এসময়ত পৃথিৱী শাসন কৰা দেশ মহা সংকটত

৩০০ বছৰৰ ভিতৰত আৰ্থনীতিত ডাঙৰ আঘাত

0 31
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্টঃ এসময়ত এইখন দেশত ডুব যোৱা নাছিল বেলি! ইমানেই হৈছিল উন্নতি। পিছে এসময়ত দীৰ্ঘদিন ধৰি ভাৰতকে ধৰি বিশ্বৰ আন আন দেশ শাসন কৰা দেশখনৰ অৰ্থনীতি এতিয়া এক ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে। হয়, আপুনি ঠিকেই অনুমান কৰিছে। ব্ৰিটেইনৰ কথাই কৈছোঁ। ব্ৰিটিছ শাসনৰ পৰা স্বাধীন হোৱাৰ পাছত ভাৰতে মাত্ৰ সাতটা দশকৰ ভিতৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে ব্ৰিটিছ অৰ্থনীতিত ৩০০ বছৰৰ ভিতৰত সৰ্বাধিক অৱনতি ঘটিছে।
* অৰ্থনীতিত ক’ৰনাৰ কু-প্ৰভাৱ
এই প্ৰসংগত ৰয়টাৰ্ছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনত যেতিয়া সমগ্ৰ বিশ্বতে ক’ৰনাৰ ভয়াৱহ প্ৰভাৱ দেখা গৈছিল, তেতিয়া উৎপাদনৰ ক্ষেত্ৰত ব্ৰিটেইন আটাইতকৈ বেছি পিছ পৰি আছিল। তদুপৰি যোৱা সোমবাৰ ২২ আগষ্টত প্ৰকাশ কৰা চৰকাৰী তথ্যত প্ৰকাশ পাইছে যে বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতি ব্ৰিটেইনৰ অৰ্থনীতিত এই মহামাৰীয়ে যথেষ্ট প্ৰভাৱ পেলাইছে। যাৰ বাবে দেশৰ জিডিপি অন্যান্য প্ৰধান অৰ্থনীতিৰ পৰা বহু পিছ পৰি আছে।
* জিডিপি ১১ শতাংশ হ্ৰাস
এই প্ৰসংগত ৰাষ্ট্ৰীয় পৰিসংখ্যাৰ কাৰ্যালয়ে (ONS) এনে তথ্য প্ৰকাশ কৰিছে যিয়ে ২০২০ চনত ব্ৰিটেইনৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ১১ শতাংশতকৈ অধিক হ্ৰাস পোৱাৰ কথা প্ৰকাশ কৰিছে। এই সংখ্যা অ’এনএছে দিয়া পূৰ্বাভাসতকৈ বহু বেছি বুলি কোৱা হৈছে। তদুপৰি প্ৰতিবেদনত কোৱা হৈছে যে ১৭০৯ চনৰ পিছত দেশৰ জিডিপিৰ ই আটাইতকৈ বেছি হ্ৰাস।
* ‘গ্ৰেট ফ্ৰষ্ট’ৰ পিছত আটাইতকৈ ডাঙৰ পতন
ইয়াৰ পূৰ্বে অ’এনএছে অৰ্থনীতিত সংকোচনৰ পৰিসৰ সংশোধন কৰি ৯.৩ শতাংশলৈ লৈ গৈছিল। সেইটোৱেই আছিল প্ৰথম বিশ্বযুদ্ধৰ পিছত আটাইতকৈ ডাঙৰ হ্ৰাস। কিন্তু বৰ্তমানৰ জিডিপিৰ হ্ৰাস এই অনুমানতকৈ বহু বেছি হাৰত দেখা গৈছে। প্ৰতিবেদন অনুসৰি ১৭০৯ চনৰ ‘গ্ৰেট ফ্ৰষ্ট’ৰ পিছত ২০২০ চনটো ব্ৰিটেইনৰ বাবে উৎপাদনৰ আটাইতকৈ ডাঙৰ হ্ৰাস। আনকি, এই নতুন সংখ্যাই স্পেইনৰ সংখ্যাক অতিক্ৰম কৰিছে। সেই সময়ছোৱাত তাত উৎপাদন ১০.৮ শতাংশ হ্ৰাস পাইছিল।
* ৩০ ছেপ্টেম্বৰত ওলাব নতুন পৰিসংখ্যা
স্বাস্থ্যসেৱা আৰু খুচুৰা বিক্ৰেতাসকলৰ পৰা কম অৱদানক পূৰ্বতকৈ কম মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে। এই সন্দৰ্ভত অ’এনএছৰ অৰ্থনীতিবিদ ক্ৰেগ মেকলেৰেনে কয়— “স্বাস্থ্যসেৱাই আমি প্ৰথমতে আশা কৰাতকৈ অধিক খৰচৰ সন্মুখীন হৈছিল। অৰ্থাৎ অৰ্থনীতিলৈ ইয়াৰ সামগ্ৰিক অৱদান কম আছিল।” প্ৰসংগক্ৰমে জানিব পৰা গৈছে যে ২০২১ আৰু ২০২২ চনৰ প্ৰথমাৰ্ধৰ সামগ্ৰিক বৃদ্ধিৰ পৰিসংখ্যা অ’এনএছে ৩০ ছেপ্টেম্বৰত প্ৰকাশ কৰিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More