মাত্ৰ ৮০ দিনতে পৃথিৱী ভ্ৰমণ দুই অশীতিপৰ বান্ধৱীৰ

ভাৰতত থকাৰ সময়তে দুয়োগৰাকী বান্ধৱীয়ে তাজমহলৰ সন্মুখত থিয় হৈ একেলগে এখন ফটো উঠিছিল। শেহতীয়াকৈ তেওঁলোকে সেই ফটোখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

0 44

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ এপ্ৰিল : এলি হাম্বি আৰু ছেণ্ডী হেজেলিপ। এগৰাকী পেছাত তথ্যচিত্ৰ পৰিচালক, আনগৰাকী চিকিৎসক। দুয়ো অশীতিপৰ। আমেৰিকাৰ টেক্সাছৰপৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত মাত্ৰ ৮০ দিনৰ ভিতৰতে বিশ্ব ভ্ৰমণ কৰিছে ৮১ বছৰীয়া দুই বান্ধৱীয়ে। ভ্ৰমণ আৰু দুঃসাহসিক কৰ্মই কোনো বয়স যে নামানে এলি আৰু ছেণ্ডীৰ বিশ্ব ভ্ৰমণে সেয়া প্ৰমাণ কৰিছে। তেওঁলোক ভাৰতলৈও আহিছিল। তাজমহলতো ফটো উঠিছিল।

তেওঁলোকৰ ভ্ৰমণৰ বিষয়ে ছেণ্ডীয়ে CNNক জনাইছে যে ৮০ বছৰৰ পাছত তেওঁলোকৰ মনলৈ বিশ্ব ভ্ৰমণৰ ধাৰণাটো আহিছিল। তেওঁ কয়— ‘‘আমি আগতেও একেলগে বিভিন্ন ঠাই ভ্ৰমণ কৰিছোঁ। ৭৬ বছৰ বয়সত আমি বিশ্ব ভ্ৰমণলৈ যোৱাৰ কথা আলোচনা কৰিছিলোঁ। ৮০ বছৰ হোৱাৰ লগে লগে আমি এইবাৰ ওলাই যোৱাৰ সিদ্ধান্ত লওঁ।” আনহাতে এলিয়ে কয়— “আমি আগতেই ওলাই গ’লোঁহেঁতেন। কিন্তু কভিদৰ বাবে সেয়া সম্ভৱ নহ’ল। কিন্তু কভিদ কমি অহাৰ লগে লগে আমি ভ্ৰমণত ওলালোঁ৷”

শেহতীয়াকৈ এলি আৰু ছেণ্ডীয়ে ৮০ দিনীয়া বিশ্ব ভ্ৰমণৰ অন্তত টেক্সাছলৈ উভতি গৈছে। ভাৰতত থকাৰ সময়তে দুয়ো বান্ধৱীয়ে তাজমহলৰ সন্মুখত থিয় হৈ একেলগে এখন ফটো উঠিছিল। শেহতীয়াকৈ তেওঁলোকে সেই ফটোখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। কেৱল সেয়াই নহয়, প্ৰিয় বান্ধৱীদ্বয় ৰিক্সাত উঠি দিল্লীৰ ৰাজপথতো ঘূৰি ফুৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More