনলাইন আবেদন দাখিল কৰি অনুমতি লাভ কৰিব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More