কণক চন্দ্ৰ কলিতাক ‘কমলা শইকীয়া বটাঁ-শ্মশান বন্ধু উপাধি প্ৰদান’

৩২ বছৰে ন্যায়ৰ পৰা বঞ্চিত ছহিদ সাংবাদিক কমলা শইকীয়াৰ পৰিয়াল

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৯ আগষ্টঃ ১৯৯১ চনৰ ৯ আগষ্টত আততায়ীৰ গুলীত নিহত হোৱা ৰাজ্যৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি তেজপুৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত আজি পুৱা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে ছহিদ সাংবাদিক গৰাকীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে অৱসৰ প্ৰাপ্ত অধ্যাপক তথা তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক গণকন্ঠ কাকতৰ মুখ্য সম্পাদক ড° প্ৰাণজিৎ হাজৰিকাই। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত অংশ গ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক অভিজিৎ বৰাই কয় যে, সাংবাদিক হত্যা এক দুৰ্ভাগ্যজনক ঘটনা। বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তত সাংবাদিক সকল কতো সুৰক্ষিত নহয়। আনকি মহিলা সাংবাদিক সকলো বিভিন্ন সময়ত নিৰ্যাতনৰ বলি হৈ অহা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বৰ্তমান সময়ত এজন সাংবাদিকৰ বাতৰি সংগ্ৰহ তথা পৰিবেশন আদিত আহি পৰা সমস্যা আহি পৰিছে৷ তেওঁ এই সমূহ দূৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। অধ্যাপক বৰাই পুনৰ এদিন সংবাদ ক্ষেত্ৰলৈ ভাল দিন আহিব বুলি আশা ব্যক্ত কৰে। ছহিদ সাংবাদিক গৰাকীৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে তেজপুৰ চহৰৰ এল বি ৰ’ড নিবাসী কনক চন্দ্ৰ কলিতাক কমলা শইকীয়া স্মাৰক বটা প্ৰদান কৰে।সংবাদিক সংস্হাটোৱে সমাজলৈ বিভিন্ন ক্ষেত্ৰত বিশেষ আৰু নিস্বাৰ্থ বৰঙনি আগবঢ়াই অহা একোজন ব্যক্তিলৈ এই সন্মান আগবঢ়াই আহিছে৷ উল্লেখ্য যে, হাইস্কুলীয়া জীৱনতে আত্মীয় স্বজন নথকা এজন ব্যক্তিক অকলশৰীয়া ভাবে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি সাহস আৰু মনোবল গোটোৱা কলিতাই ছয় হেজাৰোধিক লোকৰ প্ৰত্যক্ষ বা পৰোক্ষভাবে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছে বৰ্তমানলৈকে।তদুপৰি, কলিতাই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ব্যক্তিৰ বিয়োগত শ্ৰাদ্ধ আদি অনুষ্ঠিত কৰি নীৰৱে নিজ সেৱাৰ জড়িয়তে মহানুভৱতাৰ ডাঙি ধৰিছে।ওৰেটো জীৱন মানব সেৱাত ব্ৰতী হৈ অহা সমাজ সেৱক কলিতাই তেওঁৰ কৰ্মক স্বীকৃতি প্ৰদান কৰি আজি এনেদৰে প্ৰথমবাৰলৈ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে সম্বৰ্ধনা, কমলা শইকীয়া বটাঁ প্ৰদান কৰাৰ লগতে শ্মশান বন্ধু উপাধিৰে বিভূষিত কৰাত কলিতাই কৃতজ্ঞতা প্ৰকাশ কৰে৷ ৮২ বছৰীয়া বৰ্ষীয়ান ব্যক্তি গৰকীয়ে আজিৰ এই সন্মানে তেওঁক এই সেৱা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা যোগোৱা বুলি কয়। জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানত সঞ্চালক ড০ প্ৰাণজিৎ হাজৰিকাই কয় যে, ১৯৯১ তে আততায়ীৰ হাতত নিহত হোৱা অসমৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়াৰ পৰিয়ালে ৩২ বছৰ পিছতো ন্যায় লাভৰ পৰা বঞ্চিত হৈ থাকিল। অসমত কেৱল কমলা শইকীয়াই নহয় ইয়াৰ পাছত ধাৰাবাহিক ভাৱে সাংবাদিক হত্যাৰ বলি হৈ ইয়াৰ সংখ্যা হৈছে গৈ ২৬ জনলৈ বৃদ্ধি পাইছে বুলি তেওঁ কয়। অসমৰ. দৰে এখন ৰাজ্যত ২৬ জনকৈ সাংবাদিকক হত্যা কৰাটো দুৰ্ভাগ্যজনক বুলি তেওঁ উদ্বিগ্নতা প্ৰকাশ হোৱাৰ বিষয়ে উল্লেখ কৰি ড° হাজৰিকাই আৰু কয় যে,কেৱল অসমতে নহয় সমগ্ৰ বিশ্বতে সাংবাদিক হত্যাৰ ঘটনা অভাৱনীয় ভাবে বৃদ্ধি পাইছে । এনে পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰ সংঘই ২০২২ ত সাংবাদিক সুৰক্ষা বৰ্ষ হিচাপে ঘোষণা কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, ৰামায়ণ – মহাভাৰতৰ যুগৰ পৰা সাংবাদিকতা চলি অহা দেশখনত বৰ্তমান সাংবাদিক সুৰক্ষিত নোহোৱাটো দুৰ্ভাগ্যজনক৷ উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী অঞ্জলি কলিতা, প্ৰাক্তন ছাত্ৰ নেতা কুলেন ভৰালী, নৱজ্যোতি ডেকা,নৃপেন শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More