উত্তৰ লখিমপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত নিশা উদঙীয়া গৰুৰ সন্ত্ৰাস
ৰেল ষ্টেচনৰ শৌচাগাৰ-প্ৰস্ৰাৱগাৰৰ কৰ্দযময় ৰূপ
শতাব্দ প্ৰতিনিধি, ২১ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলোবোৰ ৰেলৱে ষ্টেচন উন্নত কৰি সেই ষ্টেচন সমূহক স্বচ্ছ ভাৰত মিছন অভিযানৰ অন্তৰ্ভূক্ত কৰাৰ সময়তে লখিমপুৰত নিশা ইয়াৰ বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা কাৰ্যই ৰেল যাত্ৰীসকলক আ(ৰ্য কৰি তুলিছে৷ উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত এতিয়া একপ্ৰকাৰে নিশা উদঙীয়া গৰুৰ সন্ত্ৰাস চলাৰ পিছতো ৰেলৱে কতৃৰ্পক্ষই এইক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন ৰেল যাত্ৰীসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ প্ৰতি নিশাৰ দৰে ২০ আগষ্টৰ নিশা ১১ বজাতো উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত একাংশ উদঙীয়া গৰুৱে বিচৰণ কৰি একপ্ৰকাৰে প্লেটফৰ্মখনত কৰ্দযময় পৰিৱেশৰ সৃষ্টি কৰে৷ এজাক উদঙীয়া গৰুৱে প্লেটফৰ্মৰ ডাষ্টবিনৰ জাবৰ খুচৰি প্লেটফৰ্মখন কৰ্দযময় কৰি তোলাত সচেতন ৰেল যাত্ৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ কেৱল এয়ে নহয় নিতৌ নিশা নিশা প্ৰায়ে উদঙীয়া গৰুৱে প্লেটফৰ্মত বিচৰণ কৰি মল-মূত্ৰ ত্যাগ কৰি প্লেটফৰ্মৰ পৰিৱেশ বিনষ্ট কৰি আহিছে৷ কেৱল এয়ে নহয় উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ সমূহৰ অৱস্থাও তথৈবচ৷ পুৰুষৰ কথা বাদেই এগৰাকী মহিলাই উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচনত শৌচ প্ৰস্ৰাৱ কৰিবলৈ হ’লে নিজকে সেই ঠাইলৈ যাবলৈ বহুবাৰ চিন্তা কৰিব লাগিব৷ উত্তৰ লখিমপুৰ ৰেলৱে ষ্টেচন কতৃৰ্পক্ষ আৰু সংশ্লিষ্ট কৰ্মচাৰীৰ চূড়ান্ত হেমাহীৰ বাবেই এতিয়া ৰেলৱে ষ্টেচনটোত থকা শৌচাগাৰ প্ৰস্ৰাৱগাৰ সমূহ কৰ্দযময় হৈ পৰিছে৷ ফলত ৰেলযাত্ৰীসকলে এইক্ষেত্ৰত দুৰ্ভোগ ভূগি আহিছে৷ বাৰিষা বৰষুণৰ বতৰত এই শৌচাগাৰ-প্ৰস্ৰাৱগাৰ সমূহলৈ বাহিৰৰ পানী সোমাই ৰেলযাত্ৰীক অসুবিধাত পেলাই আহিছে৷ ইমানৰ পিছতো ৰেল কতৃৰ্পক্ষই এই প্লেটফৰ্ম বা শৌচাগাৰ-প্ৰস্ৰাৱগাৰ সমূহৰ নজৰ নিদিয়াতো পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে৷