এভাৰেষ্টতো যুদ্ধৰ আঁচোৰ !

কমিব পাৰে পর্বতাৰোহীৰ ভিৰ

0 71
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ এপ্ৰিল : ডেৰ মাহৰো বেছি সময় ধৰি ইউক্রেইনৰ মাটিত চলিছে ৰাছিয়াৰ আক্ৰমণ। সেই আক্ৰমণৰ আঁচোৰ আহি এইবাৰ পৰ্বতো পালেহি । এই যুদ্ধ পৰিস্থিতিৰ বাবেই চলিত ঋতুত এভাৰেষ্ট অভিযানৰ বাবে নেপাললৈ আগমন ঘটা পর্বতাৰোহীৰ সংখ্যা যোৱাবাৰৰ তুলনাত উল্লেখযোগ্য হাৰত কমিব পাৰে বুলি অনুমান কৰা হৈছে। মহামাৰীৰ কাৰণে ২০২০ চনত নেপালত অভিযান বন্ধ থাকিলেও যোৱা বছৰৰ পৰা মুকলি কৰি দিয়া হৈছে। বিদেশীৰ বাবে এতিয়াও বন্ধ চীনৰ দুৱাৰ। ফলত চলিত ঋতুৰ আৰম্ভণিতে অভিযানলৈ যাবৰ বাবে নেপালতেই ভিৰ কৰিবলৈ আৰম্ভ কৰিছে পর্বতাৰোহীসকলে। কিন্তু ৰাছিয়া-ইউক্রেইন যুদ্ধৰ কাৰণে এভাৰেষ্টৰ পথত পৰ্বতাৰোহীৰ সংখ্যা কমিছে। পৰিসংখ্যাই কৈছে, বিগত বছৰ কেৱল এভাৰেষ্টৰ বাবে চাৰি শতাধিক বিদেশী অভিযাত্রীক অনুমতিপত্র দিছিল নেপালে। কিন্তু এইবাৰ সেই সংখ্যা ভালেখিনি কমিব পাৰে। নেপালৰ পর্যটন দপ্তৰৰ ৩ এপ্রিলৰ তালিকা অনুযায়ী, আঠ, সাত আৰু ছয় হাজাৰৰ একাধিক শৃঙ্গ মিলি মুঠ ৩১টা দলৰ ২৫২ জন অভিযাত্রীয়ে এতিয়ালৈকে অনুমতি পাইছে। যাৰ ভিতৰত এভাৰেষ্ট যোৱাৰ অনুমতিপত্র পাইছে ৮৫ জনে। নেপালৰ আয়োজক সংস্থাসমূহে জনোৱা মতে, ইউক্রেইনীয় পর্বতাৰোহীসকলে এভাৰেষ্টসহ বিভিন্ন শৃঙ্গ অভিযানৰ বাবে আগতেই বুকিং কৰিলেও যুদ্ধৰ কাৰণে সেয়া বাতিল কৰিছে। হিমালয়ান ডাটাবেছৰ তথ্য অনুযায়ী, বিগত বছৰত এভাৰেষ্টসহ একাধিক আঠ হাজাৰৰ শৃঙ্গত অভিযান চলাবলৈ নেপাললৈ আগমন ঘটিছিল ৰাছিয়াৰ ৪৯ জন আৰু ইউক্রেইনৰ ১৯ জন পর্বতাৰোহী। তেওঁলোকৰ ভিতৰত ৰাছিয়াৰ ১৪ জন আৰু ইউক্রেইনৰ ৬ জন গৈছিল এভাৰেষ্টলৈ। কিন্তু এইবাৰৰ পৰিস্থিতি সম্পূর্ণ সলনি কৰি পেলাইছে যুদ্ধই। নেপালৰ পর্যটন দপ্তৰৰ সূত্রৰ খবৰ অনুসৰি এই বছৰ ৰাছিয়াৰ কোনো পর্বতাৰোহী দল নেপাললৈ অহা নাই। অৱশ্যে ইতিপূৰ্বে অনুমতি পত্ৰ দি থোৱা তিনিজন পর্বতাৰোহীৰ মাজৰ এজনে অন্নপূর্ণা শৃঙ্গলৈ আৰু বাকী দুজনে আঠ হাজাৰতকৈ কম উচ্চতাৰ শৃঙ্গত অভিযান চলোৱাৰ কথা যদিও সেয়া নিশ্চিত নহয়। একেদৰে ইউক্রেইনৰ পৰাও কোনো পর্বতাৰোহী নেপাললৈ অহা নাই। পর্বতাৰোহণত নেপালৰ সকলোতকৈ ডাঙৰ আয়োজক সংস্থা ছেভেন ছামিটৰ কর্ণধাৰ মিংমা ছেৰ্পাই কৈছে— ‘‘আমাৰ সতে এভাৰেষ্ট আৰু অন্নপূর্ণা অভিযান কৰাৰ কথা আছিল তেওঁলোকে। ২০ জন ইউক্রেনীয় পর্বতাৰোহীয়ে এতিয়া বুকিং বাতিল কৰিছে। এতিয়ালৈকে আমাৰ লগত ৰাছিয়াৰ কোনো অভিযাত্রী নাই। ইউৰোপৰ অন্য দেশৰ পৰা অহা অভিযাত্রীৰ সংখ্যাও আগৰ তুলনাত কম।’’ নেপালৰ অন্য এটা আয়োজক সংস্থা ‘পায়’নিয়াৰ এডভেঞ্চাৰ’ৰ স্বত্বাধিকাৰী পাচাং ছেৰ্পাই কাঠমাণ্ডুত প্ৰকাশ কৰে যে, তেওঁলোকৰ লগত অন্নপূর্ণা-মাকালু অভিযানত যোৱাৰ কথা আছিল ইউক্রেইনৰ সাতজনীয়া এটা দল। দলটোৱে এতিয়া অভিযান বাতিল কৰিছে। এই সংস্থাৰ লগত এভাৰেষ্ট বেছ কেম্পসহ অন্য ৰুটত ট্রেকিং কৰিবলৈ অহাৰ কথা আছিল ৪৮ জন ইউক্রেনিয়ান। বাতিল হৈছে সেইবোৰো। পাচাঙৰ বক্তব্য— ‘‘যুদ্ধৰ বাবে ইটোৰ পিছত সিটো বুকিং বাতিল হোৱাত লোকচানৰ সন্মুখীন হৈছোঁ। বিশেষতঃ নেপালৰ সৰু সৰু আয়োজক সংস্থাসমূহৰ ক্ষতিৰ পৰিমাণ বহুতেই বেছি। যুদ্ধৰ পৰিপ্ৰেক্ষিতত পাহাৰী পথেৰে ৰাছিয়াৰ পর্বতাৰোহীক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ আর্জি পেছ কৰিছে ইউক্রেইনে। ছ’চিয়েল মিডিয়াত ‘ন’ পীচ ন’ ক্লাইম্ব’ শব্দ তুলিছে ইউক্রেইনৰ পর্বতাৰোহীসকলৰ কোনো কোনোৱে। নতুন দিল্লীস্থিত ইউক্রেইনৰ দূতাবাসৰ পৰা নেপালৰ দূতাবাসলৈ লেখা এখন চিঠিৰ কথা সম্প্রতি পোহৰলৈ আহিছে, য’ত যুদ্ধ বন্ধ নহ’লে ৰাছিয়াৰ পর্বতাৰোহীক নেপালত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ আর্জি জনোৱা হৈছে। অৱশ্যে নেপালৰ পর্যটন দপ্তৰৰ এজন উচ্চপদস্থ বিষয়াই জনাইছে যে, এতিয়ালৈকে এনে কোনো চিঠি পোৱা নাই নেপাল চৰকাৰে। বিভাগলৈ চৰকাৰৰ তৰফৰ পৰা এই সংক্রান্তত কোনো নির্দেশো অহা নাই। অৱশ্যে কোনো বিদেশী পর্বতাৰোহীৰ বাবে পাহাৰৰ পথ বন্ধ কৰাৰ কোনো নিয়ম নাই নেপালৰ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More