এশটকীয়া পেট্ৰ’ল বিক্ৰী হৈছে এটকাত

পেট্ৰ'ল পাম্পত দীঘলীয়া শাৰী

0 61

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ এপ্ৰিল : পাঁচখন ৰাজ্যৰ ভোট শেষ হোৱাৰ পিছতেই প্রত্যাশিতভাৱে দেশত ইন্ধনৰ মূল্য আকাশলংঘী হৈছে। টি-২০ ক্ৰিকেটৰ ৰান ৰেটৰ গতিত সলনি হৈছে পেট্র’ল-ডিজেলৰ ‘ৰেট-কার্ড’। দেশৰ অধিকাংশ চহৰতে পেট্র’লৰ দামে শতক পাৰ কৰিছে। ডিজেলেও বহু ঠাইত চেঞ্চুৰী পাৰ কৰিছে। এই পৰিস্থিতিত চৰকাৰৰ বিৰুদ্ধে ক্রমে সুৰ উচ্চ কৰিছে বিৰোধীপক্ষই। অসন্তুষ্ট সাধাৰণ জনতাও। ইয়াৰ মাজতেই অভিনৱ প্রতিবাদ দেখা গ’ল মহাৰাষ্ট্রৰ চোলাপুৰত। আম্বেদকাৰ জয়ন্তীত চোলাপুৰত পেট্র’ল বিক্ৰী হ’ল মাত্র এটকা প্রতি লিটাৰ দৰত। এটা সংগঠনে এটকা দৰত পেট্র’ল বিক্রীৰ এই কাৰ্যসূচী পালন কৰে। কেন্দ্রৰ বিৰুদ্ধে সৰৱ হয়েই এই অভিনৱ প্রতিবাদ। জনা গৈছে, চোলাপুৰৰ এটা পেট্র’ল পাম্পত এটকা দৰত পেট্র’ল বিক্রীৰ এই কাৰ্যসূচী পালন কৰি হৈছিল কালি। ‘চৈত্র চেল’ত সস্তাতে পেট্র’ল কিনিবলৈ মানুহৰ দীঘলীয়া শাৰীও লাগিছিল। অৱশ্যে এই বাম্পাৰ অফাৰৰ লাভ পালে মাত্র ৫০০ জনে। প্রতিজন ক্রেতাকেই মাত্র এক লিটাৰকৈ পেট্র’ল দিয়া হৈছে ১ টকা দৰত। তৎসত্ত্বেও মানুহৰ উৎসাহৰ ভিৰ উপচি পৰা দেখা যায় সেই পাম্পৰ বাহিৰত। পৰিস্থিতি যাতে নিয়ন্ত্রণৰ বাহিৰলৈ নাযায়, তাৰ বাবে আৰক্ষীয়ো মোতায়েন কৰা হৈছিল। জনা গৈছে, ড° আম্বেদকাৰ ষ্টুডেন্টছ এণ্ড য়ুথ পেন্থাৰ্ছ নামৰ সংগঠনটোৱে এই প্ৰতিবাদী অনুষ্ঠানৰ আয়োজন কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More