এনকাউণ্টাৰ : ছয় সপ্তাহৰ ভিতৰত চৰকাৰক বিতং শপতনামা দাখিলৰ নিৰ্দেশনা ন্যায়ালয়ৰ

0 15

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰ প্ৰসংগত আজি হোৱা শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি হোৱা শুনানিত যুক্তি প্ৰদৰ্শন কৰে দেশৰ প্ৰখ্যাত আইনজীৱী প্ৰশান্ত ভূষণে। ইয়াৰ পিছতে যোৱা এটা বছৰত ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ প্ৰসংগত বিতং শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশনা প্ৰদান কৰে উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে ২১ মে’ত ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ প্ৰসংগত গৃহ বিভাগে এক শপতনামা প্ৰকাশ কৰিছিল। সেই শপতনামাত উল্লেখ কৰিছিল যে ২১ মে’লৈকে ৰাজ্যত ভুৱা সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৫১ জন। আনহাতে আহত লোকৰ সংখ্যা আছিল ১৩৯ জন লোক। এই আহত লোকসকল আৰক্ষীৰ গুলীত আহত হৈছিল। শুকুৰবাৰে ন্যায়ালয়ত আইনজীৱী প্ৰশান্ত ভূষণে যুক্তি আগবঢ়ায় যে অসমত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত হোৱা নাই কিয়? আৰক্ষীৰ গুলীত আহত হোৱা লোকসকলৰ তদন্ত কেৱল তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সময়ত দাখিল কৰা এজাহাৰতে সমাপ্ত কৰা হৈছে। এই সন্দৰ্ভত কোনো সুকীয়া এফ আই আৰ দাখিল কৰা হোৱা নাই। আনহাতে এনকাউণ্টাৰত মৃত্যু হোৱা লোকসকলৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও তাৰ কোনো তদন্ত হোৱা নাই। সেয়ে সুকীয়া স্বতন্ত্ৰ তদন্ত বিচাৰি আৱেদন দাখিল কৰা হৈছিল। ইফালে প্ৰশান্ত ভূষণৰ যুক্তিৰ বিপৰীতে ৰাজ্যৰ মহাধিবক্তা দেৱজিত শইকীয়াই ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ সন্দৰ্ভত সুকীয়া তদন্ত কৰা হৈছে বুলি মন্তব্য কৰে। কিন্তু এই তদন্ত স্বতন্ত্ৰ হয়নে নহয়, তদন্ত কি পৰ্যায়ত আছে সেই বিষয়ে ন্যায়ালয়ক অৱগত কৰিব নোৱাৰিলে মহাধিবক্তাগৰাকীয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক ৬ সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। ২৯ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক এই প্ৰসংগত বিতং শপতনামা দাখিল কৰিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে। দিল্লীৰ পৰা ভাৰ্চুৱেলী যুক্তি প্ৰদৰ্শন কৰা প্ৰশান্ত ভূষণে কয় যে অসম আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰিছে। তদুপৰি তেওঁ শপতনামা দাখিল কৰাৰ পিছতো অসমত আন ৩ জন লোক এনকাউণ্টাৰত মৃত্যু হোৱাৰ বিষয়টোও উত্থাপন কৰে। উল্লেখ্য যে ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভত অধিবক্তা আৰিফ জাৱাদ্দাৰে এক ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন দাখিল কৰিছিল। সেই আৱেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ত ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More