এলুমিনিয়াম পেকেটত খাদ্য বন্ধ কৰিলে ৰেলৱেই

পৰিৱেশ বান্ধৱ ‘ষ্টার্চ’ৰ পৰা তৈয়াৰী হ’ব পেকেট

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : ৰাজধানী, শতাব্দী আদি দূৰগামী আৰু দ্ৰুতবেগী এক্সপ্রেছ ট্রেইনসমূহত এলুমিনিয়ামৰ পেকেটত খাদ্য সৰবৰাহ বন্ধ কৰিছে ৰেল বিভাগে। এলুমিনিয়ামৰ পৰিৱৰ্তে ‘ষ্টার্চ’ৰ পৰা তৈয়াৰী পৰিৱেশ বান্ধব পেকেটতহে খাদ্য পাব দূৰগামী যাত্রীসকলে। যদিও ইয়াৰ ফলত খৰচ বাঢ়িব অন্ততঃ ৪০ৰ পৰা ৫০ শতাংশ। স্বাভাৱিকভাৱেই প্রশ্ন উঠিছে— এই অতিৰিক্ত খৰচ কি যাত্রীসকলেই বহন কৰিব লাগিব? ৰে’ল মন্ত্রণালয়ৰ শীর্ষ সূত্রই স্পষ্টকৈ জনায় যে, এই বিষয়ত যাত্রীসকলৰ আশঙ্কাৰ কোনো কাৰণ নাই। পুৰাদমে পৰিৱেশ বান্ধৱ পেকেটত খাদ্য সৰবৰাহ আৰম্ভ হৈ যোৱাৰ পিছতো কেটাৰিং চার্জ বৃদ্ধিৰ কোনো পৰিকল্পনা নাই। জনা গৈছে, প্রথমে হাওৰা আৰু মুম্বাই ৰাজধানী এক্সপ্ৰেছত ইয়াৰ পৰীক্ষামূলক ব্যৱহাৰ কৰা হ’ব। তাৰ পিছত দূৰগামী ট্রেইনৰ সকলোতেই ইয়াৰ ব্যৱহাৰ আৰম্ভ কৰিব IRCTCয়ে। ৰে’লৱে সূত্রৰ খবৰ— দূৰগামী ট্রেইনবোৰত পৰৱর্তী চাৰি মাহৰ ভিতৰত এই ব্যৱস্থা পুৰাদমে আৰম্ভ হ’ব। ৰাজধানী, শতাব্দী আদি দুৰন্ত এক্সপ্রেছৰ দৰে প্রিমিয়াম ট্রেইনসমূহত, য’ত টিকটৰ মূল্যৰ লগত কেটাৰিং চার্জ যোগ হৈ থাকে, সেইসমূহত প্লাষ্টিকৰ ট্রেত একাধিক এলুমিনিয়াম পেকেটে ‘কুকড ফুড’ সৰবৰাহ কৰা হয়। ভাত, দাইল, ভাজি, মাছ, মাংস যিয়েই নহওক সকলোবোৰ এলুমিনিয়ামৰ পেকেটতেই পৰিবেশন কৰা হয়। ৰেল বিভাগৰ বিষয়াসকলৰ মতে, এলুমিনিয়াম পেকেট পৰিৱেশৰ বাবে ক্ষতিকৰ। ‘ষ্টার্চ’ৰ পৰা তৈয়াৰী পেকেট সম্পূর্ণ পৰিৱেশ বান্ধৱ। কিন্তু এইক্ষেত্রত দামৰ পাৰ্থক্য কিমান হ’ব? চৰকাৰী সূত্রৰ খবৰ— এলুমিনিয়াম পেকেটৰ খৰচ প্ৰায় ১৫ টকা। ‘ষ্টার্চ’ৰ পৰা তৈয়াৰী পেকেটৰ দাম প্রতিটোতে কমেও ২০ টকা। যিহেতু দূৰগামী ট্রেইনৰ খাদ্য সৰবৰাহৰ সময়ত একাধিক পেকেটত খাদ্য দিয়া হয়, সেয়ে সার্বিকভাৱে খৰচ বাঢ়ি যাব অন্ততঃ ৪০ৰ পৰা ৫০ শতাংশ। যাত্রীসকলক যি চামুচ দিয়া হ’ব, সেয়াও তৈয়াৰ হ’ব ‘ষ্টার্চ’ৰ পৰাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More