একাধিক কুঁৱাত দুৰ্বৃত্তই মিহলালে বিষ

 বৰছলাৰ বৰঘোপত তীব্ৰ প্ৰতিক্ৰিয়া

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টিৰ বাহঁবাৰীৰ মৌজাৰ বৰঘোপ ৰাইতলীত যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে পানীত বিষ ধলা কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,দুৰ্বৃত্তই একাধিক পৰিয়ালৰ চৌহদত বিষাক্ত দ্ৰব্য পেলোৱাৰ লগতে এটা পৰিয়ালৰ কুঁৱাত তথা অঞ্চলটোৰ এখন বিদ্যালয়ৰ কুঁৱাতো বিষ পেলোৱা ঘটনাই দুৰ্বৃত্তৰ জঘন্য মানসিকতাক উদঙাই দিছে৷ উল্লেখযোগ্য যে ভিতৰুৱা অঞ্চলটোৰ পদুমী তুলি, খুদি বসুমতাৰী, যমুনা যোগীৰ ঘৰৰ চৌহদত দুৰ্বৃত্তই নিশা বিহ পেলাই থৈ যোৱাৰ লগতে খুদিৰাম ভূমিজৰ ঘৰৰ কুঁৱাত বিষাক্ত দ্ৰব্য ঢালি থৈ যায়।এই কুঁৱাটোৰ পৰা অঞ্চলটোৰ ভালেসংখ্যক পৰিয়ালে পানী নিয়ে৷ আজি এই কুঁৱাটোৰ পানীৰ পৰা ৰসায়নিক দ্ৰব্যৰ গোন্ধ ওলোৱাৰ লগে লগে ৰাইজৰ মাজত হাঁহাকাৰ লাগে৷ আনহাতে যি সমূহ পৰিয়ালৰ ঘৰৰ চৌহদত বিষাক্ত দ্ৰব্য পেলোৱা হৈছিল তেওঁলোকৰ ঘৰৰ পোহনীয়া মুৰ্গীয়ে সেয়া ভক্ষণ কৰাৰ পাছতে কেবাটাও মুৰ্গীৰ মৃত্যু হোৱাত ৰাইজে এয়া বিষ বুলি নিশ্চিত হয়৷ তদুপৰি অঞ্চলটোৰ বৰঘোপ প্ৰাথমিক বিদ্যালয়ৰ কুঁৱাতো বিহ দিয়া বুলি স্হানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।ঘটনা সন্দৰ্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগক জনোৱাৰ লগতে আৰক্ষীকো জনোৱা হয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোকে কুঁৱাৰ পানী সংগ্ৰহ কৰি সেয়া পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ তদুপৰি ইয়াত কি ধৰণৰ বিষাক্ত দ্ৰব্য মিহলোৱা হৈছে সেয়া নিশ্চিত নোহোৱালৈকে তথা এই দ্ৰব্যৰ বিষক্ৰিয়াৰ নিৰাময়ৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত সৰ্বসাধাৰণক এই কুঁৱাৰ পানী সেৱন কৰাৰ পৰা বাৰণ কৰা হৈছে৷ সম্প্ৰতি দুয়োটা কুঁৱা ৰঙাফিটাৰে বেৰি বিপজ্জনক হিচাপে চিহ্নিত কৰাৰ লগতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।খোৱা পানীৰ যথেষ্ট সমস্যা থকা অঞ্চলটোত দুটাকৈ কুঁৱাত এনেদৰে বিষাক্ত দ্ৰব্য মিহলোৱা তথা সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰছাত্ৰীকো লক্ষ্য কৰি লোৱা দুৰ্বৃত্তক চিনাক্ত কৰি এইসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ ৰাইজে আহ্বান জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More