ঐক্যমতত কংগ্ৰেছ,ৰাইজৰ দল আৰু অজাপ

বিজেপিক ভেটিবলৈ তেজপুৰত বিৰোধী ৰাজনৈতিক দলৰ আলোচনা

0 24

 এ আই ইউ ডি এফক স্বীকাৰ নকৰে বিৰোধী ১১টা দলে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জুনঃ ৰাজ্যত অহা ২০২৪ ত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ সহযোগী দলৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ বাহিৰে সকলো বিৰোধী দলেই ঐক্যবদ্ধ ভাবে যুঁজ দিব৷ আজি তেজপুৰৰ হোটেল গ্ৰীণউদত অসম প্ৰদেশ কংগ্ৰেছৰে আলোচনাত মিলিত হোৱা ৰাইজৰ দল আৰু অজাপৰ দুই নেতা অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো মুঠ ১১টা বিৰোধী ৰাজনৈতিক দলেই এ আই ইউ ডি এফৰে মিত্ৰতা বিচৰা নাই বুলি কয়৷20230605 210523 আজি বিয়লি চাৰি বজাত আৰম্ভ হোৱা আলোচনাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাৰ লগতে দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনেও অংশ লয়৷প্ৰথমতে অজাপ দলৰ লুৰীণজ্যোতি গগৈৰে আলোচনা অনুষ্ঠিত হয় আৰু আলোচনাৰ অন্তত গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ২০২১ তো বিৰোধীৰ মাজত আলোচনাৰ এক বাতাবৰণ গঢ় লৈ উঠিছিল যদিও সময়ত সেয়া হৈ নুঠিল৷ কিন্তু এতিয়া এয়া সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ কয় “আমি কংগ্ৰেছৰে আলোচনাত বহিছো৷ ফলপ্ৰসু আলোচনা হৈছে৷ আলোচনাত অসমৰ সকলোবোৰ গুৰুতৰ জাতীয় সমস্যাই স্হান পাইছে৷ এই আলোচনা এজনৰ বিৰুদ্ধে বিৰোধীৰ এজন প্ৰাৰ্থীৰ সন্দৰ্ভত আলোচনা৷” অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ প্ৰসংগ উত্থাপন কৰি আনকি ৰাষ্ট্ৰীয় দল আপৰেও আলোচনাৰ কথা দোহাৰে৷ এ আই ইউ ডি এফক সাম্প্ৰদায়িক আৰু বিজেপিৰে এজেন্ট দল বুলি উল্লেখ কৰি এই দলটোক বাদ দি কি বাঁওপন্হী, কি আন চিন্তাধাৰাৰ দলেই নহওঁক কিয় সকলোৱে মিলি বিজেপি বিৰোধী ঐক্যমঞ্চৰে বিজেপিক পৰাভূত কৰাটোৱেই মূল লক্ষ্য বুলিও কয়৷ ইয়াৰ সুবাদতে এই আলোচনা অনুষ্ঠিত হৈছে আৰু পৰ্যায়ক্ৰমে এই বৈঠক পুণৰাই অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে আসনৰ কথা নিশ্চিতভাৱে আছে যদিও আসনৰ কথা নিজ দলৰ মজিয়াত পোনতে আলোচনা কৰাৰ পিছত ঐক্যমঞ্চত বিষয়টো সন্দৰ্ভত বুজাবুজিৰ কথা আহিব৷ মুঠতে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দলীয় আদৰ্শ আৰু দলীয় মতানৈক্য পৰিহাৰ কৰি এই মুহুৰ্তত কেৱল জাতিটোক উদ্ধাৰ কৰি খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিজেপি বিৰোধী শক্তি এক হোৱাটো প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে৷ তদুপৰি বিভিন্ন বিষয় নিস্পতি নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰাৰো তেওঁ বিৰোধিতা কৰি এয়া বিজেপিয়ে নিজা ৰাজনৈতিক স্বাৰ্থ পুৰণৰ লগতে ভোটবেংক সৃষ্টিৰ বাবেই কৰা এক ষড়যন্ত্ৰ বুলিও কয় লুৰীণজ্যোতি গগৈয়ে৷ তেওঁ লগতে কয় যে,আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে সংখ্যালঘু লোকক সহজ লক্ষ্য কৰি কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে৷ হিন্দু-মুছলমানৰ ৰাজনীতিৰে বিজেপিয়ে ভোটবেংক কিদৰে সুদৃঢ় কৰিব পাৰি তাকে চিন্তা কৰি এই ষড়যন্ত্ৰ ৰচিছে৷ যদি সমষ্টি মাইক্ৰ’বায়স্কপিক এনালাইচিছ কৰে তেন্তে ওলাই পৰিব সমষ্টি নিৰ্ধাৰণৰ কথা৷আনহাতে,ইয়াৰ পাছতে আলোচনাত মিলিত হয় অখিল গগৈ আৰু কংগ্ৰেছৰ নেতৃত্ব৷আলোচনাৰ অন্তত আজিৰ আলোচনা এশশতাংশ ফলপ্ৰসূ বুলি মন্তব্য কৰি ৰাইজৰ দলৰ নেতা তথা বিধায়কজনে কয় যে,২০২৪ ত বিজেপিক প্ৰতিহত কৰিব নোৱাৰিলে জাতিৰ অস্তিত্ব বিলোপ ঘটিব আৰু দেশৰ সংবিধানেই সলনি হ’ব৷বিজেপি বিৰোধী সকলো ৰাজনৈতিক শক্তি এইবাৰ একত্ৰিত হৈ যুঁজ দি বিজেপিক পৰাভূত কৰাটোৱেই হ’ব মূল লক্ষ্য বুলি প্ৰকাশ কৰি তেওঁ লগতে কয় যে,এই বিৰোধী ঐক্যৰ লক্ষ্য ২০২৪ ৰ লোকসভা নিৰ্বাচন যদিও ২০২৬ লৈকে এই একত্ৰিকৰণ থাকিব বুলি সদৰি কৰি লগতে কয় যে,সাম্প্ৰদায়িক এ আই ইউ ডি এফৰ বাহিৰে সকলো দলেই থাকিব এই শক্তিত৷এ আই ইউ ডি এফ আৰু বিজেপি একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি মন্তব্য কৰে অখিল গগৈয়ে৷এ আই ইউ ডি এফে টেবুলৰ তলৰে এই ঐক্যত সোমোৱাৰ বাবে চেষ্টা চলাই আছে আৰু সেয়ে প্ৰদেশ কংগ্ৰেছে সৰ্বভাৰতীয় নেতৃত্বক সাম্প্ৰদায়িক দলটোক যাতে সুযোগ নিদিয়ে সেই বিষয়ে জনাই দিছে বুলিও গগৈয়ে প্ৰকাশ কৰে৷তেওঁ ৰাজ্যত বিৰোধী ১১টা ঐক্যবদ্ধ ৰাজনৈতিক দলে এ আই ইউ ডি এফক যিকোনো মূল্যৰ বিনিময়ত এই ঐক্যৰ বাহিৰত ৰাখিব বুলিও কয়৷তদুপৰি আজিৰ আলোচনাত নিৰ্বাচনৰ ৰণনীতিৰ লগতে আসন বুজাবুজিৰ বিষয়েও ৰাইজৰ দলৰ বক্তব্য জনোৱা হৈছে বুলি বিধায়ক গগৈয়ে সদৰি কৰে৷২০২১তো বিৰোধী ঐক্যৰ বাবে ৰাইজৰ দলে কংগ্ৰেছৰে আলোচনা কৰিছিল বুলি উল্লেখ কৰি গগৈয়ে কয় যে,তেতিয়াও ৰাইজৰ দল আলোচনাৰ পৰা আতৰি যোৱা নাছিল৷ইফালে, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুত মাচুল সন্দৰ্ভত কৰা তুলু্ঙা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে জনপ্ৰতিনিধিৰ মুখত এনে মন্তব্যই শোভা নাপায় বুলি কয়৷সাম্প্ৰদায়িকতা,মূল্যবৃদ্ধিৰে ৰাইজক মাধমাৰ দিয়াৰ লগতে খিলঞ্জীয়া বিৰোধী বিজেপিৰ বিৰুদ্ধে এক উমৈহতীয়া আন্দোলন গঢ়ি তোলা হ’ব বুলিও কয়৷তেওঁ কয় যে,২০২৪ ৰ লোকসভা আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ডিলিমিটেচন প্ৰক্ৰিয়াটোক আগুৱাই নিয়াৰ চেষ্টা চলাইছে বিজেপিয়ে৷ খিলঞ্জীয়া অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষা কিদৰে বিজেপিয়ে কৰিব বুলি প্ৰশ্ন তুলি অখিলে কয় – উজনিৰ তিনিটা সমষ্টি ক্ৰমে শিৱসাগৰ, গোলাঘাট আৰু ডিব্ৰুগড় হ্ৰাস কৰি মৰিগাঁৱত চামিল কৰি মায়ঙত এটা নতুন সমষ্টি সৃষ্টিৰে হিন্দু বঙালী লোকৰ অনুসূচিত জাতিৰ ভোটবেংক গঢ় দিবলৈকে এই কৌশল ৰচনা কৰিছে৷ “গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছো আৰু কৰি যাম৷” বুলি অখিলে কয়৷তেওঁ কয় যে,আজিৰ আলোচনাত ১১টা বিৰোধী ৰাজনৈতিক দলে কি কি উমৈহতীয়া বিষয় বোৰ লৈ ৰাইজৰ ওচৰলৈ যাব,২০২৪ৰ পূৰ্বে এক উমৈহতীয়া আন্দোলন গঢ়ি তোলা,কোন দলে ক’ত আসন বিচাৰিব আদি বিষয়বোৰ আলোচনা কৰাৰ লগতে ৰাইজৰ দলে আজি তেওঁলোকে বিচৰা আসনৰ বিষয়েও জনোৱা বুলি কয়৷ইয়াৰ পূৰ্বে তেওঁ তেজপুৰৰ এগৰাকী ৯০উৰ্দ্ধৰ ক্ৰীড়াবিদ তথা শিল্পী চৌকত আলীৰ ঘৰত উপস্থিত হৈ তেওঁৰ খৱৰ লয়৷ইপিনে পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজিৰ আলোচনা সফল হোৱা বুলি প্ৰকাশ কৰে৷তেওঁ কয় যে,এ আই ইউ ডি এফৰ বিষয়টো ইতিমধ্যেই দলৰ কেন্দ্ৰীয় নেতৃত্বক জনোৱা হৈছে৷তেওঁ লগতে কয় ,“১১ টা বিজেপি বিৰোধী ৰাজনৈতিক দলৰ সংকল্পৱদ্ধ দৃঢ় সিদ্ধান্ত এয়াই যে – অসমত কেতিয়াও কোনো পৰিস্হিতিতে সাম্প্ৰদায়িক শক্তিক প্ৰশয় নিদিওঁ৷” প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰে হোৱা আলোচনা দোহাই দিয় কয় – নিতিশ কুমাৰে কাৰ লগত কথা পাতিছে সেইটো আমাৰ বাবে ডাঙৰ কথা নহয়৷ টেলেংগানাৰ ৰাজনৈতিক দলৰেও নিতিশ কুমাৰে কথা পাতিছে৷ আনকি দিল্লীত আপৰ স’তেও কথা পাতিছে৷ তেনেস্থলত কংগ্ৰেছ দলে এই মুহুৰ্তলৈকে আপ ৰ লগত কোনো কথা পতা নাই বুলি উল্লেখ কৰি বৰাই কয় যে – আমি ৰাজ্যত ১১টা দলৰে হোৱা সমূহীয়া সিদ্ধান্তৰ বিষয়ে দলৰ কেন্দ্ৰীয় নেতৃত্বক জনাই দিছো৷
গুৰুজনা শংকৰদেৱৰ অসমত সাম্প্ৰদায়িক শক্তিৰ কোনো স্হান নাই বুলি লগতে বৰাই স্পষ্ট কৰি দিয়ে৷আনহাতে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,বিষয়টোকলৈ উজনিৰ আহোম জনগোষ্ঠীৰ লোক সকল শংকিত হৈছে৷ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াটো নিয়ম অনুসৰি হোৱা নাই বুলি কোৱাৰ লগতে এইবাবেই কংগ্ৰেছৰ ইয়াত বিৰোধিতা আছে আৰু এইবিষয়ে দেশৰ নিৰ্বাচন আয়োগক জনোৱা হৈছে বুলিও তেওঁ কয়৷তেওঁ আৰু কয় যে,২০২৬ত সমগ্ৰ দেশতে সমষ্টি সমূহ পুনৰ নিৰ্দ্ধাৰণ হ’ব আৰু তেনেস্থলত এতিয়া ৰাজ্যত সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ কোনো যুক্তি নাই৷বিদ্যুত মাচুল মাত্ৰ ৩০পইচাকৈ বঢ়া বুলি কৈ মুখ্যমন্ত্ৰীয়ে ৰাইজক উপলুঙা কৰা বুলি মন্তব্য কৰি হুছেইনে লগতে কয় যে তেওঁ কিন্তু কিমান ইউনিটত মাচুল বৃদ্ধি পাইছে সেয়া কোৱা নাই৷বৰ্তমান ৰৰইজে পূৰ্বে পাঁচশ টকাৰ সলনি তিনিহেজাৰ টকা মাচুল আদায় দি হাঁহাকাৰ অৱস্থাৰ সন্মুখীন হোৱা বুলি কয়৷ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে অৰুণাচল,নগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ স’তে আলোচনাত বহিলেই ৰাজ্যৰ সীমাত সংঘাত হয় বুলি মন্তব্য কৰি আজি অৰুণাচলৰ দুৰ্বৃত্তই অসমৰ দুজন লোকক হত্যা কৰাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি এয়া দুৰ্ভাগ্যজনক আখ্যা দিয়ে৷তেওঁ কয় যে,কংগ্ৰেছে অসমৰ মাটি এৰি নিদিয়াকৈ ৰাখিছিল আৰু বিষয়বোৰৰ মীমাংসা নোহোৱাকৈ এতিয়াৰ মুখ্যমন্ত্ৰীজনে দিল্লীত তেওঁ সীমা সমস্যাকলৈ কোনোৱে কৰা মন্তব্যত লাজ পোৱাৰ বাবেই সীমা সমস্যা খৰতকীয়াকৈ নিঃশেষ কৰিবলৈ গৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More