ঐতিহ্যমণ্ডিত বাৰচহৰীয়া ভাওনা উপলক্ষে মানসী শৰ্মাৰ সুৰ আৰু কন্ঠৰ আকৰ্ষণীয় শ্ৰাব্য গীত উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ 

0 12
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১১ ফেব্ৰুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰচহৰীয়া ভাওনা মহোৎসৱ উপলক্ষে জামুগুৰি হাটৰ জীয়ৰী বিশ্বনাথৰ বোৱাৰী সু-কণ্ঠি গায়িকা মানসী শৰ্মাৰ সুৰ আৰু কণ্ঠত “আমাৰ বাৰচহৰীয়া” শীৰ্ষক এটি আকৰ্ষণীয় গীত প্ৰস্তুত কৰি উলিওৱা হৈছে। কালি বাৰচহৰীয়া ভাওনা মহোৎসৱৰ মুল কাৰ্যালয়ত  এই বিশেষ শ্ৰাৱ্য গীতটি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শুভ মুক্তি দিয়া হয়।উদযাপন সমিতিৰ সভাপতি তথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিক ভাৱে মুকলি কৰা এই শুভ অনুষ্ঠানত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভৱ গোস্বামী, সম্পাদক দ্বয় জয়ন্তবৰা, অঞ্জন কলিতা, সহকাৰী সম্পাদক প্ৰদীপ হাজৰিকা, ভাওন পৰিচালনা সমিতিৰ সভাপতি  শৈলেন বৰকটকী, সম্পাদক দ্বয় মনজ্যোতি হাজৰিকা আৰু মুকুত বৰুৱা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্য জীৱন বৰা প্ৰমুখ্যে উদযাপন সমিতিৰ ভালেকেইজন বিষয় ববীয়া আৰু সদস্য উপস্থিত থাকে। প্ৰদৰ্শনী বিভাগৰ সভাপতি নিতুমনি বৰাই আাতঁধৰা এই অনুষ্ঠানত কণ্ঠশিল্পী মানসী শৰ্মাই আৰম্ভনিতে বিধায়ক গৰাকীক আদৰণি জনায়। উল্লেখ্য যে গীতটিৰ কথা প্ৰদ্যুন্ম হাজৰিকা আৰু সংগীত লিখেন্দ্ৰ শৰ্মাৰ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More