অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰীত ৰক্তাক্ত পৰিস্থিতি

 অৰুণাচলী দুৰ্বৃত্তৰ হাতে হাতে দা বন্দুক লৈ ভূমি সুৰক্ষা সমিতিৰ লোকক আক্ৰমণ

0 208
  • অৰুণাচলী দুৰ্বৃত্তই গুলিয়াই নিহত কৰিলে দুজনক, আহত দুজন
  • তিনিজনক অপহৰণ
    শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ৫ জুনঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰী কেঁচাই খাটনিত আজি সীমাক লৈ সীমামূৰীয়া দুয়োখন ৰাজ্যৰ বাসিন্দাৰ মাজত পুনৰ ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এই ৰক্তাক্ত পৰিস্থিতিত অসমৰ দুগৰাকী লোক নিহত আৰু দুগৰাকী লোক গুৰুতৰভাৱে আহত হ’ব লগা হয় ৷ তদুপৰি অৰুণাচলী দুৰ্বৃত্তই অসমৰ তিনিগৰাকী লোকক অপহৰণ কৰি নিছে ৷ ঘটনাৰ বিৱৰণি মতে গোগামুখ ৰাজহ চক্ৰ তথা গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰীৰ কেঁচাই খাটনিত পাণবাৰী সীমান্ত ভূমি সুৰক্ষা সমিতিৰ ৩০-৪০ জনীয়া সদস্যৰ দলে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পুৱা প্ৰায় ১০ বজাত উপস্থিত হৈ গছপুলি ৰোপনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছিল ৷ কিন্তু এনে সময়তে অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ নাৰি আৰক্ষী থানা তথা কংকুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলনী গাল’ গাঁৱৰ জাক জাক অৰুণাচলী পুৰুষ-মহিলাই হাতে হাতে বন্দুক, দা, কুঠাৰ লৈ পথব্ৰজে আহি গছপুলি ৰোপণ কাৰ্যসূচী বাধা দিবলৈ ওলাই আহে ৷ ঠিক একে সময়তে হাতে হাতে বন্দুক লৈ আন এটা অৰুণাচলী ১০-১৫ জনীয়া দুৰ্বৃত্তৰ দলে গছপুলি ৰোপন স্থলীত এখন বলেৰ’ গাড়ী লৈ উপস্থিত হৈ আৰু সীমান্ত ভূমি সুৰক্ষা সমিতি তথা অসমৰ লোক সকলৰ ওপৰত বন্য উল্লাহেৰে যধে-মধে গুলি চলাবলৈ ধৰে ৷ কিংকৰ্তব্য বিমূঢ় হৈ ভূমি সুৰক্ষা সমিতিৰ সদস্যসকল প্ৰাণৰ ভয়ত পলাবলৈ ধৰে ৷ কিন্তু তাৰ আগতে অৰুণাচলী দুৰ্বৃত্তৰ গুলিত মৃত্যুক সাৱতি লৈ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰ চুতীয়াকাৰী গাঁৱৰ বগা চুতীয়াই ৷ ঘটনাস্থলীত গুৰুতৰ বাবে আহত মনিটুৰ গগৈক ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও ধেমাজি অসামৰিক চিকিৎসালয়ত মনিটুৰ গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰৰ কমলপুৰ গাঁৱৰ বাসিন্দা মনিটুৰৰ বুকুত গুলি লগাৰ বিপৰীতে বগা চুতীয়াৰ মুৰৰ সোঁফালে গুলি লাগি মৃত্যু হৈছে ৷ অৰুণাচলী দুৰ্বৃত্তৰ গুলিত গুৰুতৰ বাবে আহত হৈ মৃত্যুৰ সৈতে যুঁজ দি আছে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰ কমলপুৰ গাঁৱৰ নিৱাসী অকণি গোঁহাই আৰু পুস্প গগৈয়ে ৷ অৰুণাচলী দুৰ্বৃত্তই আন তিনিগৰাকী অসমৰ লোকক অপহৰণ কৰি নিয়া বুলি জানিব পৰা গৈছে যদিও এই বাতৰি যুগুত কৰা সময়লৈকে অপহৃত ব্যক্তি সকলৰ সম্পূৰ্ণ তথ্য লাভ কৰিব পৰা নাই ৷ উল্লেখনীয় যে, ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰী কেঁচাই খাটনিৰ ভূমি তথা সীমাক লৈ দীৰ্ঘদিনে অসম-অৰুণাচল প্ৰদেশৰ সীমামুৰীয়া উক্ত অঞ্চলৰ লোকৰ মাজত সংঘাত চলি আছে ৷ একাংশ অৰুণাচলীয়ে অসমৰ এক সুবিশাল ভূমি বে-দখল কৰি দীৰ্ঘদিনে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে ৷ অৰুণাচল প্ৰদেশৰ প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগত অৰুণাচলী দুৰ্বৃত্তই অসমৰ সীমামুৰীয়া ৰাইজক ভয়-ভাবুকি দি এই সুবিশাল ভূমি বে-দখল কৰাই নহয় সীমান্তবাসী অসমৰ লোকে কৰা খেতিসমূহ জ্বলাই ছাৰখাৰ কৰাৰ লগতে অসম চৰকাৰৰ বন বিভাগে ৰোপণ কৰা মূল্যৱান হেজাৰ হেজাৰ গছ-গছনি কাটি তহিলং কৰি আহিছে ৷ ইয়াৰ বিপৰীতে উক্ত সুবিশাল ভূমিক লৈ অসম চৰকাৰ আৰু ধেমাজি জিলা প্ৰশাসনে নৰম সৃষ্টি গ্ৰহণ কৰি আহিছে ৷ যিটোক কেন্দ্ৰ কৰি অসমৰ সীমামূৰীয়া বাসিন্দা সকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে ৷ আজি অৰুণাচলী দুৰ্বৃত্তই অসম চৰকাৰৰ প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি পূৰ্ব পৰিকল্পিতভাৱে অসমৰ সীমামুৰীয়া বাসিন্দাক সম্পূৰ্ণ দানবীয় কায়দাৰে অতি বৰ্বৰ তথা নৃশংসতাৰে যধে-মধে গুলি চলাই আক্ৰমণটো সংঘটিত কৰিছিল ৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে পূৰ্বে অৰুণাচল প্ৰদেশৰ চিলনী গাল’ গাঁৱত দুুই তিনিটা পৰিয়ালৰ হাততহে বন্দুক আছিল ৷ কিন্তু এতিয়া চিলনি গাল’ গাঁৱৰ প্ৰায়বোৰ পৰিয়ালতে বন্দুক মজুত থকা বুলি অভিযোগ উত্থাপন হৈছে ৷ চিলনী গাল’ গাঁৱৰ গাঁওবুঢ়াৰ নেতৃত্বতে এই বন্দুকবোৰ লাভ কৰিছে ৷ আনকি আজিৰ বৰ্বৰ আক্ৰমণৰ ঘটনাটো চিলনী গাল’ গাঁৱৰ তথাকথিত গাঁওবুঢ়া গৰাকীৰ প্ৰত্যক্ষ উচতনিত সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ বৰ্তমান ঘটনাস্থলীত ধেমাজি জিলাৰ বিশাল আৰক্ষী বাহিনী আৰু প্ৰশাসনিক বিষয়া সকল উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে যদিও অৰুণাচলী দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ কোনো প্ৰচেষ্টা চলোৱা দেখা নাই ৷ সম্প্ৰতি সমগ্ৰ অঞ্চলটো তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More